Ad

Ad Space

Slider

ম’লুঙ আৰু ম' নিৰ্বাচন প্ৰক্ৰিয়া আৰু পালনীয় নীতি নির্দেশনা আৰু ৰৌন্‌ চাও ছেঙ্ নিৰ্মান

0



সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদৰ উদ্যোগত আৰু কুম কুন খাও ফু ৰা লুঙ (সমাজ) অসমৰ সহযোগত টেঙাপুখুৰী বানটুঙ নগৰত ০৮ আৰু 09 জুন 2022 তাৰিখে অনুষ্ঠিত হোৱা ছাই ফা খন মিঙৰ ম' লুঙ সমাৰোহত তিনি সংগঠনৰ সৰ্বসন্মতি ক্রমে গৃহিত :

ম’লুঙ আৰু ম' নিৰ্বাচন প্ৰক্ৰিয়া আৰু পালনীয় নীতি নির্দেশনা আৰু ৰৌন্‌ চাও ছেঙ্ নিৰ্মান আৰু অনুষ্ঠিত কৰিব পৰা অনুষ্ঠান সম্পৰ্কে


ম' লুঙ্ আৰু ম' নিৰ্বাচন প্ৰক্ৰিয়া আৰু পালনীয় নীতি নির্দেশনাঃ

১) তাই লুঙ্ তাই খাম সকলৰ উপৰি পুৰুষৰ উপাসনা কৰাটো এটা পৰম্পৰা। ই কোনো ধৰ্ম নহয়। পৰম্পৰা হ'ল পুৰুষানুক্ৰমে চলি অহা কিছু নীতি নিয়ম। সেয়ে তাই লুঙ তাই খাম সকলে ৫০০০ হাজাৰ বছৰতকৈ অধিক কালৰ আগৰ পৰা পূৰ্ব পুৰুষৰ দ্বাৰা কৰি অহা উপৰি পুৰুষৰ উপাসনা এক পৰম্পৰা। এই পৰম্পৰা প্ৰকৃতিক ভাবে সৃষ্ট। ইয়াক কোনো গুৰুৰ দ্বাৰা প্ৰচাৰ কৰা হোৱা নাছিল। কিন্তু ধৰ্ম হ'বলৈ হ'লে কোনো এটা নির্দিষ্ট আদৰ্শৰ দ্বাৰা ভগবানক পাবৰ বাবে কৰা এক পদ্ধতি। ইয়াক কোনো ধৰ্ম প্ৰচাৰকৰ দ্বাৰা মানুহৰ মাজত প্ৰচাৰ কৰা হয়। গতিকে ম’ লুঙ আৰু ম' সকলে ইয়াক ধৰ্ম বুলি প্ৰচাৰ নকৰিব বা কৰিব নোৱাৰিব। পৰম্পৰা বুলিহে প্ৰচাৰ কৰিব।

২) তাই লুঙ তাই খামৰ এজন ব্যক্তি ম’লুঙ বা ম' হ'বলৈ হ'লে – পৰিয়ালৰ সকলোলোকে এই পৰম্পৰা ঘৰুৱা ভাবে পালন কৰিব লাগিব। অন্য ধৰ্মীয় পৰম্পৰা ঘৰুৱা ভাবে পালন কৰিব নোৱাৰিব। অন্য ধর্ম সম্পূৰ্ণ ৰূপে ত্যাগ কৰিব লাগিব। অন্য ধর্মীয় মতে কপালত কোনো ধৰণৰ ফেঁাঁট, সেন্দুৰ আদি ল'ব নোৱাৰিব। ব্যক্তি জন তাই ভাষা, পৰম্পৰা, সংস্কৃতি, বুৰঞ্জীৰ জ্ঞান থকা, সম্পূৰ্ণ বস্তুবাদী চিন্তা চর্চ্চাৰ মাজেৰে বিজ্ঞান সন্মত ভাবে প্রকৃতিবাদী সুস্থ চিন্তা চৰ্চা কৰা লোক হ'ব লাগিব। ম’ লুঙ্ বা ম’ জন কাহানিও ভাববাদী আৰু কাল্পনিক কথা বতৰাৰ সহায় ল'ব নোৱাৰিব। ম’ লুঙ্ বা ম' স্বীকৃতি পাবলৈ হ'লে মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদৰ দ্বাৰা নিৰ্বাচিত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ লোৱাটো বাধ্যতা মূলক। ৩) ম’লুঙ বা ম' সকলে নিজৰ পৰম্পৰাগত অনুষ্ঠান চাও ফী লাঙ কুৰি, পয় ছাম বান, পয় ছিপ বান, খেন্ খাও, দাম ফী ৰৌন, ফু ৰা লুঙ্, চক্‌লঙ্, মে দাম মে ফী, বান ফী, ফে অক্‌ নক্‌, ফিঙ ঙে পিন পা চাও, জা ছিঙ ফা, পৃ ফী ছু, ছাই ফা, খন্‌ মিঙ, ৰিক্‌খন ওম্ ফা আদি নিপুনতাৰে অনুষ্ঠিত কৰিব পৰা হ'ব লাগিব।

