Ad

Showing posts with label Tai Ahom. Show all posts
Showing posts with label Tai Ahom. Show all posts

Tai Ahom

The Tai Ahom, or simply Ahom, are an ethnic group primarily residing in the Indian states of Assam and Arunachal Pradesh. They are descendants of the Tai people who migrated into the Brahmaputra Valley of Assam in 1228, led by Sukaphaa, a Tai prince from Mong Mao (in present-day Yunnan Province, China). Over time, these migrants intermingled with local indigenous populations, creating a unique admixed community. Sukaphaa and his approximately 9,000 followers established the Ahom Kingdom, which ruled much of the Brahmaputra Valley from 1228 to 1826—nearly 600 years—until it fell under British control following the Treaty of Yandabo after the First Anglo-Burmese War.

The Ahom Kingdom was notable for its resilience, successfully resisting Mughal invasions in the 16th and 17th centuries and expanding westward, which earned it recognition in historical records. This expansion, however, made the Tai Ahom a minority within their own kingdom, as they absorbed various local ethnic groups through a process called "Ahomisation." This process involved integrating groups like the Tibeto-Burman Borahis, Morans, and others into their fold, either through intermarriage or allegiance, blending Tai traditions with local Tibeto-Burman cultures.

Originally, the Ahom maintained their Tai language and traditional religion, which centered on ancestor worship and animistic beliefs, including rituals like Ban-Phi (involving animal sacrifice) and Phuralung (a non-sacrificial rite). They documented their history in chronicles called *Buranjis*, written in the Ahom script, a derivative of the Tai Nuea script. However, by the 17th century, the Ahom court and populace began adopting the Assamese language and Hindu practices like Ekasarana Dharma, Shaktism, and Saivism, largely abandoning their original tongue and faith. By the early 19th century, the Ahom language was extinct in daily use, though some priestly families preserved it for religious purposes.

Today, the Ahom population is estimated at around 2 million per the latest census, though some suggest up to 8 million Assamese speakers may trace genetic descent from them. They are concentrated in Upper Assam districts such as Golaghat, Jorhat, Sibsagar, Charaideo, Dibrugarh, and Tinsukia. Culturally, they are a syncretic blend of Tai and indigenous influences, with efforts since the late 20th century to revive their language and traditions, including the use of the Ahom script (now part of the Unicode Consortium). Classified as an Other Backward Class (OBC) in India, there’s an ongoing push for Scheduled Tribe status. Their legacy endures in Assam’s history, marked by their long rule and contributions to the region’s cultural mosaic.

Moidams - Charaideo - Tai Ahom


Moidams are ancient burial mounds of the Ahom kings and nobles, located in Charaideo, Assam, India. Here are some interesting facts about Moidams:

1. Unique burial system: Tai Ahoms had a unique burial system, where the deceased were buried in wooden coffins, and the mounds were constructed over them.

2. Pyramid-shaped: Moidams are pyramid-shaped structures, typically 5-15 meters high.

3. Tai Ahom royalty: Moidams were built for Tai Ahom kings, queens, and nobles.

4. 13th-18th centuries: Moidams date back to the 13th-18th centuries.

5. Archaeological significance: Moidams have yielded valuable archaeological finds, including pottery, coins, and artifacts.

6. Cultural importance: Moidams are sacred to the Tai Ahom people, who consider them a symbol of their heritage.

7. Number: There are around 150 Moidams in Charaideo.

8. Size: The largest Moidam is the Tomb of King Sukapha, the founder of the Tai Ahom kingdom.

9. Architecture: Moidams showcase Tai Ahom architecture, blending local and Southeast Asian styles.

10. Preservation efforts: Efforts are being made to preserve and protect the Moidams, including excavation, restoration, and tourism promotion.

Moidams are an essential part of Assam's history, culture, and heritage, providing a glimpse into the lives of the Tai Ahom people and their unique traditions.

Tai Ahom language learning Video series 1

𑜎𑜩 𑜎𑜤𑜂𑜫 𑜁𑜪 হাবুঙ

Tai Ahom development council apsc and upsc




Tai Ahom Development Council will sponsor suitable candidates who belongs to Tai Ahom Community (Final Year UG/Graduate/PG) for free APSC/UPSC and other Govt. Exam Coaching. Applications are invited from interested candidates please visit 


www.taiahomdevelopmentcouncilapscandupsc.com

 for offline and online applications and further details. Last date for applications is 25th August, '23.

ত্তাঈ সকলৰ বাবে সু-খবৰ। উচ্চতৰ মাধ্যমিক কলা শাখাত ত্তাঈ ভাষা



ত্তাঈ সকলৰ বাবে সু-খবৰ। উচ্চতৰ মাধ্যমিক কলা শাখাত এই বছৰ (২০২৩) ৰ পৰা ত্তাঈ ভাষাটো বিষয় হিচাবে একাদশ শ্ৰেণীত  পঢ়িবলৈ পাব।  অসম মাধ্যমিক শিক্ষা  সংসদ বামুণী মৈদামৰ কায্যালয়ত, একাদশ শ্ৰেণীৰ ত্তাঈ পাঠ্যপুথি প্ৰকাশৰ বাবে সংশ্লিষ্ট কতৃপক্ষক জমা দিয়া এক বিৰল মুহূত্ব ।

ঐতিহ্য সংকট - ✍️ চাও হীৰেন ছাঙবুন ফুকন

ঐতিহ্য সংকট

চাও হীৰেন ছাঙবুন ফুকন বিষয় শিক্ষক, বুৰঞ্জী বিভাগ কেন্দ্রীয় তাই একাডেমী, পাটসাঁকো

আহোম ইতিহাসত জাতিৰ স্বাভিমানী পিতৃপুৰুষ সকলৰ লগতে বহু বীৰ বিৰাংগনা পালো। সেয়েহে আজিও তেওঁলোকক সশ্ৰদ্ধাৰে বিভিন্ন দিনত স্মৰণ কৰো। কিন্তু কেতিয়াবা আমি এই বিশেষ দিনৰ পিছৰপৰাই ঐতিহাসিক এই মহান মানৱসকলৰ আদৰ্শক পাহৰি পেলাই এক নতুন পৃথিবী গঢ়াৰ সপোন প্ৰতিযোগিতাত নামি পৰো আৰু নিজকে এক ন-ৰূপ দিওঁ। অতীত কালত কি আছিলো এতিয়া কি হৈ আছো বা ভবিষ্যতে কি ৰূপ পাম ইয়াৰ কোনো নিশ্চয়তা নাই। মাথো গৈ আছো হয়তো এয়াই হৈছে আমাৰ জাতিৰ গৰিষ্ঠ সংখ্যক লোকৰ আজিৰ অৱস্থা । নিজৰ সংস্কৃতি অধ্যয়ন কৰিবলৈ বেয়া পাওঁ বা গভীৰতালৈ যাবলৈ ইচ্ছা নকৰো, কাৰণ ওপৰোৱাকৈ যি সংস্কৃতি পাইছো, দেখিছো তাকে লৈ আগবাঢ়িছো। প্রাচীন ধৰ্ম, পৰম্পৰা, সামাজিক আচৰণ সমূহক ত্যাগ কৰি নতুনৰ আৱৰণেৰে নিজকে আধুনিক মানৱ বুলি পৰিচয় দিছো। নহলে যেন সকলো আওপুৰণি।

      বিশ্বায়নৰ যুগত বহু আধুনিকতাৰ প্ৰভাৱতো ঐতিহ্য ৰক্ষা কৰি জাতিপ্রেমী প্ৰতিজন লোকৰ লগতে নৱপ্ৰজন্ম সকলোও অধ্যয়নশীল মানসিকতাৰ গৰাকী হ'বলৈ প্ৰচেষ্টা কৰিব লাগে। সংস্কৃতি বিষয়ক জেষ্ঠ বা অভিজ্ঞজনৰ লগত আলোচনাৰ জৰিয়তে পৰিস্থিতি অনুসৰি বিভিন্ন উপাদানসমূহক ৰক্ষা কৰি চলিবলৈ প্ৰচেষ্টা কৰিব লাগে। ইংৰাজীত সততে এষাৰ কথা শুনিবলৈ পাওঁ যে- 'Old is Gold অর্থাৎ অতীতৰ সময় বিলাক সোণোৱালী বুলি কওঁ। কিন্তু আমি এই অতীতৰ আলম লৈ বৰ্তমান আৰু ভবিষ্যত প্ৰজন্মক সোণোৱালী হিচাপে গঢ়িবৰ বাবে প্ৰচেষ্টা কৰিব লাগে। পৃথিৱীৰ মানচিত্ৰত জাপান এখন সৰু দ্বীপ ৰাষ্ট্ৰ। কিন্তু বিশ্ব ইতিহাসত কাৰিকৰী দিশৰ ক্ষেত্ৰত নিজৰ পৰিচয় এক সুকীয়া স্থানত ৰাখিবলৈ
সক্ষম হৈছে। এনে এখন উন্নত ৰাষ্ট্ৰৰ জনসাধাৰণে কিন্তু নিজৰ ঐতিহ্য বা সংস্কৃতি ৰক্ষাৰ বাবে তেনেই এক সাধাৰণ জীবন যাপন কৰি চলে। লগতে নিজৰ প্ৰাচীন সংস্কৃতিসমূহক ৰক্ষণাবেক্ষণ দিবলৈ চামে চামে নিৰৱচ্ছিন্ন প্ৰচেষ্টা কৰি আহিছে। কোনো এটা কাম পুৰুষে পুৰুষে কৰি গৈ থকাৰ পিছত সেই কামটোৱে এটা সম্পূৰ্ণ ৰূপ পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এনেবিলাক কর্মসংস্কৃতিৰ বা জীৱনশৈলীৰ বাবেই ইয়াৰ জনসাধাৰণৰ গড় আয়ুস বৰ্তমান পৃথিৱীৰ ভিতৰত সর্বাধিক ৮০ বছৰ। একে সময়তে ভাৰবৰ্ষৰ গড় আয়ুস ৬০ বছৰহে। অৱশ্যে টাই আহোমসকলৰ মাজত আৰম্ভণিৰ কালৰ সময়ত এনে বহু সজ আচৰণ নিহিত হৈ আছিল। যাৰ ফলস্বৰূপে চাওলুঙ ছৗকাফাৰ নেতৃত্বত এক দীঘলীয়া কালৰ বাবে এই মূলুকত শাসন কৰিব পাৰিছিল। সেয়েহে এতিয়া প্রয়োজন আছে নিজৰ ইতিহাস আৰু সংস্কৃতিৰ মাজত অন্তৰ্দৃষ্টিকোণেৰে অধ্যয়ন কৰি এনেবিলাক সদগুণ বিচাৰি উলিওৱাটো।

