Ad

Ad Space

Slider

ত্তাঈ আহোম ভাষা শিকো আঁহক গ্ৰুপ

0
🙏🏻বয় কম পী নঙ ত্তাঈ কূ ক,
প্ৰথমে আমাৰ ত্তাঈ আহোম ভাষা শিকো আঁহক গ্ৰুপৰ পৰিচালনা সমিতি তথা প্ৰতিজন সহযোগী পী নঙৰ তৰফৰ পৰা সকলো জ্ঞাতিলৈ গ্ৰুপৰ হৈ খ্ৰুপ তাঙ জনালোঁ।
আপোনালোকক জনাবলৈ পায় সুখী হৈছোঁ যে যোৱা 4 জুন 2021 তাৰিখে ত্তাঈ আহোম ভাষা-সংস্কৃতি উত্তৰণৰ বাবে গঠন হোৱা গ্ৰুপটিয়ে সেই একে মাহৰে 13 জুন 2021 তাৰিখৰ পৰা  আজি পৰ্যন্ত সকলোৰে সহায় সহযোগিতাত আজিৰ পৰ্যায় পাইছেগৈ।
এটা জাতিৰ উত্তৰণৰ বাবে প্ৰথম আৰু প্ৰধান সম্বল ভাষা-সংস্কৃতি বুলি বিশ্বাস কৰিয়েই প্ৰতি সময়ে সময়ে আমি পী নঙ সকলে যাতে ঘৰৰ মজিয়াতে থাকি নিজৰ সোনালী ভাষাটো আয়ত্ব কৰিব পাৰে তাৰ বাবে এক ব্যৱস্থা কৰি আহি আছোঁ। ইতিমধ্যে আমি বহু কেইজন জ্ঞাতিক একত্ৰিত কৰি নিজৰ ভাষা-সংস্কৃতি অকণমান হ'লেও আগবাঢ়ি যাব পৰাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।
ঠিক একেদৰেই, আমি পুনৰ আমাৰ ভাষা-সংস্কৃতি শিকি নিজৰ জাতিটোক এখোজ আগবঢ়াই নিয়াৰ বাবে আগ্ৰহী পী নঙ সকলক লৈ ত্তাঈ ভষাৰ এটা নতুন অনলাইন পাঠদান গ্ৰুপ আৰম্ভ কৰিবলৈ আগবাঢ়িছো।
গতিকে আগ্ৰহী নতুন পী নঙ সকলক অহা 20/09/2022 তাৰিখৰ ভিতৰত নাম ভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ।
সকলোৰে সুবিধাৰ্থে তলত দুটা যোগাযোগৰ নম্বৰ দিয়া হৈছে।
নম্বৰ কেইটা হৈছে- 
8402857182 আৰু 93651 91274 ।
ইয়াৰোপৰি আগ্ৰহী সকলে তলত উল্লেখ কৰা ধৰণে লিখি নম্বৰ দুটাত হোৱাটচএপ কৰিবলৈ অনুৰোধ জনালো। 
নামঃ
ঠিকনাঃ
জাতি/সম্প্ৰদায়ঃ
ফোন নম্বৰঃ
বি দ্ৰঃ
কেৱল আগ্ৰহী সকলেহে ওপৰত দিয়া নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব।
ৰঙ বয় বয়।
খম ত্তাঈ আহোম পে অঙ লে।
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