8) যি সকল ব্যক্তিয়ে তাই ভাষা নজনাকৈ পৰম্পৰাগত অনুষ্ঠান বিলাক পালন কৰে তেনে ব্যক্তিয়ে ম’ লুঙ হিচাবে স্বীকৃতি নেপাব বা স্বীকৃতি দিয়া নহ'ব। তেনে ব্যক্তিক ম’ হিচাবে ধৰা হ'ব।

৫) তাই লুঙ্ তাই খাম সমাজৰ ম' লুঙ বা ম' সকলৰ পদ ময্যদা তিনি তৰপীয়া হ'ব । পৰম্পৰা আৰু সংস্কৃতি ধ্বজা বাহী মুখ্য ম’ লুঙ এজন থাকিব। ম’লুঙ্ জনক পূৰ্বৰ পৰম্পৰাৰ নিয়ম অনুসৰি কৰ্ম দক্ষতা আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি থাও মৗঙ্‌ জা ছিঙ ফা, ম’লাওখ্ৰী পূ জাক জী ইত্যাদি সন্মানেৰে বিভূষিত কৰিব পাৰিব। ম’লুঙ জন তাই ভাষা জনাৰ ওপৰিও তিনি চাৰিটা ভাষা জনা হ'ব লাগিব ভাষা সাহিত্য, সংস্কৃতি, বুৰঞ্জী, পৰম্পৰাগত গ্ৰন্থ প্ৰস্তুত কৰা বা প্ৰকাশ কৰা গ্ৰন্থ কমেও দুই তিনিখন থাকিব লাগিব। বয়সৰ জেষ্ঠতাই নহয় কম বয়সৰ জেষ্ঠতাৰ ওপৰত ভিত্তি কৰিও ম’ লুঙ জন নির্বাচিত কৰিব পাৰিব।


৬) এই মুখ্য ম’ লুঙ জনক সহায় কৰিবলৈ অন্য তিনিজন সহায়ক ম’লুঙ থাকিব। এই কেইজনৰো নিৰ্বাচন প্রক্রিয়া একে হ'ব। এই মুখ্য ম' লুঙ আৰু ম' লুঙ কেইজনক সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফুৰা লুঙ (সমাজ) অসম, চৰকাৰী স্বীকৃত এই তিনি অনুষ্ঠানে নির্বাচন কৰিব।

৭) মুখ্য ম’ লুঙ গৰাকীৰ দৰে এই ম’ লুঙ কেইগৰাকীকো পূৰ্বৰ নিয়ম অনুসৰি থাও মৗঙ ম’ ছাম, থাও মৗঙ ম' ছাই, থাও মৗঙ ম' প্লঙ হিচাবে নামাকৰণ কৰিব পাৰিব।