এইখিনিতে টাই আহোমসকলক লৈ আন এক দৃষ্টিভংগী উত্তৰ-পূৱ ভাৰতত বসবাস কৰা জনগোষ্ঠীয় লোকসকলৰ মাজৰ সম্পৰ্ক বা এনাজৰীডালৰ বিষয়েও আমি অলপ জনাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো। ইয়াৰ জৰিয়তে আমি এইসকল লোকৰ লগতো সংস্কৃতিৰ একতাৰে এখন সুস্থ সমাজ গঢ়িব পাৰিম। যাৰ ভেটি স্থাপন কৰিছিল জাতিৰ পিতৃ চাওলুঙ ছৗকাফাই আৰু পৰৱৰ্তী ৰজাসকলে তেওঁৰ আদৰ্শৰে বৰ অসম গঢ়াৰ সপোন দেখিছিল। আমি এইসকল চাও-ফা ৰ আদৰ্শ কেতিয়াও নাপাহৰো। লগতে আমি জনাৰ প্ৰয়োজন আছে যে-ভাষিক বা নৃতাত্ত্বিক দৃষ্টিভংগীৰে উত্তৰ-পূৱ ভাৰতত বসবাস কৰা বহুকেইটা জনগোষ্ঠীৰ মূলটোৱে হ'ল মংগোলীয় গোষ্ঠীৰ। এই জনগোষ্ঠীয় লোকসকল উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যতে পাহাৰ ভৈয়াম সকলো অঞ্চলতে সংমিশ্রিতভাবে বসবাস কৰে। এই গোষ্ঠীয় নাম সমূহ নকলেও আমি সকলোৱে জানো। তাৰে কেইটামান হ'ল- বড়ো, কছাৰী, চুতিয়া, মৰাণ, মটক, বৰাহী, দেউৰী, মিচিং, কাৰী, তিৱা, আহোম, ফাকে, খামতি, তুৰুং আইতন, খাময়াং, মণিপুৰী, কোচ, ৰাভা, আদি, চিংফৌ আৰু ইয়াৰ উপৰিও বহুকেইতা আছে। এই জাতি-জনগোষ্ঠীসমূহৰ নিজৰ সৃষ্টিৰ আখ্যান বা 'বু বা জী'ও আছে। যাক লৈ তেওঁলোকে স্বকীয় বৈশিষ্ট্যতা ৰক্ষা কৰি চলি আহিছে। মানৱ ইতিহাস বিবর্তন,

তাৰ পিছৰ পৰাই এই মাওত আগৰে পৰা বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলিবলৈ গৈ উদাৰনীতিৰে স্ব-ধৰ্ম, সংস্কৃতি পৰিত্যাগ কৰি নতুন সংস্কৃতি গ্ৰহণ কৰি এক ন-ৰূপ লয়। ফলত আজিও আমাৰ সমাজৰ মাজত এনে এক মিশ্ৰিত সংস্কৃতিৰ ৰূপ দেখা পোৱা যায়। যি বিলাক দেখি, শুনি, বুজি আজিৰ চাম মানুহৰ মাজত কি আছিল, আজি কি বা ভবিষ্যতে আহিব লগা প্ৰজন্মৰ মাজত ইয়াৰ কি প্ৰভাৱ পৰিব সেই কথা ভাবিলেই বৰ ভয় লগা হৈ পৰিছে। এটা সাধাৰণ উদাহৰণ দিব খোজো যিটো আমাৰ জীৱনৰ লগতে অভিজ্ঞ সেইটো হ'ল- “ঘটনাটো হ'ল মোৰ বিয়াৰ সময়ৰ কথা। আমি বাস কৰা গাওঁখনত আজিও বহু পৰিমাণে টাইমূলীয় ৰীতি-নীতি পালন কৰি আহিছে। যিটো আমি ল'ৰালিবে পৰা দেখি আহিছো। কিন্তু তাৰ মাজতে এই মৗঙৰ আহোমসকলৰ বৈশিষ্ট্যতা অনুসৰি ন-সংস্কৃতিৰ প্ৰভাৱ বিভিন্ন দিশৰ ফালৰ পৰা আহি পৰিছে। এনেদৰে প্ৰচলিত হৈ থকাৰ সময়তে আমাৰ বিয়াখন আছিল অলপ আছুতীয়া। তাতে মোৰ মে (সহধর্মিণী) হৈছে মিচিং জনগোষ্ঠীৰ ছোৱালী। দুগৰাকীমান আইসম খুড়ীয়ে কৈয়ে পেলালে মিচিং ছোৱালী নহ'ব। কথাষাৰ এওঁলোকৰ পৰা মোৰ যুক্তিৰে খণ্ডন কৰি আগবাঢ়িলো। এতিয়া বিয়াৰ যোগাৰ কৰা হৈছে পুৰণি পৰম্পৰা অনুসৰি। সেই অনুসৰি বিয়াত সেন্দুৰৰ প্ৰচলন নাই। তাতে লাগিল পুনৰ আন এক লেঠা- ওচৰৰ খুড়ীসকলে এই কথা কোনো কাৰণতে মানি নলয় । তেওঁলোকৰ মতে এইটো হ'বই নোৱাৰে। যিহেতু তেওঁলোকে এই নীতি অনুসৰি চলা নাই । অর্থাৎ ন-কৈ আহোম সংস্কৃতিৰ প্ৰভাৱত চলি আহিছে। ইয়াত আহোম সংস্কৃতি বুলোতে অসমত পোৱা ৰূপান্তৰৰ কথা কোৱা হৈছে আনহাতে টাই সংস্কৃতি বুলোতে প্রাচীন নিয়মসমূহক ৰক্ষা কৰি চলাৰ কথা কোৱা হৈছে। যি কি নহওক, বিয়াৰ নিয়ম বহু বাধাৰ পিছতো পুৰণি সংস্কৃতি অনুসৰিয়ে সমাপন হ'ল। শেষত নিজে এই সকলোবিলাক বিষয় নিবলে চিন্তি বিভিন্ন ধৰণেৰে নিজকে বুজনি দিবলগীয়া হ'ল। কাৰণ মই ল'ৰালিতে দেখা গাঁৱৰ সেই সমাজখন আৰু আজিৰ সমাজখনৰ মানুহৰ মানসিকতা বহু বেলেগ হৈ পৰিল। ন-কৈ অহা পৰিয়ালৰ আন সদস্যাসকলে তেওঁলোকৰ সমাজখনত পাই অহা বহু সংস্কৃতিৰ উপাদান বিশেষকৈ পুৰুষসকলৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰচলন কৰাৰ পৰাই আমাৰ সমাজ জীৱনত এক বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। সংস্কৃতি বিষয়টো আমাৰ আগৰ চামে অধ্যয়ন নকৰি সম্পূৰ্ণ একাষৰীয়া কৰি ৰখা দেখা গৈছিল। ফলশ্রুতিত আজিৰ চাম লোক দিভ্ৰষ্ট হৈ যি পাইছে একো নভবাকৈ মাথো আকোৱালি ল'বলৈ ধৰিছে। ই এক অতি পৰিতাপৰ বিষয়।

টাই আহোমসকলৰ সংস্কৃতি এক প্রাচীন সংস্কৃতিৰ নিদৰ্শন। স্ত্রী পূর্ব বহু হেজাৰ বছৰ আগৰপৰাই এই সংস্কৃতিয়ে চীন সভ্যতাত গঢ় লৈ উঠিছিল। কালক্ৰমত খ্রীষ্টিয় ত্রয়োদশ শতিকাত অসমত প্ৰৱেশ কৰাৰ পিছৰপৰা এই সংস্কৃতিয়ে এক নতুন ৰূপ লৈ আজিৰ এই ৰূপ পায়। কিন্তু প্রাচীন সংস্কৃতি অনুসৰি তেওঁলোকৰ ধর্মীয় দৰ্শন চীন দেশৰ প্ৰচলিত টাও ধৰ্ম, কনফুচিয়াচ আৰু চামানবাদৰ আধাৰত গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত স্ত্রী.পূ. ২য় শতিকামানৰ পৰা বৌদ্ধ ধৰ্মৰ নতুনকৈ অলপ প্ৰৱেশ কৰিছিল যদিও বিশেষ প্ৰভাৱ পৰা নাছিল। যিটো আমি চাওলুঙ ছীকাফাৰ কামৰূপলৈ আগমনৰ সময়ত ইতিহাস বা সংস্কৃতি চালেই বুজিম। সাম্প্রতিক সময়ত এচাম আহোমে ধৰ্মটো বৌদ্ধ বুলি ক'ব খোজে। কিন্তু ই ঐতিহাসিক বা সংস্কৃতিক তেনে কোনো ভিত্তি নাই। বর্তমান অসমত প্রতিষ্ঠিত বৌদ্ধধর্মক এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক উদ্দেশ্য নিহিত বিষয়হে হৈ পৰিছে। আনহাতে আকৌ আন এচামে আহোমৰ ধৰ্ম 'ফুৰালুঙ' বুলিও ক'ব খোজে। এইক্ষেত্ৰত ক'বলৈ গ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ধৰ্মৰ নাম স্বীকৃত নহয়। তাৰ উপৰিও যোৱা আশী দশকত এই ধৰ্মৰ নাম প্ৰতিষ্ঠা আৰু প্ৰচাৰ লাভ কৰে। গতিকে ঐতিহাসিক ভিত্তিত ইয়াৰ স্থায়িত্ব অলপ কম হ'ব। এই কথাষাৰ হয়তো মানি লোৱাত বহুতৰে অসুবিধা হ'ব পাৰে। কিন্তু ইতিহাসত বাস্তব, বৈজ্ঞানিক ভিত্তি নাথাকিলে আৱেগিকভাবে স্বীকৃত বা প্রতিষ্ঠিত নামেৰে স্থায়িত্ব পাবলৈ অসুবিধা হয়। তেন্তে আমি আহোমৰ ধৰ্ম কি বুলি কম? ই এক বহুমূলীয়া) প্রশ্ন। কথাষাৰ মোৰ ঐতিহাসিক পটভূমিত একান্ত ব্যক্তিগত মত। সেই ভিত্তিত মই 'তাও ধৰ্ম' বুলি কম। আনহাতে প্রাচীন ৰীতি-নীতি, পৰম্পৰা, সামাজিক আচৰণসমূহত কনফুচিয়াচৰ আদৰ্শ আৰু চামানবাদৰ প্ৰভাৱ দেখা যায়। যিবিলাক আমি সংস্কৃতিৰ বহু কাম-কাজ অধ্যয়ন কৰিলে বুজি পাম। আনহাতে সেইবুলি কনফুচিয়াচ আৰু চামানবাদক ধৰ্মৰ নাম দিব নোৱাৰি।

