Ad

Ad Space

Slider

: জাহ্নবী : এটি কবিতা ✒ চাও নুৰুছেঙ মহুঙ

অ' টাই আহোম লিপিৰে বুকু ভৰা "জাহ্নবী" । তই "মোবাইল এণ্ড্ৰইদ keypad" নামেৰে জগত জিনিলি । "জাহ্নবী" নহয় মাথো *Play store* জগতৰ এণ্ড্ৰইদৰ কিবৰ্ড ।। তই আমাৰ মান , টাই আহোম জাতিৰ প্ৰাণ ।। তোৰ শক্তি, তোৰ বুকুৰ টাই-লিপি , তয়ে জগতক ঘৰতে চিনাকি দিবি বুৰঞ্জীয়ে সাচি ৰখা টাই-লিপি । Google ৰ জগতত জাহ্নবী এটি কবিতা ✒ চাও নুৰুছেঙ মহুঙ
0


...... *জাহ্নবী* ....
অ'
টাই আহোম লিপিৰে বুকু ভৰা
"জাহ্নবী" ।
তই
"মোবাইল এণ্ড্ৰইদ keypad"
নামেৰে জগত জিনিলি ।
"জাহ্নবী" নহয় মাথো
*Play store* জগতৰ
এণ্ড্ৰইদৰ কিবৰ্ড ।।
তই আমাৰ মান ,
টাই আহোম জাতিৰ প্ৰাণ ।।
তোৰ শক্তি,
তোৰ বুকুৰ টাই-লিপি ,
তয়ে জগতক ঘৰতে চিনাকি দিবি
বুৰঞ্জীয়ে সাচি ৰখা টাই-লিপি ।
Google ৰ জগতত
তুমাৰ সম্ভাবনা দিলে
unicode ৰ সৃকীত্তিত ।।
পাহৰি নাজাবি
'ষ্টিফেন মৰে' ; চাই ছোৱেন, মাৰ্টিন হস্কেন, কানিংহামে আৰু মেদিনী মহনক ।
তোৰ অস্তিত্ত্বক জীপাল কৰিলে
মানচাও উৎপল ফুকন ম ই ।
তোৰ অভিভাৱক
টাই আহোম জাতি,
তোৰ দায়িত্ব আজি বুজিছেনে ?
অ' টাই আহোমৰ
এণ্ড্ৰইদ keypad জাহ্নবী ;
তোক লগত লৈ
জাতি গঢ়াৰ অনুশীলনৰ সপোন ।
তোৰ সাৰথিৰে
বিশ্ব দৰবাৰত জিলিকি উঠিব
টাই আহোম লিপিৰ পৰিচয় ।।
আমি আবেগিক
তুৰ কৰ্মদক্ষতা লৈ ।
তোৰ প্ৰয়োজনতাক তুচ্ছ কৰা
এচাম জাতিদ্ৰোহিক ।
কেৰেপ কৰাৰ
সময় যে কাৰোৱে নাই ।।
"জাহ্নবী" তোৰ প্ৰগতি হ'ব ।
তোৰ উন্নত সংস্কৰণ হ'ব ।।
সকলোতে তোৰ ব্যৱহাৰ হ'ব ।।
ফুৰা তেৰাই তোক জনমিঙ দিয়ক ।।
তোক তুচ্ছ কৰাসকলে
এদিন বাধ্য হ'ব ই লাগিব
তোক ব্যৱহাৰ কৰিবলৈ ।।
ই টাই জাতিৰ অভয় বাণী ।।
টাই আহোম পে অঙ লে ।।
"জাহ্নবী কিবৰ্ড" পে অঙ লে ।।
... চাও নুৰুছেঙ মহুঙ
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