 ৮) এই ম’লুঙ সকল পূৰ্বৰ পৰম্পৰা অনুসৰি মহুং, ছাঙবুন, ম’প্লঙ পৰিয়ালৰ হ'ব লাগিব। যদি মহুং, ছাঙবুন, ম' প্লঙ পৰিয়ালৰ উপযুক্ত কায্যক্ষম পাৰদৰ্শী ম' নাথাকে তেতিয়া মহুং , ছাঙবুন, ম' প্লঙ পৰিয়ালৰ ঔৰস্‌ জাত বুঢ়াগোহাঁই আৰু বৰগোহাঁই ফৈদৰ পৰা পাৰদৰ্শী কায্যক্ষম ব্যক্তিক ম' লুঙ হিচাবে নিৰ্বাচন কৰিব পাৰিব। কিন্তু তেওঁলোকে কমেও দহ পুৰুষৰ পুৰুষ নামা (বংশ লতিকা) জমা দিব লাগিব। আৰু উপযুক্ত হিচাবে বিবেচিত হ'লে সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু ৰা লুঙ (সমাজ) অসম, চৰকাৰী স্বীকৃত এই তিনি অনুষ্ঠানে ম'লুঙ হিচাবে স্বীকৃতি দিব।

৯) সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু ৰা লুঙ (সমাজ) অসমৰ প্ৰতিখন জিলাত দুজনকৈ মুখ্য ম’ লুঙ থাকিব। তেওঁলোকক এই তিনি অনুষ্ঠানে নির্বাচন কৰিব।

১০) তাই লুঙ তাই খামৰ সকলো পৰম্পৰা জনা আৰু ঘৰুৱা ভাবে বিধি সন্মত নীতি নিয়ম নিষ্ঠাৰে পালন কৰা বাকী লোক সকল ম' হ'ব পাৰিব ম' লুঙ হ'ব নোৱাৰিব।

(১১) সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু ৰা লুঙ (সমাজ) অসমৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা স্বীকৃত বিধি অনুসৰি সকলোৱে এই মাঙ্গলিক কাৰ্য্য সমূহ সম্পাদন কৰিব লাগিব। মুখ্য ম’লুঙ, ম’লুঙ আৰু ম' সকলে নিজে বিধি হ'ব নোৱৰিব। যদিহে নিজে বিধি হৈ অনুষ্ঠান পৰিচালনা কৰে তেন্তে তেখেতক সংবিধানিক নিয়ম অনুসৰি পদৰ পৰা অপসাৰিত কৰা হ'ব আৰু পদবী স্বীকৃতি বাতিল কৰা হ'ব।

১২) মুখ্য ম' লুঙ, ম' লুঙ আৰু ম' সকলে নিজৰ পৰম্পৰা অনুষ্ঠানৰ বহিৰে অন্য হিন্দু, বৈষ্ণব, শাক্ত, খ্রীষ্টান,বৌদ্ধ, ইছলাম আদি ধর্মীয় অনুষ্ঠানলৈ যাব পাৰিব, কিন্তু তেখেত সকলৰ লগত আসনত বহিলৈ আনুষ্ঠানিক কায্যসূচীত অংশিদাৰ হ'ব নোৱাৰিব। অর্থাৎ‍ কোনো মাঙ্গলিক কায্যসূচীত অংশ গ্রহণ কৰিব নোৱাৰিব। যদি তথ্য সহ উপযুক্ত প্রমাণ পালে সাংবিধানিক নিয়ম অনুসৰি ম' লুঙ বা ম' সকলক তৎকালেই স্বীকৃতি বাতিল কৰা আৰু কোনো পৰম্পৰাগত মাঙ্গলিক কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিব নোৱাৰিব আৰু পদৰ পৰা অপসাৰিত হ'ব।


১৩) ব্যক্তিগত ভাবে কোনো ম'লুঙ বা ম'ই পৰম্পৰাগত খেক লাই বিধি প্রস্তুত কৰিব পাৰিব কিন্তু সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু বা লুঙ (সমাজ) অসমৰ পৰা স্বীকৃতি পালেহে প্ৰকাশ কৰিব পাৰিব। অনুমোদন অবিহনে কোনো পুথি বা বিধি প্রকাশ কৰিলে আইনগত ব্যৱস্থা লোৱা হ'ব আৰু গ্ৰন্থখন অবৈধ হিচাবে গণ্য কৰা হ'ব।