সাম্প্রতিক সময়ত অসমত আহোমৰ ধৰ্মৰ অৱস্থা যদি লক্ষ্য কৰো তেন্তে দেখিবলৈ পাম-ছাকাফাৰ নেতৃত্বত সেইসময়ৰ কামৰূপত উপস্থিত হোৱাৰ পিছৰে স্থানান্তৰকৰণৰ কথা যদি এইখিনিতে কওঁ তেন্তে হয়তো এই ভূমিত বসবাস কৰা মংগোলীয় লোকসকল বিভিন্ন সময়ত ভিন্ন পৰিৱেশ পৰিস্থিতিৰ মাজেৰে এই ঠাইত পদাৰ্পণ কৰিছিল। পৰৱৰ্তী সময়ত পাহাৰ-ভৈয়াম, নদ-নদীৰ বিভিন্ন পৰিবেশত এই লোকসকল বসবাস কৰিবলৈ লয় আৰু কালক্ৰমত সেইদৰেই তেওঁলোকৰ চিনাকী ৰূপ পায়। ভাৰতীয় ইতিহাস বা প্রাচীন কিছু গ্ৰন্থত এই লোকসকলক আকৌ অন্য কিছুমান নিঃকিন ভাষাৰ শব্দ যেনে- 'ম্লেছ', 'কিৰাট' আদি নামেৰে চিনাকী দিব খোজে। কিন্তু প্রকৃততে সেইটো নহয়। মানৱ বিৱৰ্তনৰ প্রভাৱৰ ফলত বিভিন্ন ঠাই, পৰিৱেশ পৰিস্থিতি অনুসৰি এই লোকসকল তুলনামূলকভাৱে কিছু পৰিমাণে ভাৰতীয়সকলৰ লগত বেলেগ আছিল। কাৰণ তেওঁলোকৰ স্বকীয় সংস্কৃতি আছিল যাক লৈ চহকী। কিন্তু ভাৰতীয় ইতিহাসৰ লগত মিলিবলৈ গৈ এই জাতিৰ লোকসকলে নিজা সংস্কৃতি ত্যাগ কৰিবলৈ লোৱাত লাহে লাহে সংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক দিশৰ লগতে বিভিন্ন দিশত দৰিদ্ৰ হৈ পৰিল। যাৰফলত উপৰোক্ত অতি নিঃকিন শব্দৰ প্ৰয়োগেৰে এই লোকসকলক ক'ব পৰা হ'ল এতিয়া এই লোকসকলৰ ভাৰতীয় ইতিহাস, দৰ্শনৰ প্ৰতি আকৰ্ষিত হোৱা বা তেওঁলোকৰ প্ৰতি সহনশীল হৈ স্বধৰ্ম, সংস্কৃতি পৰিত্যাগ কৰাটোৱে ভুল হ'ল নেকি? যদি ইয়ে সত্য হয় তেনে এক ডাঙৰ উদ্বেগৰ বিষয় হ'ব।

আকৌ আন এক দৃষ্টিকোণেৰে উত্তৰ-পূবৰ এই মংগোলীয় গোষ্ঠীৰ এক বৃহৎ শাখা ভাষাবিদসকলৰ মতে- “টাই কাডায় লোকসকল। যি সকল বর্তমান উত্তৰ-পূৱ ভাৰতৰ লগতে সমগ্র দক্ষিণ-পূব এছিয়াত এই শাখাৰ লোকসকল বেলেগ বেলেগ জাতিৰ নামেৰে বিয়পি আছে। উত্তৰ-পূৱ ভাৰতত বৰ্তমান ৭ টাকৈ এই গোষ্ঠীৰ লোক আছে। সেইসকল হৈছে- টাই আহোম, টাই খামতি, টাই আইতন, টাই তুৰুং, টাই ফাকে, টাই খাময়াং আৰু টাই লাই (নতুনকৈ স্বীকৃত মণিপুৰৰ) সকল। মূলত এই পৰিয়াল বা জনগোষ্ঠী কেইটাৰ মাজত ঐতিহাসিক আৰু সংস্কৃতিৰ ভিন্ন উপাদানসমূহ একেই। এতিয়া ন-কৈ হয়তো আহোমসকলৰ এই ভাতৃমূলীয় পৰিয়াল কেইটাৰ বিষয়ে বহলাই নক'লেও হ'ব। যিহেতু এই সকলৰ সম্পৰ্কে ইতিহাসবিদ, সংস্কৃতি সাধকসকলে বিভিন্ন পুথিত এওঁলোকৰ বিষয়ে বহু কথা উল্লেখ কৰি থৈ গৈছে। ড° লীলা গগৈদেৱৰ 'টাই সংস্কৃতি. ৰূপৰেখা', ড°ভীমকান্ত বৰুৱা দেৱৰ 'টাই ভাষা আৰু সংস্কৃতি' আদি পুথিসমূহত এনে বহু কথা উল্লেখ আছে।

এতিয়া আকৌ আমি টাই আহোম হিচাপে আমাৰ ইতিহাস বা সংস্কৃতিৰ কোনবিলাক দিশৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। যাৰ জৰিয়তে আমি এই বৃহৎ টাই কাডায় বা তাতোকৈ ওপৰত মংগোলীয় গোষ্ঠীৰ ঐতিহ্য ৰক্ষা কৰিব পাৰিম। প্ৰথমতে, আমি আহোমসকলৰ সৃষ্টিৰ পাতনি বা ইয়াৰ পৰৱৰ্তী ইতিহাস জনাটো প্রয়োজন। দ্বিতীয়তে, নিজ জাতিৰ সংস্কৃতি অধ্যয়ন কৰি বুজাৰ প্রয়োজন আছে। শেষত- এই বৃহৎ গোষ্ঠীৰ লোকৰ মাজত এক ৰাজনৈতিক ঐক্যবদ্ধতাৰ প্ৰয়োজন আহি পৰিছে।

টাই আহোমসকল এক প্রাচীন ঐতিহাসিক চহকী জাতিৰ লোক হয়। যাৰ প্ৰাচীন কালৰ লিখিতৰূপত থকা বহুতো বু ৰণ জী পুথি আজিও অক্ষত অবস্থাত আছে। ইতিহাসৰ এনেবিলাক কথা আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত তেনেই সাধাৰণ বা তুচ্ছ মানদণ্ডৰ বুলি হয়তো বহু আজিৰ আধুনিক শিক্ষিত চামে ক'ব খোজে। কিন্তু আমাৰ কথা হ'ল- এইবিলাক সমল যিহেতু প্রাচীন সাঁচিপতীয়া পুথিত লিখিত ৰূপত উল্লেখ আছে। গতিকে লিখিত দলিল হিচাপে আমি ইয়াক ঐতিহাসিক প্ৰমাণিকতাৰ কথা ক'ব পাৰো। যাৰ গুৰুত্বতা আধুনিক বিজ্ঞানৰ Big Bang Theory ৰ লগত মিল আছে। বিজ্ঞানৰ এই সূত্ৰ ১৯২৭ চনত আবিষ্কাৰ হৈছিল। কিন্তু আহোমৰ 'লিট লাই পেঞ কা কা' পুথিত সৃষ্টিৰ এই পাতনি কাহিনীভাগ বৰ সুন্দৰকৈ ইয়াতকৈ আগতে উল্লেখ কৰি গৈছে। পিছে এনেবিলাক মহৎ কথা আজিৰ সমাজৰ বুৰঞ্জী বা সংস্কৃতিৰ বিষয়বিলাক অধ্যয়ন নকৰাসকলে বুজিবলৈ কষ্ট পায়। ফলত সমাজত পুনৰ এনে এচামে বিষয়ভিত্তিক কথাবিলাক নজনাকৈয়ে নিজে বিপথত চলাৰ লগতে আনকো বিপথে পৰিচালিত কৰে। সেয়েহে এনেবিলাক কথা জ্যেষ্ঠ-কনিষ্ঠ সকলোবে জানি বুজি ভৱিষ্যত প্ৰজন্মৰ উপযোগী হোৱাকৈ তথ্যবিলাক দিবৰ বাবে প্ৰচেষ্টা কৰিব লাগে।

এইখিনিতে কথা এটা মনলৈ আহিছে। যি কথা মই এতিয়াই উল্লেখ নকৰিলে হয়তো ৰৈ যাব। এই কথা আমি সকলোৱে জানো যে- আহোম সকলে এই মীন্ধ বা দেশত খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে আহি উপস্থিত হৈছিল।
পৰা নিজ সংস্কৃতি এৰি নতুন সংস্কৃতি লাহে লাহে ল'বলৈ ধৰাত পৰৱৰ্তী চাওফা বামুণী কোঁৱৰৰ পৰাই হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিবলৈ ধৰে। শেষলৈ এই ধৰ্মই আগতে উল্লেখ কৰাৰ দৰে আহোমসকলক অধ্যয়নৰ অভাৱত উপৰোৱা ধৰ্মই সম্পূর্ণ গ্ৰাস কৰে। আজি সেইয়েহে সকলো শ্ৰেণীৰ আহোমে নিজা পৰিচয় হিন্দু বুলি ক'বলৈ উপায়হীন হৈ পৰিছে। তাতে হিন্দু আহোমৰ মাজত কেঁচা, পকা, কালসংহতি আদি বিভিন্ন ভাগ। এইবোৰ কেনেকৈ হ'বলৈ পালে অলপ ভাবি চাব লগীয়া কথা। ইতিহাস, সংস্কৃতি অধ্যয়ন কৰি আগৰ সংস্কৃতি কি আছিল, বৰ্তমান কি ৰূপ লৈছে বুজিবলৈ চেষ্টা কৰক। নহ'লে অনাগত দিনত যি অলপ বাকী আছেগৈ তাকো ডাঙৰ সংস্কৃতিৰ প্ৰভাৱত নাইকিয়া হ'বগৈ।

