Ad

Ad Space

এতিয়াও ফোনত টাই আহোম লিপি ব্যৱহাৰ কৰিব পৰা নাই


TaiAhom.com
==এণ্ড্ৰ'ইড ৫,৬,৭,৮ আৰু টাই আহোম লিপি==
যিসকলে এতিয়াও ফোনত টাই আহোম লিপি ব্যৱহাৰ কৰিব পৰা নাই তেওঁলোকে এইখিনি কথা পঢ়ি চাব পাৰে।
আপোনাৰ ফোনটো যদিহে এণ্ড্ৰ'ইড ৯ নহয় তেন্তে আপুনি আহোম লিপি ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ আখৰবোৰ দেখা পাবৰ বাবে প্ৰয়োজনীয় ফণ্ট বা আখৰৰ আৰ্হি আপোনাৰ ম'বাইলত নাই। সেইবাবে আপুনি প্ৰথম ফণ্টটো ইনষ্টল কৰিব লাগিব। পিছে এণ্ড্ৰ'ইডৰ অসুবিধা হ'ল যে ইয়াত পোনে পোনে ফণ্ট ইনষ্টল কৰিব পৰা নহয়। ফণ্ট ইনষ্টল কৰিবলৈ হ'লে আপুনি প্ৰথম ফোনটো ৰুটিং (অৰ্থাৎ gaining admin level access) কৰিব লাগিব।
কেনেকৈ ৰুটিং কৰিব :—
১) যদি আপোনাৰ এণ্ড্ৰ'ইড সংস্কৰণ ৫ তেন্তে KingoRoot নামৰ এপ এটাৰে আপুনি ৰুটিং কৰিব পাৰে।
২) এপেৰে ৰুটিং নহ'লে আপুনি কম্পিউটাৰৰ সহায়ত ৰুটিং কৰিব লাগিব। এই পদ্ধতিটো অলপ কাৰিকৰী। twrp নামৰ ৰিক'ভাৰী ছফ্টৱেৰ আপুনি কম্পিউটাৰৰ সহায়ত ম'বাইলত সংস্থাপন কৰিব লাগিব আৰু twrp ৰ সহায়ত মবাইলত SuperSu বা Magisk নামৰ এপ ইনষ্টল কৰিব লাগিব। পিছে ম'বাইলৰ ব্ৰেণ্ড আৰু মডেল অনুসৰি twrp ৰ ফাইলবোৰ বেলেগ বেলেগ হয়। সঠিক ফাইল নহ'লে সমস্যা হ'ব। পৰাপক্ষত নাজানিলে এইটো পদ্ধতি অৱলম্বন নকৰাই ভাল।
৩) এইটো এটা অভিনৱ আৰু নতুন পদ্ধতি। ইয়াৰ সহায়ত কম্পিউটাৰ নোহোৱাকৈ মাত্ৰ এটা ক্লিকতে আপুনি ৰুটিং কৰিব পাৰিব। তাৰবাবে আপোনাৰ ম'বাইলৰ RAM আৰু ROM(মানে খালি ঠাই) ন্যূনতম ২ জিবি আৰু এণ্ড্ৰ'ইডৰ সংস্কৰণ ন্যূনতম ৫.১ হোৱা উচিত। পৰাপক্ষত ৩ জিবি হ'লে ভাল। তাৰপাছত VMOS নামৰ এপটো https://play.google.com/store/apps/details?id=com.vmos.glb লিংকৰ পৰা নমাই ইনষ্টল কৰি লওক। এই এপটোৱে আপোনাৰ ম'বাইলত ইতিমধ্যে থকা এণ্ড্ৰ'ইডৰ ভিতৰত আন এটা এণ্ড্ৰ'ইড সংস্কৰণ ৫.১.১ সংস্থাপিত কৰে। মজাৰ কথা এয়ে যে নতুন এণ্ড্ৰ'ইডটোত আপুনি ইচ্ছামতে ফেইচবুক, ৱাটছএপ, প্লে-ষ্ট'ৰ আদি ইনষ্টল কৰিব পাৰিব। আৰু এইটো মাত্ৰ এটা ক্লিকতে ৰুটিং কৰিব পাৰি। এই vmos টো আপুনি ৰুটিং কৰি আহোম ফণ্টটো সংস্থাপিত কৰি ইয়াত ফেইচবুক, ৱাটছএপ চলালে কোনো অসুবিধা নোহোৱাকৈ টাই আহোম লিপি ব্যৱহাৰ কৰিব পাৰিব। মন কৰিব ইয়াত কিবা কৰিলেও মূল এণ্ড্ৰ'ইডৰ কোনো সালসলনি নহয়।
(ৰুটিং কৰাৰ পাছত আহোম ফণ্টটো কেনেকৈ সংস্থাপিত কৰিব লাগে তাৰবাবে Utpal Phukon সৈতে ইনবক্সত যোগাযোগ কৰিব।)