১৪) ঘৰুৱা ভাবে উপৰি পুৰুষৰ উপাসনাৰ পৰম্পৰা নকৰা ব্যক্তিয়ে ম’লুঙ বা ম' হ'ব নোৱাৰিব। এই সকল ব্যক্তিয়ে স্বয়ম্ভূ ম'লুঙহৈ ফুৰা লুঙ্, চক্‌ লঙ্, মে' দাম মে' ফী, বান ফী আদি অনুষ্ঠান ক'তো অনুষ্ঠিত কৰিব নোৱাৰিব। যদিহে তেনে ব্যক্তিয়ে এনে অনুষ্ঠান অনুষ্ঠিত কৰে উপযুক্ত প্রমাণ পালে প্রয়োজন সাপেক্ষে আইনী ব্যৱস্থা লোৱাৰ ব্যৱস্থা থাকিব।

১৫) ম’লুঙ বা ম' সকলে পৰম্পৰাগত মাঙ্গলিক অনুষ্ঠানত অংশ গ্ৰহণ কৰোতে জাতীয় পোচাক পৰিধান কৰাটো বাধ্যতা মূলক।

(১৬) সদৌ অসম মহন দেওধাই বাইলুঙ সম্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু বা লুঙ (সমাজ) অসমৰ বাদে পৰম্পৰাৰ লগত যুক্ত নথকা কোনো দল, সংগঠন আৰু ব্যক্তিৰ দ্বাৰা ম' লুঙ প্ৰশিক্ষণ অনুষ্ঠিত কৰিব নোৱাৰিব। আই ছিপ্ লাও পৰিবেশনৰ ক্ষেত্ৰত পণ্ডিত পৰিষদ আৰু কুম্ কুন্ খাও ফু ৰা লুঙ অসমৰ দ্বাৰা স্বীকৃত কথা আৰু সুৰহে প্ৰযোজ্য হ'ব। বৈদ্যুতিন মাধ্যমৰ দ্বাৰা যিকোনো কথা বা সুৰ দি ইয়াক প্ৰচাৰ কৰিব নোৱাৰিব। কোনো দল বা সংগঠনে প্রতিযোগিতা পাতিব নোৱাৰিব। এই ক্ষেত্ৰত পণ্ডিত পৰিষদ আৰু কুম্ কুন্ খাও ফু ৰা লুঙ অসমৰ পৰা অনুমোদন লৈহে প্ৰচাৰ কৰিব পাৰিব।

ৰৌন্ চাও ছেঙ্ নিৰ্মান আৰু অনুষ্ঠিত কৰিব পৰা অনুষ্ঠান সম্পৰ্কে :

১) কোনো দল, সংগঠন যি এই পৰম্পৰাত নাই আৰু ঘৰুৱা ভাবে এই পৰম্পৰা নকৰে তেওঁলোকে ৰৌন্ চাও ছেঙ নিৰ্মাণ কৰিব নোৱাৰিব। এই ক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী কোনো অনুষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰিব। পৰম্পৰাত নথকা কোনো গাওঁ বা অঞ্চলত ৰৌন চাও ছেঙ নিৰ্মাণ কৰিব বা থাকিব নোৱাৰিব।

২) সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু বা লুঙ (সমাজ) অসমৰ লগত আলোচনা বা অনুমতি অবিহনে চৰকাৰী বা বে-চৰকাৰী অনুষ্ঠানে ৰৌন চাও ছেঙ নিৰ্মানৰ বাবে ধন প্ৰদান কৰা বা অনুমতি প্ৰদান কৰিব নোৱাৰিব।

৩) বর্তমান অসমত প্ৰয় ১৪০ টাতকৈ অধিক ৰৌন চাও ছেঙ আছে তাৰে ১০০ টা মানহে পৰম্পৰাত থকা সকলৰ দ্বাৰা আৰু এই সাংগঠনিক ব্যৱস্থাত থকা সকলৰ দ্বাৰা নিৰ্মাণ আৰু পৰিচালনা কৰা হয়। বাকী ৰৌন চাও ছেঙ সমূহ এই সাংগঠনিক ব্যৱস্থাত নথকা আৰু পৰম্পৰা নকৰা সকলৰ দ্বাৰা পৰিত্যক্ত অৱস্থাত ৰখা দেখা গৈছে। এই ক্ষেত্ৰত এই ৰৌন চাও ছেঙ সমূহৰ পৰিচালনাত থকা সকল এই পৰম্পৰালৈ আহিব লাগিব। অন্যথাই যি পৰ্য্যন্ত এই পৰম্পৰালৈ নাহে তেনে পৰ্য্যায়লৈ এই ৰৌন চাও ছেঙ সমুহত ম' লুঙ সকলে গৈ কোনো পৰম্পৰাগত কাৰ্য্য কৰিব নোৱাৰিব আৰু ইয়াক সাংগঠনিক ভাবে বন্ধ ৰখা হ'ব। প্রয়োজন সাপেক্ষে আইনী ব্যৱস্থা লোৱাৰ ব্যৱস্থা থাকিব।