শেষত, সভ্যতা-সংস্কৃতি ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ দৰে মুষ্টিমেয় সৰ্বসাধাৰণলোকে সৰ্বশ্ব এটা জাতি বা দেশৰ নামত ত্যাগ কৰিব লগা হয়। ইয়াৰ পিছতো সেইসকলৰ স্বীকৃতি সৰহ সংখ্যকে নিদিয়ে। যিটো আমি ইতিহাসত, আহোমৰ তিনি পণ্ডিত (ছাম ম' মৗঙ) সকলক অৱজ্ঞা কৰাৰ দৰেই দেখিবলৈ পাওঁ। কাৰণ তেওঁলোকৰ দুখ আছিল প্রাচীন পৰম্পৰা ধৰি ৰাখিবলৈ প্ৰচেষ্টা কৰাটো। আজিও তাৰে কিছু প্রভাৱ সেই মুষ্টিমেয় সাধাৰণলোকৰ ওপৰত যেন পৰিয়ে আছে। সমাজত যদি কোনোৱে নিজস্ব ঐতিহ্য ৰক্ষা কৰি চলিব বিচাৰে বা কোনো বৃহৎ সংস্কৃতিৰ মাজত বিলীন হৈ নোযোৱাকৈ থাকে, তেনে এইয়া সেই সাধাৰণ শ্ৰেণীৰ লোকৰ দুখ নেকি? পাৰে যদি সেই অকলশৰীয়াজনৰ লগত থিয় হৈ সহায়ৰ হাত আগবঢ়াত্তক। জাতীয় সংস্কৃতি উদ্ধাৰ হ'ব। ৰঙ বয় বয়।

চকলং, মলুং আৰু কিছু স্পর্শকাতৰ বিষয়

 চকলং, মলুং আৰু কিছু স্পর্শকাতৰ বিষয়

                                         নাঙ ধৰিত্ৰী গগৈ ফুকন

           স্বকীয় বৈশিষ্ট্যৰে জিলিকি থকা তাঈ আহোম সমাজখনত কিছুমান নীতি নিয়ম-পৰম্পৰা আছে যিবোৰ নীতি-নিয়ম-পৰম্পৰা পালনৰ যোগেদি আমি নিজকে তাঈ আহোম বুলি পৰিচয় দি ভাল পাওঁ। তেনে কিছুমান পৰম্পৰা হৈছে ৰিক খন, উম-ফা, ছাই-ফা, জাছিংফা, ফুৰালুং, বান-ফি, ডাম-ফি, “তাঈ আহোম বিবাহ পদ্ধতি - চকলং” আদি। চকলং মানেই এশ এগছি বন্তি জ্বলাই ফুৰা-তাৰাক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলা । অৱশ্যে আজিকালি চকলং বিবাহ কাৰোবাৰ বাবে হৈ পৰিছে প্ৰদৰ্শনকামী মনোভাৱৰ বহিঃপ্ৰকাশ আৰু কাৰোবাৰ বাবে জাতীয় আৱেগ। যিয়েই নহওক, চকলঙৰ যি আকর্ষণ সেয়া কোনেও নুই কৰিব নোৱাৰে। ত্তাঈ আহোমসকলৰ বিবাহপদ্ধতি “চকলং” বুলি আমি সকলোৱে জানো । খুনলুঙ-খুনলাইৰ দেউতাকৰ মোমায়েক লেঙ্-ডনৰ বিবাহো নাঙ্-হুন-ফাৰ লগত “চকলং” পদ্ধতিৰে হৈছিল। আজিকালি “চকলঙ”ৰ জনপ্ৰিয়তা বহুত বাঢ়িছে। আমাৰ উদীয়মান নঙচাইসকলে হয়তো মনত ঠিৰাং কৰি থৈছেই,

“চকলঙৰে প্ৰথাৰে তোমাক বিয়া কৰাই নিম, সেন্দূৰ নিদি তোমাক মই অন্তৰখনেই সঁপি দিম, আহিবানে ছেঙ-নাঙ্ অই মোৰেনো জীৱনলৈ, দুয়ো মিলি জাতিটোক লৈ যাম অলপ আগলৈ।”

ডেকাসকলক কৈছোঁ, অকল চকলং পাতিম বুলি ভাৱিলেই নহব। চকলং কৰিবলৈ কইনা লাগিব। কিন্তু কইনা নিৰ্বাচন কৰাৰ আগতে নিজৰ আৰু কইনাৰ কিছুমান তথ্য জনাটো অত্যন্ত জৰুৰী। শিক্ষাগত অৰ্হতা, সামাজিক মানসিকতা, জাতীয় চেতনা, কর্মদক্ষতা, আধুনিকতা আদিৰ লগতে দেখনীয়তাও বিবাহৰ এটা ধনাত্মক দিশ বুলি বহুতে বিবেচনা কৰে। কিন্তু বাহ্যিক দৃষ্টিৰে চোৱা এই যোগ্যতাৰ মাপকাঠিৰ বাহিৰেও এটা অতি স্পৰ্শকাতৰ দিশ বিবেচনা কৰি চাইহে মুখ্য কাৰ্য্যলৈ আগবাঢ়িব লাগিব। সেয়া হ'ল দুয়োপক্ষৰে বংশপৰিচয়।

আহোম মানুহৰ নিয়মমতে একে বংশৰ মাজত বিবাহ হোৱাতো নীতিবিৰুদ্ধ আৰু এনে কাৰ্য্য যদি কোনোবাই কৰেও তেওঁক সমাজবৰ্জিত কৰা হয়। দেওধাই-দেওধাইৰ মাজত, বুঢ়াগোঁহাই-দেওধাইৰ মাজত, বুঢ়াগোঁহাই বুঢ়াগোঁহাইৰ মাজত, মহন-মহনৰ মাজত, বৰগোঁহাই-মহনৰ মাজত, বৰগোঁহাই বৰগোঁহাইৰ মাজত, বাইলুঙ- বাইলুঙৰ মাজত, চেতিয়া-চেতিয়াৰ মাজত, সন্দিকৈ - সন্দিকৈৰ লগত, লাহন-লাহনৰ মাজত, কোঁৱৰ-কোঁৱৰৰ মাজত, চাউডাঙ চাউডাঙৰ মাজত, দুৱৰা-দুৱৰাৰ মাজত বা আন একে বংশৰ মাজত হোৱা বিবাহক কেতিয়াও কোনো কাৰণতে মানি লোৱা নহয়। সেয়ে প্রেমজনিত বিষয়ত আগবাঢ়িব খুজিলেও এই কথাখিনি গুৰুত্ব দিহে আগবঢ়া উচিত। নহলে পাছত গম পালে এৰিব-ধৰিব নোৱাৰা অৱস্থাত পৰি মানসিক অশান্তি ভোগ কৰিবলগা হয়। বহুতে প্রেমক উচ্চস্থান দি সমাজ তথা জাতিৰ নীতি-নিয়মক অৱহেলা কৰি বিবাহ কাৰ্য্য কৰিলেও পাছত গাৱঁৰ-সমাজৰ সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা হয়। বংশৰ বংশাৱলীতো তেনে মানুহক স্থান দিয়া নহয়। আহোম বুৰঞ্জীত এই কাণ্ডৰ শাস্তি কি হব তাকো বৰ্ণনা কৰা আছে। একে বংশৰ মাজত বিবাহ নোহোৱা কথাটোত বৈজ্ঞানিক কাৰণো জড়িত হৈ আছে। প্রথমজন বুঢ়াগোঁহাই দেওধাই বংশৰপৰা অনা আৰু প্ৰথমজন বৰগোঁহাই মহন বংশৰপৰা অনা বাবে তেওঁলোকৰ মাজত আজিকোপতি ককায়েক-ভায়েকৰ সম্বন্ধ প্ৰচলিত হৈ আছে।

     Also Read - আহোম ভাষাতেই বন্দনা-প্রার্থনা কৰিবলৈ আহ্বান                                            


আজিকালি “ৰামো নাই, অযোধ্যাও নাই” বাক্যশাৰীৰ দোহাই দি আহোম উদ্ধাৰ কৰিবলৈ অহা ধনী-সম্ভ্রান্ত মানুহেও কিন্তু এই কথাবোৰ মানিবলৈ নিবিচৰা দেখা গৈছে। ভিতৰুৱা কথা নজনাকৈ বা সম্ভেদ নোলোৱাকৈ কেতিয়াবা তেনে “চকলং” পাতিবলৈ মলুঙো যোৱা দেখা যায়। “চকলং” অনুষ্ঠানত পূৰ্বপুৰুষৰ বুৰঞ্জী কিয় কবলগীয়া হয়, এইবোৰ আমি ভাৱি চাব লাগিব। নহলে “চকলঙ”ৰ প্রাসঙ্গিকতা হেৰাই যাব ।

পৰিয়ালত কিবা অগ্রহণযোগ্য কাৰণ থকা মানুহে “চকলং” অনুষ্ঠানৰ বাবে পৰাপক্ষত নিজে মলুঙৰ লগত যোগাযোগ নকৰে। সমাজৰ এনে কিছুমান মানুহৰ হতুৱাই মলুং বন্দৱস্ত কৰায়, যিসকল ব্যক্তিক মলুংসকলে কোনো কাৰণতে অবিশ্বাস নকৰে। সেয়ে কেতিয়াবা তেনেদৰে বিশ্বাস কৰি মলুংসকল অসুবিধাত
পৰিবলগাও হয়। পাছলৈ তেনে মলুঙে “অর্থলোভী” বিশেষণ গাত পাতি লব লগাও হয়। এনেক্ষেত্ৰত এই অসুবিধাসমূহ আঁতৰ কৰিবলৈ মই ভাবো মলুংসকলে একত্ৰিত হৈ এটা নিয়ম অৱলম্বন কৰিব লাগে। বিভিন্ন সময়ত বিভিন্নজন ম লগত বন্ধুত্বসুলভ চিন্তাৰে মই এই বিষয়ে আলোচনাও কৰিছোঁ। কিন্তু সেই চিন্তাবোৰ এতিয়ালৈকে কাৰ্য্যকৰী হোৱাগৈ নাই।

যেতিয়া এজন মলুঙলৈ এখন চকলঙৰ দায়িত্বসহ নিমন্ত্ৰণ আহে তেতিয়া নিমন্ত্ৰণকাৰীক তেওঁ এখন প্ৰ-পত্ৰ পূৰাবলৈ দিব লাগে। প্ৰ-পত্ৰখনৰ প্ৰথম পৃষ্ঠাত চকলঙত বহিবলগা দৰা-কইনাৰ নাম-ঠিকনাসহ সবিশেষ লিখাৰ লগতে আনটো পৃষ্ঠাত চকলঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা আৰু মলুপ্তসকলৰ মাননিৰ বিষয়ে উল্লেখ থাকিব। প্ৰ-পত্ৰখন কেনেধৰণৰ হব লাগে তাৰ আৰ্হি ম‍ই তলত দি দিছোঁ। অৱশ্যে আলোচনামর্মে মলুং সমাজে প্রয়োজন অনুসাৰে এই আৰ্হিটো সম্পাদনা কৰি লব পাৰিব ।