Learning Tai Ahom Video | Characteristics of Tai Ahom Language | 𑜄𑜂𑜫 𑜀𑜢𑜂𑜫 𑜁𑜪𑜨 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤

𑜎𑜩 𑜏𑜂𑜫 𑜋𑜈𑜫 𑜁𑜣 𑜃𑜪 - ডাম চাও হেম বুঢ়াগোহাঞিৰ ৰচিত এটি গীতৰ কিয়দাংশ

TaiAhom.com Ahom poem, Sad, Poem, Ahom Language


𑜎𑜩 𑜏𑜂𑜫 𑜋𑜈𑜫 𑜁𑜣 𑜃𑜪
𑜎𑜩 𑜏𑜂𑜫 𑜋𑜈𑜫 𑜍𑜆𑜫 𑜃𑜪
𑜒𑜈𑜫 𑜓𑜩 𑜋𑜪 𑜈𑜈𑜫 𑜒𑜈𑜫 𑜓𑜩 𑜃𑜦𑜧 .....
𑜏𑜢𑜤𑜂𑜫 𑜏𑜣 𑜌𑜩𑜨 𑜈𑜃𑜫 𑜏𑜩 𑜇𑜃𑜫
𑜎𑜤𑜀𑜫 𑜃𑜃𑜫 𑜈𑜈𑜫 𑜓𑜩 𑜑𑜃𑜫
𑜁𑜧 𑜋𑜧𑜨 𑜏𑜣 𑜁𑜪 𑜁𑜈𑜫 𑜎𑜩 𑜏𑜂𑜫 𑜀𑜡 𑜊𑜧
𑜁𑜡 𑜏𑜣 𑜒𑜢𑜀𑜫 𑜂𑜢𑜤𑜃𑜫𑜽

-কিহৰ বাবে ইমান আকুল
কিহৰ বাবে মন বিয়াকুল
পোৱাৰ বাবে নে
নোপোৱাৰ বাবে……
সপোনৰ বালিঘৰ মিছাতে সাজি
দিঠকত সেই ৰূপ একো নেদেখি
ভাবিলে ভাবনা কিয়নো বাঢ়ে
বিচাৰি তৃষিত ধন!
-ডাম চাও হেম বুঢ়াগোহাঞিৰ ৰচিত এটি গীতৰ কিয়দাংশ)



------------Medini Mohan

: জাহ্নবী : এটি কবিতা ✒ চাও নুৰুছেঙ মহুঙ



...... *জাহ্নবী* ....
অ'
টাই আহোম লিপিৰে বুকু ভৰা
"জাহ্নবী" ।
তই
"মোবাইল এণ্ড্ৰইদ keypad"
নামেৰে জগত জিনিলি ।
"জাহ্নবী" নহয় মাথো
*Play store* জগতৰ
এণ্ড্ৰইদৰ কিবৰ্ড ।।
তই আমাৰ মান ,
টাই আহোম জাতিৰ প্ৰাণ ।।
তোৰ শক্তি,
তোৰ বুকুৰ টাই-লিপি ,
তয়ে জগতক ঘৰতে চিনাকি দিবি
বুৰঞ্জীয়ে সাচি ৰখা টাই-লিপি ।
Google ৰ জগতত
তুমাৰ সম্ভাবনা দিলে
unicode ৰ সৃকীত্তিত ।।
পাহৰি নাজাবি
'ষ্টিফেন মৰে' ; চাই ছোৱেন, মাৰ্টিন হস্কেন, কানিংহামে আৰু মেদিনী মহনক ।
তোৰ অস্তিত্ত্বক জীপাল কৰিলে
মানচাও উৎপল ফুকন ম ই ।
তোৰ অভিভাৱক
টাই আহোম জাতি,
তোৰ দায়িত্ব আজি বুজিছেনে ?
অ' টাই আহোমৰ
এণ্ড্ৰইদ keypad জাহ্নবী ;
তোক লগত লৈ
জাতি গঢ়াৰ অনুশীলনৰ সপোন ।
তোৰ সাৰথিৰে
বিশ্ব দৰবাৰত জিলিকি উঠিব
টাই আহোম লিপিৰ পৰিচয় ।।
আমি আবেগিক
তুৰ কৰ্মদক্ষতা লৈ ।
তোৰ প্ৰয়োজনতাক তুচ্ছ কৰা
এচাম জাতিদ্ৰোহিক ।
কেৰেপ কৰাৰ
সময় যে কাৰোৱে নাই ।।
"জাহ্নবী" তোৰ প্ৰগতি হ'ব ।
তোৰ উন্নত সংস্কৰণ হ'ব ।।
সকলোতে তোৰ ব্যৱহাৰ হ'ব ।।
ফুৰা তেৰাই তোক জনমিঙ দিয়ক ।।
তোক তুচ্ছ কৰাসকলে
এদিন বাধ্য হ'ব ই লাগিব
তোক ব্যৱহাৰ কৰিবলৈ ।।
ই টাই জাতিৰ অভয় বাণী ।।
টাই আহোম পে অঙ লে ।।
"জাহ্নবী কিবৰ্ড" পে অঙ লে ।।
... চাও নুৰুছেঙ মহুঙ

