Ad

Showing posts with label Dibrugarh University. Show all posts
Showing posts with label Dibrugarh University. Show all posts

ডিব্ৰুঃ বিশ্ববিদ্যালয়েৰে টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ চুক্তি পত্র সম্পন্ন Dibrugarh Tai Education and Cultural Centre

Dibrugarh university Tai Education and Cultural Centre


 ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বৈৰাগীমঠ স্থিত টাই সংস্কৃতি আৰু শৈক্ষিক কেন্দ্ৰৰ মাজত দুবছৰীয়া টাই ভাষা পাঠ্যক্ৰমৰ বাবে MoU স্বাক্ষৰ  ৷

টাই শিক্ষা আৰু সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত দীর্ঘদিন বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা ডিব্ৰুগড় টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত দুবছৰীয়া টাই শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছে। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষ আৰু টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ এক ঐতিহাসিক চুক্তি সম্পন্ন হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভা কক্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বৈৰাগীমঠস্থিত টাই সংস্কৃতি আৰু শিক্ষা কেন্দ্ৰৰমাজত এক চুক্তি পত্ৰত স্বাক্ষৰ কৰা হয়। চুক্তি অনুসৰি টাই শিক্ষা কেন্দ্ৰক দুবছৰীয়া টাই ভাষা পাঠ্যক্রম অন্তৰ্ভুক্তিৰ বাবে অনুমতি প্ৰদান কৰে।

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লীলাকান্ত নাথ, কুলগুৰু  দেইজী বৰা তালুকদাৰ, পঞ্জীয়ক জিতেন হাজৰিকা, মহাবিদ্যালয়ৰ উন্নয়ন পৰিষদৰ সঞ্চালক ৰূপম শ‍ইকীয়া, যুটীয়া পঞ্জীয়ক (শৈক্ষিক) বিনোদ বড়া, ন্যায়িক বিষয়া দেৱৰাজ শৰ্মা আৰু অঞ্জন চেতিয়া। আনহাতে টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ হৈ সভাপতি তৰুণ গগৈ,সম্পাদক দুর্লভ গগৈসহ অন্যান্যসকল উপস্থিত থাকে। ডিব্ৰুগড় টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত প্রতিষ্ঠা কালৰ পৰা টাই ভাষাৰ শিক্ষয়িত্রী নাং ৰিম্পী গগৈয়ে টাই ভাষাৰ পাঠদান, গীত-নৃত্য আদিব পাঠদান ছাত্র ছাত্ৰীসকলক কৰি আহিছে। আনহাতে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা টাই ভাষাৰ পাঠদানৰ অনুমোদন লাভ কৰাত স্বাভাৱিকতে আগ্রহী ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হোৱাৰ লগতে টাই শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

Dibrugarh Tai Education and Cultural Centre, which has been undertaking various programs for the promotion of Tai education and culture for a long time, has received approval from Dibrugarh University for a two-year Tai education course. Dibrugarh University authorities and the Tai Education and Cultural Center signed a historic agreement today. An agreement was signed between Dibrugarh University and the Tai Culture and Education Center at Dibrugarh Bairagimath at the meeting room of the Vice-Chancellor of Dibrugarh University. According to the agreement, the Tai Education Center is allowed to include a two-year Tai language course.

 Dibrugarh University Vice-Chancellor Lilakant Nath, Kulguru Deiji Bora Talukdar, Registrar Jiten Hazarika, Director of College Development Council Rupam Shaikia, Joint Registrar (Academic) Binod Bora, Judicial Officers Devaraj Sharma and Anjan Chetia were present on behalf of Dibrugarh University.
The present meeting was attended by the President of the Tai Education and Cultural Centre, Durlabh Gogoi and others.
Nang Rimpi Gogoi, a Tai language teacher, has been teaching Tai language, song and dance to the students since her establishment at the Dibrugarh Tai Education and Cultural Centre. The approval of the teaching of Tai language by the University of Dibrugarh today is expected to have a far-reaching impact on the promotion of Tai education.

27.495093655456273, 94.8944841137436   FWGJ+75X, Dibrugarh, Assam 786001




 

Two-Years Diploma Course in Tai Language { Dibrugarh University }

ADMISSION NOTICE
Academic Session Dibrugarh University 2020-202

Online applications are invited for admission to the following Academic Programmes of 
Dibrugarh University for the session 2020-2021. 



a) Two-Year Diploma Course in Tai 
Language 
b) 3 Month Certificate Course in Spoken Tai
c) Certificate Course in Mising Language
d) Certificate Course in Deori Language



Certificate Course in Mising Language (CCML): Graduate/Post graduate. ➢ Certificate Course in Deori ... Admission Notice 2020-2021
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