“চকলঙ” বিবাহ অনুষ্ঠানৰ প্ৰ-পত্ৰ

১ম পৃষ্ঠা

১) দৰাৰ বিষয়ে -

ক)দাৰ নাম -

খ) দৰাৰ পিতৃৰ নাম -

গ) দৰাৰ দৌতিয়েকৰ নাম 

ঘ) দৰাৰ আইতাকৰ নাম-উপাধি

ঙ) দৰাৰ মাতৃৰ নাম-উপাধি

চ) দৰাৰ পুথাওয়েকৰ নাম

ছ) দৰাৰ এনায়েকৰ নাম-উপাধি

জ) দৰাৰ শিক্ষাগত অৰ্হতা

ঝ) দৰাৰ জন্ম তাৰিখ

ঞ) দৰাৰ বৃত্তি

ট) দৰাৰ ফোন নাম্বাৰ

ঠ) দৰাৰ পৰিয়ালৰ ব্যক্তিসকল

একেদৰে কইনাৰ সবিশেষ

২) কইনাৰ বিষয়ে
 ক) কইনাৰ নাম -

খ) কইনাৰ পিতৃৰ নাম

গ) কইনাৰ দৌতিয়েকৰ নাম

ঘ) কইনাৰ আইতাকৰ নাম-উপাধি

ঙ) কইনাৰ মাতৃৰ নাম-উপাধি

চ) কইনাৰ পুথাওয়েকৰ নাম

 ছ) কইনাৰ এনায়েকৰ নাম-উপাধি

জ) কইনাৰ শিক্ষাগত অৰ্হতা

ঝ) কইনাৰ জন্ম তাৰিখ

ঞ) কইনাৰ বৃত্তি

ট) কইনাৰ ফোন নাম্বাৰ

ঠ) কইনাৰ পৰিয়ালৰ ব্যক্তিসকল -

৩) দৰাৰ বৰ্তমানৰ ঠিকনা

৪) দৰাৰ পিতৃপুৰুষৰ ঠিকনা

৫) কইনাৰ বৰ্তমানৰ ঠিকনা

৬) কইনাৰ পিতৃপুৰুষৰ ঠিকনা

৭) মলুঙৰ লগত যোগাযোগকাৰীৰ নাম, ঠিকনা, ফোন নাম্বাৰ আৰু স্বাক্ষৰ

২য় পৃষ্ঠা :- চকলঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰী

১) সম্পূর্ণ পাত থকা ৪/৫ ফুট ওখ কলপুলি ৮ টা

২) ২ ফুট দীঘল কলৰ মধূনা এডোখৰ

৩) ৪ ফুটীয়া বাঁহৰ খুটি ৮ টা

৪) ৪ ফুটীয়া বাঁহৰ কামী এচটা

৫) কলপটুৱা দুখন

৬) ভাল কলপাত এমুঠা

৭) পাণ এমুঠা

৮) তামোল এপোণ

৯) চুটলি সূতা ৩৫০ গ্রাম

১০) ৰং গুড়ি - গুলপীয়া, ৰঙা, নীলা, হালধীয়া, সেউজীয়া, কলপতীয়া; প্ৰতিবিধৰ

৩০০ গ্ৰামকৈ

১১) বালিচন্দা ১০০ গ্রাঃ

১২) আটা ৩ কিঃ গ্রাঃ

১৩) পৰিষ্কাৰ বালি ৮টিং

১৪) সৰু মাটি চাকি ১১০ খন আৰু তিনিমুখীয়া ডাঙৰ এখন

১৫) শলিতাৰ বাবে ৪০ নং সূতা এমুঠি

১৬) মিঠাতেল ৪ লিঃ

১৭) ডালডা ২০০ গ্রাঃ ১৮) গৰু ঘিঁ ২০০ গ্ৰাঃ

১৯) গাখীৰ ২৫০ গ্ৰাঃ

২০) গুৰ ৫০ গ্ৰাঃ

২১) চেনী ৫০ গ্ৰাঃ

কি

২২) মৌ ৫০ গ্ৰাঃ

২৩) তিল ২৫০ গ্রাঃ

২৪) মাটিমাহ ২৫০ গ্ৰাঃ

২৫) ধূপ ৫ পেকেট

২৬) মজলীয়া মমবাতি ১ পেকেট (P

২৭) আখৈ ২০০ গ্ৰাঃ

২৮) আঢ়ৈ চাউল এখৰাহি

৩০) খুচুৰা পইচা ১০৭ টা

৩১) সকলো শৰাইত দিবলৈ মাননিৰ বাবে কিছু টকা

ক) মৰল মাননি শৰাই

খ) ৰভা খোলা শৰাই



গ) ঞা-পুলক জৰা শৰাই

ঘ) জ্ঞাতি ভকতৰ শৰাই

ঙ) কথা বুজনি শৰাই

৩২) হেংদান এখন

৩৩) গামোচা ৩ খন


৩৪) আঁহত গছৰ পাত বা বড় গছৰ পাত ২০ খিলা ৩৫) খালী শৰাই ৬ খন

৩৬) লোটা বা এৱাঁ টেকেলি এটা ৩৭) কড়ি গুটি ৬ টা

৩৮) কাঁহৰ কাঁহী ১খন

৩৯) টঙালি এখন

৪০) বিভিন্ন প্ৰকাৰৰ ফুল এখৰাহি

৪১) ফুলৰ মালা দুধাৰি, দৰা-কইনাৰ বাবে ।

৩য় পৃষ্ঠা

১) চকলঙৰ বাবে নিমন্ত্ৰিত তিনিজন মলুঙৰ অনা-নিয়াৰ সুব্যৱস্থা কৰি দিব নাইবা তাৰবাবে প্ৰয়োজনীয় খৰচখিনি দিব । 
২) চকলঙলৈ আমন্ত্ৰিত এজন মলুঙৰ যোৱাৰ প্ৰস্তুতিৰপৰা আৰম্ভ কৰি ঘূৰি আহি
টোপনি পূৰোৱা, কাপোৰ-কানি ধোৱা-পখলা কৰালৈকে ৩ দিন সময় খৰচ হয়। উক্ত তিনিদিনত ঘৰৰ কাম-কাজ প্ৰায়ে নহয় বুলিব পাৰি। সেয়ে তেওঁলোকৰ তিনিদিনৰ খৰচ হিচাপে দৰা-কইনা দুয়োঘৰৰ ফালৰপৰা মিলাই তিনিওজনকে অন্ততঃ সন্তোষজনক মাননি দিব লাগে ৷ কোনোবাই সামর্থ অনুসৰি বেছিকৈ দিবলৈ ইচ্ছা কৰিলে নিশ্চয় দিব পাৰিব। কিন্তু পৰাপক্ষত কেতিয়াও কমাই দিব নালাগে ৷ 


নিৰ্দিষ্ট মাননিৰে তামোল-পাণৰ শৰাইসহ তেওঁলোকক তিনিবস্ত্র প্রদান কৰি দৰা-কইনাসহ গৃহস্থই জনমিং লব লাগে ।

৪) মলুঙসকলক উপযুক্ত সময়ত চাহ-ভাতেৰে আপ্যায়ণ কৰিব লাগে ৷ প্রয়োজনসাপেক্ষে লাও (সাঁজ বা বিলাতী সুৰা) যোগান ধৰিব লাগে। নিয়মাৱলী :

ক) চকলঙৰ সময়ত দৰা-কইনাই পৰাপক্ষত তাঈ আহোমৰ জাতীয় সাজপাৰ

পৰিধান কৰা উচিত।

খ) চকলঙৰ সময়ত কইনাই সেন্দূৰ আৰু ওৰণি লোৱা অনুচিত
 
গ) চকলঙৰ সময়ত দৰাই মূৰত তুলসীৰ মালা পৰিধান কৰা অনুচিত। তাৰ সলনি মূৰত পাগুৰী মাৰিব লাগে। লগতে

ঘ) দুয়োপক্ষৰ বংশৰ বুৰঞ্জী পাৰিলে সাতপুৰুষলৈকে আৰু কমেও তিনি পুৰুষলৈকে
দৰা বা কইনা পক্ষই লৈ যাব পাৰিব। এই প্ৰ-পত্ৰখন পূৰণ কৰি যোগাযোগকাৰীৰ স্বাক্ষৰসহ ১ম পৃষ্ঠাটো মলুংজনৰ হাতত জমা দি ২য় আৰু ৩য় পৃষ্ঠা দুটা চকলং অনুষ্ঠিত কৰিবলগীয়া