৪) যি হেতুকে ৰৌন চাও ছেঙ সমূহ কোনো হিন্দু ধর্মীয় আৰ্হিৰ মন্দিৰ নহয়। গতিকে হিন্দুৰ মন্দিৰত কৰাৰ দৰে কোনো পূজা বা নাম কীৰ্ত্তন আদি অনুষ্ঠিত কৰিব নোৱাৰিব। ইয়াক সাংস্কৃতিক কেন্দ্র হিচাবেহে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ভিতৰত কোনো ধৰণৰ চন্দ্ৰতাপ, মূৰ্ত্তি থাপনা, প্রতিছবি আঁৰিব বা সজাব নোৱাৰিব। কেৱল মাত্র লাক প্ৰতিষ্ঠা কৰি বান ফাই প্ৰজ্বলন কৰি ফু বা লুঙ্ অনুষ্ঠিত কৰিব পাৰিব। মন্দিৰৰ দৰে ম' লুঙে পূজাৰী বহিলৈ মন্ত্ৰ মাতি আর্শীবাদ দিব নোৱাৰিব।

৫) ৰৌন চাও ছেঙৰ ভিতৰত বা ৰৌন চাও ছেঙৰ আৰ্হিৰ অস্থায়ী গৃহ নিৰ্মাণ কৰি লৈ মে দাম মে' ফী অনুষ্ঠিত কৰিব নোৱাৰিব। মে' দাম মে' ফী অনুষ্ঠানত ম' লুঙৰ নিৰ্দেশনাই চূড়ান্ত হ'ব। কোনো দল, সংগঠন বা এই পৰম্পৰাত নথকা সকলৰ নিৰ্দেশনাৰ দ্বাৰা ম' লুঙক পৰিচালনা কৰিবৰ বাবে বাধ্য কৰিব নোৱাৰিব। ৰৌন চাও ছেঙৰ ভিতৰত মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব।

৬) চক্‌ লঙ্ এক পবিত্র অনুষ্ঠান। য'ৰ পৰা এক সাংসাৰিক জীৱন আৰম্ভ হয়। গতিকে ম’ লুঙ সকলে এই অনুষ্ঠান সম্পন্ন কৰাৰ সময়ত বহুত সাবধানতাৰে অনুষ্ঠিত কৰা উচিত। এনে পবিত্র অনুষ্ঠানৰ মৰ্য্যদা হানিকৰ কোনো কায্য যাতে নহয় তাৰ বাবে লক্ষ্য ৰখা উচিত । চক্‌ লঙ্ অনুষ্ঠিত কৰাৰ আগতে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰাটো অনুচিত। ই পৰিবেশ বিনষ্ট কৰে। কথা বতৰাত অমায়িকতা থাকিব লাগে। অনুষ্ঠানৰ শেষত গৃহস্থই কৰা অপ্যয়ণত অংশ গ্রহণ কৰিব পাৰিব।

৭) চক্‌ লঙ্ পদ্ধতিৰে কৰা বিৱাহ কাৰ্য্য হিন্দু প্রথা মতে নহয়। ই তাই লুঙ্ তাই খাম সকলৰ পৰম্পৰাগত পদ্ধতি। গতিকে ইয়াত সেন্দুৰ দিয়াৰ নিয়ম নাই । এই ক্ষেত্ৰত বিৱাহ কাৰ্য্য সম্পন্ন নোহোৱালৈকে কোনো সেন্দুৰ যাতে দিয়া নহয় তাৰ বাবে গৃহস্থক আগতিয়াকৈ জাননী দিব লাগে। অন্যথাই চক্‌ লঙ্ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব লাগে।