𑜇𑜢𑜂𑜫 𑜏𑜤𑜆𑜫 𑜏𑜨𑜂𑜫 𑜒𑜃𑜫


Two Lips - Thomas Hardy TaiAhom.com

জাহ্নৱী (আহোম) ব্যৱহাৰ কৰি আহোমলৈ থমাছ্ হাৰ্ডিৰ কবিতা এটি অনুবাদ কৰিবলৈ চেষ্টা কৰা হৈছে- This poem translated by Medini Mohan


𑜇𑜢𑜂𑜫 𑜏𑜤𑜆𑜫 𑜏𑜨𑜂𑜫 𑜒𑜃𑜫
𑜀𑜈𑜫 𑜎𑜩 𑜋𑜤𑜆𑜫 𑜁𑜈𑜫 𑜃𑜧 𑜋𑜧𑜨 𑜈𑜤𑜃𑜫 𑜃𑜂𑜫 -𑜀𑜈𑜫 𑜉𑜡 𑜊𑜧
𑜀𑜩 𑜃𑜧 𑜍𑜢𑜤𑜂𑜫 𑜀𑜂𑜫 𑜃𑜧 ;
𑜀𑜈𑜫 𑜎𑜩 𑜋𑜤𑜆𑜫 𑜁𑜈𑜫 𑜃𑜢𑜤𑜈𑜫 𑜉𑜃𑜫 𑜆𑜄𑜫 𑜍𑜂𑜫
-𑜉𑜃𑜫 𑜃𑜂𑜫 𑜈𑜈𑜫 𑜍𑜥 𑜊𑜧𑜽
𑜀𑜈𑜫 𑜎𑜩 𑜋𑜤𑜆𑜫 𑜁𑜈𑜫 𑜄𑜂𑜫 𑜍𑜀𑜫 𑜄𑜂𑜫 -𑜆𑜢𑜤𑜂𑜫𑜄𑜂𑜫 𑜁𑜥
𑜉𑜢𑜤𑜈𑜫 𑜃𑜃𑜫 𑜃𑜂𑜫 𑜍𑜥 𑜄𑜂𑜫 𑜊𑜧, 𑜆𑜢𑜃𑜫 𑜍𑜣 𑜃𑜪𑜽
𑜃𑜩 𑜀𑜦𑜡 𑜀𑜈𑜫 𑜄𑜦𑜧 𑜎𑜩 𑜋𑜤𑜆𑜫 𑜁𑜈𑜫𑜃𑜧
-𑜃𑜤𑜂𑜫 𑜇𑜡 𑜇𑜢𑜤𑜀𑜫 𑜀𑜤𑜃𑜫 𑜓𑜪
𑜉𑜃𑜫 𑜃𑜂𑜫 𑜈𑜈𑜫 𑜍𑜥 𑜊𑜧 𑜽


( Two Lips
- Thomas Hardy
.
I kiss them in a fancy as I came
Away in the morning glow;
I kiss them through the glass of her picture Frame:
She did not know.
I kiss them in love in troth, in laughter
When she knew all; long so!
That I should kiss them in a shroud therafter
She did not know.)
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