কব লাগিব।www.taiahom.com

মলুঙসকলে বিভিন্ন প্রতিকূলতাৰ মাজতো পৰম্পৰা ৰক্ষাৰ বাবে অহৰহ সংগ্ৰাম কৰি কৰি আজিৰ এই সুন্দৰ দিনবোৰ আমাক উপহাৰ দিছে। ম‍ই মাননির কথা উল্লেখ কৰা বাবে বহুতে ভাৱিব আৰু কবলৈয়ো আৰম্ভ কৰিব “মলুঙসকলে পইচা ডিমাণ্ড কৰে” বুলি আচলতে কথাবোৰ তেনেকুৱা নহয়; এয়া মোৰহে মনৰ কথা। এজন প্রকৃত মলুঙে কেতিয়াও টকা ডিমাণ্ড কৰিব নিবিচাৰে। বহুতো ব্যক্তিয়ে তেওঁলোকক কামত ব্যৱহাৰ কৰি কাম শেষ হোৱাৰ পাছত বৰ দুঃখলগা অৱস্থাত এৰি গা এৰা দিয়ে। সেয়ে তেওঁলোকে কেতিয়াবা আগতীয়াকৈ খা খৰচৰ কথা কবলগীয়াত পৰে। ইতিমধ্যে বহু মলুঙৰ চকলং সম্পৰ্কে লাভ কৰা তিক্ত অভিজ্ঞতাৰ কথা ম‍ই প্ৰায়ে শুনিছোঁ। কিছুমান ঠাইত, কিছুমানৰ ঘৰত এনেকুৱাও হয় যে মলুঙসকলৰ খোৱা-বোৱাৰ কোনেও বিচাৰ নলয় বিয়া শেষ হোৱাৰ পাছত ৰৈ যোৱা অৱশিষ্ট খাদ্য যেনেতেনে খাই পেট ভৰাবলগীয়া হয়। এনেও তেওঁলোকে বিয়া শেষ কৰিয়ে খাদ্য গ্ৰহণ কৰে যদিও তেওঁলোকক অলপ যতনেৰে সুকীয়াকৈ সন্মানেৰে খাবলৈ দিব লাগে। আনহাতে বিদায়ৰ মুহূৰ্তত মাননি শৰাইত কিছুমানে খামৰ ভিতৰত গাইপতি মাত্র ১০০ টকাকৈয়ো দিয়া বুলি শুনা যায়। মৰল বনোৱাৰপৰা চকলং বেদীখন সুন্দৰকৈ সজোৱালৈকে তেওঁলোকৰ যি শাৰীৰিক পৰিশ্ৰম হয় আৰু যাতায়তৰ বাবদ যি খৰচ হয় তাৰ বিনিময়ত মাত্ৰ ১০০ টকাকৈ বা ৫০০ টকাকৈ দি মলুঙসকলৰ প্ৰতি যি অপমান প্ৰদৰ্শন কৰা হয় সেয়া সঁচাকৈয়ে আমাৰ তাঈ আহোম জাতিটোৰ বাবেই লজ্জাজনক। কেতিয়াও একো পাম বুলি আশা নকৰাকৈ কেৱল জাতীয় পৰিচয় ৰক্ষাৰ বাবে এনেদৰে ত্যাগ স্বীকাৰ কৰা মলুঙসকলৰ কথা যদি আমিয়েই নাভাৱো তেন্তে আন জাতি জনগোষ্ঠীৰ লোকে ভাৱি দিব বুলি জানো আশা কৰিব পাৰি? তেওঁলোকেতো পৰম্পৰা ৰক্ষাৰ ঠিকা লৈ থোৱা নাই যে নিজে অসুবিধাত থাকি হ'লেও এই কামবোৰ যিকোনো পৰিস্থিতিতে কৰি দিবলৈ বাধ্য হব। লাখটকীয়া পেণ্ডেল দি চকলং পাতি নিজৰ প্ৰতিপত্তি দেখুওৱা মানুহে মলুঙক দিব লগা সামান্যতম মাননি দিব পৰাকৈয়ো অক্ষম হব লাগেনে ? শান্তিপ্রিয় মলুঙসকলে কেতিয়াও এনে অন্যায়ৰ প্রতিবাদো নকৰে। ইয়াত ম‍ই সকলো মানুহকে দোষাৰোপ কৰিব বিচৰা নাই । কেৱল যিসকলে আমাৰ সন্মানীয় মলুংসকলৰ প্ৰতি এনে আচৰণ কৰিছে তেওঁলোকৰ কথাহে কৈছোঁ। অৱশ্যে মলুপ্তসকলৰ মাজত হয়তো দুই-এজন লুভীয়া মুখা পিন্ধা মলুং সোমাই নথকা নহয় । তেনে দুই-এজন লুভীয়া চিন্তাধাৰাৰ মলুঙৰ বাবে সমগ্ৰ মলুংসকলেই দোষৰ ভাগী হবলগা হয়। টকাৰ প্রলোভনত ভোল গৈ কোনোবাজনে হয়তো অসম্বন্ধীয়া বিবাহ একোখনকো স্বীকৃতি প্ৰদান কৰি মলুং সমাজলৈ বদনাম কঢ়িয়াই আনিছে। সেয়েহে মই “মহন-দেওধাই বাইলুঙ পণ্ডিত পৰিষদ”ক অনুৰোধ জনাব বিচাৰো যে আজি যিটো বিষয় মই আপোনালোকৰ লগতে সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈ ভৱিষ্যতে কি কৰা উচিত আপোনালোকে বিবেচনা কৰি খোজ আগবঢ়ালে নিশ্চয় সকলোৰে বাবে ভাল হব। তেনে কৰিলে যিকেইজন “টকা ডিমাণ্ড কাৰী মলুং আছে তেওঁলোকেও ভৱিষ্যতে তেনে কাম কৰাৰপৰা বিৰত থাকিব। তদুপৰি এখন চকলং অনুষ্ঠিত কৰাৰ পাছত উপস্থিত মলুংকেইজনৰ স্বাক্ষৰসহ সুন্দৰকৈ তৈয়াৰ কৰা একোখন “চকলং মেৰিজ চাৰ্টিফিকেট” দৰা-কইনাক প্ৰদান কৰিব লাগে।এই সমগ্র কামখিনি পৰিচালনা কৰিবলৈ সম্ভৱ হ'লে এখন “চকলং পৰিচালনা কমিতি” গঠন কৰি মহন-দেওধাই বাইলুং বংশৰ মলুংসকলৰ উপৰিও আন বংশৰ সকলো মলুঙকে সদস্যভূক্ত কৰি লব লাগে। মলুংসকলে প্ৰ-পত্ৰৰ যোগেদি যি তথ্য-পাতি লাভ কৰে সেয়া পঞ্জীয়ণ কৰি যাবলৈ আধুনিক কাৰিকৰী কৌশলৰ লগত পৰিচিত কোনো এজন যুৱকক দায়িত্ব দি তথ্যসমূহ মজুত ৰাখিব লাগে। কোনখন চকলঙলৈ কোন কোন মলুং গৈছিল নামসমূহ লিপিবদ্ধ কৰি যোৱাৰ লগতে চকলং বিবাহ পতা দম্পতীসকলৰ নাম-ঠিকনাও সংৰক্ষিত হৈ থাকিব। তেতিয়া আমি এটা সময়ত গৌৰৱেৰে উদাহৰণ দিব পাৰিম চকলং বিবাহ পতা বিভিন্ন স্থানৰ বিখ্যাত ব্যক্তিসকলৰ বিষয়ে। কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন স্থানত উচ্চ আসনত অধিষ্ঠিত বিভিন্নজন ব্যক্তিৰ নাম চকলঙৰ তালিকাত অন্তৰ্ভূক্ত হ'লে সেয়া আমাৰ বাবে সঁচাকৈয়ে অত্যন্ত গৌৰৱৰ কথা হব।

এইখিনিতে মলুংসকললৈয়ো মোৰ অনুৰোধ থাকিল তেওঁলোকে যেন চকলং বা আন যিকোনো অনুষ্ঠানলৈ দায়িত্বসহকাৰে যাবলগা হ'লে চুলি দাড়ী কাটি পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাৰ্টী হৈ ভাই আহোমৰ পৰম্পৰাগত সুন্দৰ সাজ পোছাকেৰে আকৰ্ষণীয় ৰূপত যায় । তদুপৰি অনুষ্ঠান পৰিচালনাৰ সময়ত বা তাৰআগতে লাওপানী বা বিলাতী সুৰা পাণ কৰাৰপৰা বিৰত থাকে। কাৰণ, মলুংসকলক কথাৰে বিপদত পেলাই ৰং চাবলৈ কিছুমান স্থানত এচাম মানুহ অহৰহ সক্ৰিয় হৈ থাকে । সেয়ে প্রতিজন মলুঙে নিজৰ নিয়মিত অধ্যয়ণ আগবঢ়াই যিকোনো স্থানতে, যিকোনো পৰিস্থিতিতে, যিকোনো ব্যক্তিকে যাতে সদুত্তৰ দিব পাৰে তাৰ প্ৰচেষ্টা চলোৱা উচিত । বাস্তৱ দৃষ্টিভঙ্গীৰে আৰু সৰ্বগ্ৰহণযোগ্যভাৱে প্ৰত্যুত্তৰ দি “ম-লুং“ শব্দৰ যি মৰ্য্যাদা সেয়া ৰক্ষা কৰাতো প্ৰতিজন মলুঙৰে গুৰুদায়িত্ব । ৰে গুৰুদায়িত্ব। জানা

• নিজৰ পৰম্পৰা ৰক্ষা কৰাতো প্ৰতিজন ব্যক্তিৰে দায়িত্ব। যিসকলে নিজে কায়িকভাৱে এই দায়িত্ব পালনত অসমর্থ বা সময়-সুবিধাৰ অভাৱত ভূগিছে, তেওঁলোকে আর্থিকভাৱে সহযোগ কৰি আমাৰ বিভিন্ন অনুষ্ঠান পালনৰ সময়ত সহায় কৰিব পাৰে। আমি সকলোৱে সমিলমিলেৰে এনেদৰে আগবাঢ়ি গ'লেহে ভৱিষ্যতে নিজৰ জাতীয় পৰিচয় বৰ্তাই ৰাখিব পাৰিম ।

শেষত, যাব নোৱাৰিলেও এখিলা “টুন-ৰুঙ-ৰাই”(আঁহত)ৰ পাতত খোদিত কৰা “চকলঙ্”ৰ নিমন্ত্ৰণী পত্ৰ পাম বুলি আশা কৰি মোৰ এই লিখনিটো বিবাহোপযুক্ত ডেকা-গাভৰুসকললৈ উপহাৰ দিলোঁ ।
www.TaiAhom.com
(মোৰ মনত অহৰহ ক্ৰিয়া কৰি থকা এটা বিষয় উপস্থাপন কৰিলোঁ। যদি তাৰবাবে ক'ৰবাত কিবা ভুল হৈছে তেন্তে মই ক্ষমাপ্রার্থী।)