৮) তাই লুঙ তাই খামৰ পৰম্পৰাৰ ধ্বজাবাহী সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন। মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু ৰা লুঙ (সমাজ) অসমৰ প্ৰথম শ্ৰেণীৰ শ্ৰেষ্ঠ ম' সকলকহে মুখ্য ম' লুঙ, ম’লুঙ আৰু ম' হিচাবে পাৰদৰ্শীতাৰ ভিত্তিত স্বীকৃতি দি প্ৰমাণ পত্ৰ দিব পাৰিব।

৯) তাই লুঙ তাই খামৰ পৰম্পৰাৰ অভিভাৱক অনুষ্ঠান সদৌ অসম মহন দেওয়াই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু বা লুঙ (সমাজ) অসমৰ দ্বাৰা অনুষ্ঠিত কৰা সভা-সমিতি, মাঙ্গলিক অনুষ্ঠান আদিত মুখ্য ম'লঙ, ম’লুঙ সকলে অংশ গ্ৰহণ কৰাটো বাধ্যতা মূলক। আৰু এই তিনি অনুষ্ঠানে অনুষ্ঠিত কৰা ম' প্রশিক্ষণ অনুষ্ঠানত তেওঁলোকে প্রশিক্ষণ প্ৰদান কৰিব লাগিব।

১০) তাই লুঙ তাই খামৰ পৰম্পৰাৰ সংস্কৃতিৰ মুখ্য কাণ্ডাৰীজন হ'ব মুখ্য ম’লুঙ্ জন আৰু সহকাৰী তিনিজন ম’লুঙ্ । ম’লুঙ্ সকলে প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ ম' সকলক পৰিচালনা কৰাৰ দায়িত্ব থাকিব। যদি কোনো ম' বা ম' লুঙে অসাংবিধানিক কাৰ্য্য কৰে তেন্তে এই মুখ্য ম’লুঙ্ আৰু সহকাৰী ম' লুঙ্ কেইজনে তলৰ খাপৰ ম' সকলৰ ওপৰত বিধি সন্মত ব্যৱস্থা হাতত ল'ব পাৰিব।

(১১) সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ আৰু কুম কুন খাও ফু বা লুঙ (সমাজ) অসম আদি কৰি তাই লুঙ তাই খামৰ পুত্ৰসম অনুষ্ঠানৰ দুৰ্যোগৰ সময়ত মুখ্য ম’লুঙ্ আৰু সহকাৰী ম' লুঙ্ কেইজনৰ পৰামৰ্শ লোৱাটো বাধ্যতা মূলক হিচাবে গণ্য হ'ব।

(১২) কোনো দল, সংগঠনৰ দ্বাৰা অনুষ্ঠিত কৰা অনুষ্ঠানলৈ ম’লুঙ সকলক নিমন্ত্ৰণ কৰিবলৈ হ'লে লিখিত ভাবে আবেদন জনাব লাগিব। ফোন যোগে বা মৌখিক ভাবে নিমন্ত্রণ জনালে গ্রহণ যোগ্য নহ'ব। আৰু ম' লুঙ সকলেও তেনে অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব।

(১৩) উপৰোক্ত সকলো দফা কায্যকৰী হোৱাকৈ আজি উপস্থিত সদৌ অসম মহন দেওয়াই বাইলুঙ সন্মিলন, মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদৰ উদ্যোগত আৰু কুম কুন খাও ফু ৰা লুঙ (সমাজ) অসমৰ সহযোগত টেঙাপুখুৰী বানটুঙ নগৰত ০৮ আৰু ০৯ জুন ২0২২ তাৰিখে অনুষ্ঠিত হোৱা ছাই ফা খন মিঙৰ ম' লুঙ্ সমাৰোহত উপৰোক্ত প্রস্তাব সমূহ তিনি সংগঠনৰ সৰ্বসন্মতি ক্রমে গৃহিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰোহিনী মহন (সভাপতি)
সদৌ অসম মহন দেওধাই বাইলুঙ সন্মিলন, 


বিদ্যা ছাঙবুন ফুকন (সভাপতি)
মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদ,

জ্ঞানানন্দ ছাঙবুন ফুকন (সভাপতি)
 কুম কুন খাও ফু বা লুঙ (সমাজ) অসম



0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