TAI AHOM POI SONG // NANG SENG

বিভাজনৰ বুৰঞ্জী ঃপ্রসংগ পূর্বাঞ্চল তাই-সাহিত্য সভা

বিভাজনৰ বুৰঞ্জী ঃ

প্রসংগ পূর্বাঞ্চল তাই-সাহিত্য সভা

মনোৰঞ্জন ফুকন
গুৰুত্বপূৰ্ণ সামাজিক ঘটনা, পৰিঘটনা সমূহেই সমসাময়িক বুৰঞ্জীৰ সমল হ'ব পাৰে। পূৰ্বাঞ্চল তাই সাহিত্য সভা বিভাজনো তাই-আহোমসকলৰ বাবে এক গুৰুত্বপূর্ণ ঘটনা। গতিকে তাই-আহোম সকলৰ সামাজিক বুৰঞ্জীত ই নিশ্চয় স্থান পাব। ১৯৮১ চনৰ এক ঐতিহাসিক মুহূৰ্তত পূর্বাঞ্চল তাই সাহিত্য সভাই জন্ম লাভ কৰিছিল। ইয়াৰ পিতৃত্ব নাইবা অভিভাৱকত্ব স্বাভাবিকতে দাবী কৰিব পাৰে সদৌ অসম মহন দেওধাই বাইলুং সন্মিলনে। ১৯৬২ চনত সদৌ অসম মহন-দেওধাই বাইলুং সম্মিলনে জন্মলাভ নকৰা হ'লে ১৯৮১ চনত পূৰ্বাঞ্চল তাই-সাহিত্য সভাই স্থিতিলাভ কৰিব নোৱাৰিলেহেঁতেন। ইয়াৰ উপৰিও তাই-আহোমৰ ধৰ্মীয় শৃংখলাৰ বাবে সদৌ অসম মহন-দেওধাই বাইলুং সন্মিলনেই অর্থাৎ তাই-আহোমৰ তিনি-পণ্ডিত শ্ৰেণীৰ লোকেই বহু গুণা-গথা, বহু চিন্তা-ভাৱনাৰ অন্তত সৃষ্টি কৰিছিল ‘সদৌ অসম ফুৰালুং সংঘক । ভাষা-সংস্কৃতি চৰ্চাৰ অনুষ্ঠান পূর্বাঞ্চল তাই- সাহিত্য সভা আৰু ধৰ্মীয় চিন্তাৰ অনুষ্ঠান ফুৰালুং সংঘ। এই দুয়োটা অনুষ্ঠানৰ সৈতে বৌদ্ধিক চিন্তা-চর্চা, অধ্যয়ণ-গৱেষণাৰ দিশ সামগ্রীকভাৱে জড়িত হৈ আছে। গতিকে আধুনিককালৰ তাই-আহোমৰ ভাষা সংস্কৃতি চৰ্চাৰ সমগ্ৰদিশ তাই-আহোমৰ পণ্ডিত শ্ৰেণী মহন-দেওধাই বাইলুং নাইবা সদৌ অসম মহন-দেওধাই বাইলুং সন্মিলনৰ ওচৰত সম্পূৰ্ণ ঋণী বুলি ক'লেও বঢ়াই কোৱা নহ'ব। ভাষা-সাহিত্য তথা সংস্কৃতিৰ দিশ বাদ দিলে তাই- আহোমৰ নিজস্ব পৰিচয়ৰ বাবে উপাধিসমূহৰ বাহিৰে অন্য একো নাই ৷ ৰাজনৈতিক চিন্তাৰ প্ৰভাৱ থকা অনুষ্ঠান সদৌ অসম আহোম সভাই এটা সময়ত তাই-আহোমৰ বাবে ভালেখিনি কৰিছিল যদিও সেই ঐতিহ্য পৰৱৰ্তী কালত বৰ্তি নাথাকিল। বিভাজনেই কাল হ'ল আৰু বিভাজনৰ বাবেই মৃত্যুৰ কবলত পৰিল সদৌ অসম আহোম সভা। পূর্বাঞ্চল তাই-সাহিত্য সভা বর্তমান বিভাজিত হ'ল। কোনেজানে আহোম সভাৰ দৰে পূৰ্বাঞ্চল তাই-সাহিত্য সভাৰ বাবে ই এক পূর্বাভাষো হ'ব পাৰে।

কোৱা বাহুল্য যে, ভঙা কাম যিমান সহজ গঢ়া কাম সিমান সহজ নহয় । এটা সংগঠন গঢ় দিয়াৰ অন্তৰালত এচামলোকৰ নিৰলস প্রচেষ্টা, চিন্তা-ভাৱনা আৰু ত্যাগ বিজড়িত হৈ থাকে। পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ভেটিক গঢ় দিয়া বেলিকাও সৰ্বসাধাৰণ এচামলোকৰ বিশেষ অবদান আছে। এই সন্দৰ্ভত তাই-আহোমৰ তিনি-পণ্ডিত শ্ৰেণীৰ
লোকৰ অৱদানেই সৰহ বুলি গুণীজনে স্বীকাৰ কৰি আহিছে। প্ৰতিস্থাপক সভাপতি তাই পণ্ডিত ডামচাও ডম্বৰু দেওধাই ফুকনৰ নেতৃত্বত ১৯৮১ চনত নতুন দিল্লীত অনুস্থিত হোৱা আন্তৰাষ্ট্ৰীয় তাই অধ্যয়ন চক্ৰলৈ ওঠৰজনীয়া এটা প্রতিনিধি দলক নেতৃত্ব দি নিনিয়া হ'লেও পূর্বাঞ্চল তাই-সাহিত্য সভাৰ সৃষ্টি নহ'লহেঁতেন।

গঢ়াত অৱদান কম থকালোকেহে ভঙাত আগভাগ ল'ব পাৰে বুলি এষাৰ কথা আছে। এই আপ্তবাক্যশাৰী পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ বেলিকাত আখৰে আখৰে খাটে। গঢ়াত অৱদান কম থকাসকলে আবেগৰ বশৱৰ্তী হৈ যেইকোনো কামেই কৰিবৰ বাবে কুণ্ঠাবোধ নকৰে। আবেগ, ব্যক্তিগত স্বার্থ, তথাকথিত বৌদ্ধিক অহমিকাই (Ego) চকুৰ পতাত ধূৱলী-কুঁৱলী কৰি এক অস্বচ্ছ পৰ্দাৰ সৃষ্টিকৰে যাৰবাবে সেইসময়ত সেইচামে ঈৰ্ষাৰ ৰাগীত মদমত্ত হৈ নিজৰ ভেটিত জুই জ্বলাই দি হ'লেও উল্লাসিত হৈ পৰে। আশ্চৰ্যৰ কথা যে, পৰ্দাৰ আঁৰত থকা ছদ্মবেশী এচামে অতি চাতুৰ্যৰে ঐতিহ্যৰ ভিত্তিত প্ৰাণাহুতি দিয়া পণ্ডিত-শ্ৰেণীৰ দুই-একৰ কান্ধত বন্দুক থৈয়েই এই কাম কৰিলে। অর্থাৎ পূর্বাঞ্চল তাই সাহিত্য সভাৰ বিভাজনৰ অংশীদাৰ হিচাপে পণ্ডিত শ্ৰেণীৰ দুই-একক লগত লৈ এইকাম সহজ কৰি তুলিলে ।

পৰ্যালোচনা কৰি চালে দেখা যায় যে, ঐতিহাসিক গড়গাঁৱৰ নামত ২০০৫ চনৰ ৭,৮ মে'ত শিমলুগুৰি নাট্যমণ্ডিত সদৌ তাই-আহোম দ্বিতীয় ঘূৰণীয়া মেজমেল বুলি যিখন মেজমেল অনুষ্ঠিত হৈছিল সেইখনেই তাই-আহোম সংগঠন সমূহৰ বাবে এক আলি-কেঁকুৰিৰ সৃষ্টি কৰিলে । কোৱা হৈছিল যে, তাই-আহোমৰ জাতীয় সমস্যাসমূহ সমাধানকল্পে আলোচনা কৰিবলৈ অসমভিত্তিত আয়োজিত ই এক বৃহৎ ঘূৰণীয়া মেজমেল। উদ্দেশ্য আছিল অতি মহৎ। ক্ষমতাদখলৰ ক্ষুদ্ৰ স্বাৰ্থত উদ্বাউল হৈ থকা এচামলোকে পিছফালৰ পৰা চুৰিকাঘাট নকৰা হ'লে হয়তু এই মেজমেলৰ ঘোষণাই তাই-আহোমৰ বাবে এক সুদূৰ-প্ৰসাৰি তথা এক ইতিবাচক দিশৰ সম্ভেদ দিলেহেঁতেন। আচলতে যি উদেদ্দশ্য তাই-আহোম সংগঠনসমূহে ৰাইজৰ সহযোগত এই মেজমেল পাতিছিল সেই উদ্দেশ্যসফল নহ'ল। গড়গাঁৱৰ নামলৈ শিমলুগুৰত দ্বিতীয় ঘূৰণীয়া মেজমেল বহাৰ আগতে কেইগৰাকীমান ব্যক্তিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ ৰাজগড়ত প্রথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। এই প্রথম ঘূৰণীয়া মেজমেলৰ সিদ্ধান্ত মৰ্মেই দ্বিতীয় ঘূৰণীয়া মেজমেল আয়োজন কৰিবৰ বাবে দায়িত্ব দিছিল তাই-আহোম সংগঠনসমূহক। সেইমৰ্মে সদৌ অসম চাউদাং জাতীয় পৰিষদকে ধৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপৰিও তাই-আহোমৰ বাকী কেইটা সংগঠন ইয়াৰ আহ্বায়ক হিচাপে আছিল। মেজমেলৰ আলোচনামৰ্মে তাই-আহোমৰ জনজাতিকৰণৰ দৰে মূল সমস্যা সমাধান কৰিবৰ বাবে তাই আহোম সংগঠনসমূহৰ এক উমৈহতীয়া মঞ্চ হিচাপে “তাই আহোম জাতীয় পৰিষদ” গঠন কৰা হৈছিল। জাতীয় সমস্যাসমূহ সমাধানত সহায়ক হ'বৰ বাবে ইতিমধ্যে কোনো সংগঠনত নথকা দুই এক ব্যক্তিকো তাই আহোম জাতীয় পৰিষদত স্থান দিয়া হৈছিল। তাই আহোম সংগঠনসমূহৰ সমন্বয় অটুট ৰাখিবৰ বাবে সদৌ অসম আহোম সভাৰ সম্পাদক গৰাকীক মূল-সম্পাদক, পূর্বাঞ্চল তাই-সাহিত্য সভাৰ সভাপতিক কাৰ্যকৰী সভাপতিকে ধৰি বাকী সংগঠনসমূহৰ বিষয়ববীয়াসকলকো ব্যৱস্থা অনুসাৰে অন্যান্য উপযুক্ত বিষয়বাব দিয়াৰ ব্যৱস্থা কৰা হৈছিল। মুঠতে তাই আহোমৰ জাতীয় স্বাৰ্থৰ হকে কাম কৰিবৰ বাবে এক শক্তিশালী উমৈহতীয়া মঞ্চ গঠন কৰাৰ পোষকতা কৰা হৈছিল ।

উদাৰ গণতান্ত্রিক দৃষ্টিভংগীৰে সংগঠনসমূহৰ বাহিৰৰ তাই আহোমৰ জেষ্ঠ ব্যক্তি হিচাপে ড° যোগেন্দ্ৰ নাথ ফুকনক সভাপতিৰ দায়িত্ব অর্পণ কৰা হৈছিল। পূৰ্বাঞ্চল তাই-সাহিত্য সভাৰ সভাপতি গৰাকীক নীতিগতভাৱে কাৰ্যকৰী সভাপতিৰ বিষয়বাব দিয়াৰ পাছতো ছদ্মবেশী এগৰাকী ব্যক্তিয়ে পদবীৰ বাবে খোৱা-কামোৰা কৰি এক অশোভনীয় পৰিস্থিতিৰ মাজেৰে অন্যতম কাৰ্যকৰী সভাপতি হিচাপে পৰিগণিত হ'বলৈ বিচাৰিলে। ভৱিষ্যতৰ বাবে পৰিষদৰ সভাপতি ৰূপে দায়িত্ব দিবলৈ বিচৰা ব্যক্তিগগৰাকীয়েই সেইসময়ত সভাপতিৰ আসনত আছিল বাবেই এনে অযুক্তিকৰ দাবীকো তেতিয়া মানি ললে। এয়াও যে, মূল নাটকৰে এটা অংশ আছিল সেয়া আজিৰ পৰিস্থিতিত স্পষ্ট হৈ পৰিছে । পৰৱৰ্তী নাট্যাংশই অধিক স্পষ্টত কৰি তুলিলে দৃশ্যসমূহ। আমদানিকৃত গোড়াপট্রনহীনসকলে জাতীয় স্বাৰ্থলৈ পিঠি দি গোজেই গা গছ হেন জ্ঞান কৰি তাই-সংগঠনসমূহৰ ওপৰতেই মাতববৰী হৈ উঠিবলৈ অভিসন্ধি ৰচনা কৰিলে। এনে ফলশ্রুতিত সদৌ অসম আহোম সভাই ইয়াৰ পৰা ওলাই আহিল । বাকীসংগঠনসমূহেও একে পথকে অনুসৰণ কৰিবলৈ ল'লে। জনজাতিকৰণৰ ক্ষেত্ৰত একো নহ'ল। ঘূৰণীয়া মেজমেলে জনজাতিকৰণৰ অৰ্থে এক ব্যাপক আন্দোলন গঢ়ি তুলিবৰ বাবে নিদের্শনা দিছিল। কিন্তু এনে কাৰ্য শিয়ণিত শোৱলৈ বিচৰাসকলৰ বাবে সম্ভৱ নহয় বাবে সেয়া তল পৰিল। জনজাতিকৰণত আগবঢ়াৰ প্ৰতিশ্ৰুতি দি লাখ টকাৰ চৰকাৰ সাহায; অনা হ'ল যদিও ক'ত খৰছ হ'ল ৰাইজে তাৰ শঠিক খবৰ নাপালে। লগতে জাতীয় পৰিষদে কৰা কামৰ সবিশেষো নাজানিলে। আশ্চৰ্যৰ কথা যে, তাই আহোম সংগঠনসমূহে গঢ়ি দিয়া সর্বোচ্ছ মঞ্চ জাতীয় পৰিষদৰ সভাপতিৰ আসনৰ দায়িত্ব যি গৰাকী ব্যক্তিক দিয়া হৈছিল সেই গৰাকী ব্যক্তিয়েই আকৌ তাই-সাহিত্য সভাৰ সভাপতিৰ আসনলৈকো হাতমেলি দৌৰি আহিল। ভালকৈ অনুধাৱন কৰাসকলে ইয়াৰ দ্বাৰাই নিশ্চয় বুজিব পাৰিব যে, এগৰাকী সন্মানীয় তথা জেষ্ঠ ব্যক্তি হোৱা সত্বেও কি মোহত আৰু কেনে নাগপাশত ধৰি ইতিমধ্যে বিভাজিত হোৱা তাই-সাহিত্য সভাৰ সভাপতি আসনখনলৈ আহিল। পূর্বাঞ্চল তাই- সাহিত্য সভা পূর্ণ পৰ্যায়ত চলি থকা অৱস্থাতে সভাপতি পদৰ বাবে আগ্রহীনেকি বুলি বিভিন্নজনে সুধিছিল যদিও সেইসময়ত পূর্বাঞ্চল তাই সাহিত্য সভাক অৱজ্ঞা কৰি তাচ্ছিল্যৰ সুৰত হে উত্তৰ দিছিল নেতিবাচকভাৱে ড° ফুকন ডাঙৰীয়াই। তেনে এগৰাকী ব্যক্তিয়ে দুভাগহোৱা সভাখনৰ পদবীলৈ মানস কৰাতো অকল আশ্চর্যজনকেই নহয় বৰঞ্চ এনে কাম ফুকন ডাঙৰীয়াই জীৱনজোৰা প্ৰচেষ্টাৰ যোগেদি আহৰণ কৰা নিজৰ খ্যাতি আৰু আত্মসন্মানৰ ভেটি নিজেই খন্দাৰ সমতুল্য হৈ পৰিল। ড° ফুকন ডাঙৰীয়াক বৰ্তমানৰ আটাইতকৈ উপযুক্ত ব্যক্তি তথা পূর্বাঞ্চল তাই সাহিত্য সভাৰ বাবে তেখেতৰ দৰে ব্যক্তি অপৰিহাৰ্য বুলি যিসকলে পতিয়ন নিয়াবলৈ যুক্তি দৰ্শালে আৰু যিসকলৰ যুক্তি, তোষামোদৰ বাবে ফুকন ডাঙৰীয়াই এই প্ৰস্তাৱ মানি ললে সেইসকলৰ এনে যুক্তিৰ আঁৰত থকা সদিচ্ছাৰ পুতন কিমান ?

এই প্রশ্ন আহি স্বাভাৱিকতে উত্থাপন হৈছে। লগতে বিভাজিত সভাৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰি ড° ফুকন ডাঙৰীয়াৰ যশ বৃদ্ধি কৰাৰ বিপৰীতে এচাম লোকৰ স্বাৰ্থ পুৰণৰ অৰ্থে ড° ফুকন ডাঙৰীয়াক শিখণ্ডী হিচাপেেেহ প্ৰক্ষেপ কৰা হ'ল নেকি সেই প্ৰশ্নত ৰাইজৰ মাজত উচ্চাৰিত হৈছে।'

অন্যহাতেদি এটা সংগঠনৰ সম্পাদক নাইবা অন্য বিষয়ববীয়াক পদবীৰ পৰা সাময়িক অব্যাহতি দি কাৰণ দৰ্শাবলৈ জাননী দিয়াতো এটা সাধাৰণ নিয়ম আৰু ই এটা আভ্যন্তৰীণ বিষয়। এনে বিষয়ৰ মীমাংসা সাংবিধানিকভাৱে সংগঠনৰ মজিয়াতে সমাধান কৰাৰ সুবিধা আছে। পূর্বাঞ্চল তাই সাহিত্য সভাইও সাংবিধানিক নীতিৰ মাধ্যমেদি সম্পাদকে সৃষ্টি কৰা বিত্তীয় খেলিমেলিকে ধৰি সকলো বিষয় মীমাংসাৰ ব্যৱস্থা কৰিছিল। কিন্তু স্বাভাৱিক প্ৰক্ৰিয়াৰে ইয়াক কৰি যাবলৈ নিদি সম্পাদকৰ কাৰচাজি মতে সম্পাদকক ৰক্ষণাবেক্ষণ দিবলৈ এচামলোকে দৌৰি যোৱাৰ বাবেই সমস্যা জটিল হৈ পৰিল । সম্পাদকৰ অভিসন্ধি মতেই নিজৰ দায় কেন্দ্ৰীয় সমিতিৰ অন্যান্যসকললৈ ঠেলি দিবলৈ এনে পৰিস্থিতিত সহজ হৈ পৰিল আৰু মূৰ-পোলোকা মৰাৰ উপযুক্ত সুযোগ ওলাল। পৰিস্থিতি এনে হ'লগৈ যে, সম্পাদকজনক ৰক্ষণাবেক্ষণ দিবলৈহে যেন এচাম লোকে পূর্বাঞ্চল তাই সাহিত্য সভাকে দুভাগ কৰি পেলালে। কেন্দ্রীয় সমিতিৰ নিৰ্বাচিত সভাপতিক সন্মুখত ৰাখি ওপৰত উল্লেখিত বিষয়সমূহ আলোচনা কৰিবৰ বাবে বিভাজনৰ গুৰি ধৰোতাসকল আগবাঢ়ি নাহিল। মাত্র বাতৰিকাকতযোগে সভাপতিক বহিষ্কাৰ কৰা হ'ল, ক্ষমতা কৰ্তন কৰা হ'ল, সভাপতিয়ে টকা আত্মসাৎ কৰিলে এনে ধৰণৰ বিবৃতি প্রকাশ কৰি পূৰ্বাঞ্চল তাই-সাহিত্য সভাৰ দুর্নাম অসমবাসীৰ আগত দাঙি ধৰা হ'ল। সংবিধানত দুই-তৃতীয়াংশ প্রতিনিধিয়ে মতামত আগবঢ়ালে. যেইকোনো বিষয়ববীয়াকে ভাঙিব পাৰি বুলি লিপিবদ্ধ কৰা আছে। এনে কাৰ্য সংবিধানৰ মূৰী গৰাকীক সন্মুখত ৰাখি কৰাৰহে সংবিধানত যিহেতু নিদের্শনা দিয়া আছে তেনেস্থলত বাহিৰত সভাপতি সংবিধানৰ মূৰব্বী গৰাকীক বহিষ্কাৰ যে কৰিব নোৱাৰি সেইকথা সংগঠন পৰিচালনা কৰা ব্যক্তি মাত্রেই জানে। 'নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰাৰ মানসিকতা গঢ় লৈ উঠা ক্ষুদ্র এটা চামে দুর্ভাগ্যজনকভাৱে যদি অন্য এক বুজন সংখ্যক লোকক পৰিচালিত কৰিবলৈ লয় তেন্তে তাৰ ফলশ্ৰুতি পূর্বাঞ্চল তাই-সাহিত্য সভাৰ বিভাজনৰ দৰেই নেতিবাচক হৈ পৰাটো অতি স্বাভাৱিক। নিৰপেক্ষ এচামলোকে সেয়ে মাজে সময়ে খেদ কৰি কয় যে, সভাপতি গৰাকীৰ বিৰোদ্ধে থকা ব্যক্তিগত বিদ্বেষৰ মনোভাৱকেই সামাজিক-সৰলীকৰণৰ বহিপ্রকাশ ঘটোৱা হৈছে সুযোগৰ আৰিয়া ধৰি । ওপৰৰ বুলি নিজে ভাবিলোৱা এচামলোকৰ বৌদ্ধিক-অহমিকা, উচ্চ-শিক্ষা তথা ডিগ্ৰীৰ বাবে গঢ়লোৱা ভেম, পদবীৰ বাবে সৃষ্টি হোৱা লালসাৰ সৈতে তলৰ পৰ্যায়ৰ অন্ধ-অনুকৰণ, অসহিষ্ণু তথা উচতনিৰ ঢৌত খেৰ-কুটাৰ দৰে ভাহি যাবলৈ ধৰা এচাম লোকৰ অবৈধ সংযোগ ঘটাৰ ফলশ্রুতিতে পূৰ্বাঞ্চল তাই- সাহিত্য সভাৰ বুকুত বিভাজনৰ বাগী-কুঠাৰৰ কোব পৰিল। মাজত তাই ভাষা-সংস্কৃতি, জাতীয় ভাৱধাৰাৰ প্ৰতি গভীৰভাৱে আস্থা থকা এচামম লোকক ঠেলি দিয়া হৈছে অহেতুক বিভ্ৰান্তি আৰু বিভ্ৰাটৰ চাকনৈয়াৰ মাজলৈ ।

ওপৰত উল্লেখ কৰি অহা পেক্ষাপট আৰু ব্যক্তিগতভাৱে যিসকলে পূর্বাঞ্চল তাই-সাহিত্য সভাৰ বিভাজনৰ পটভূমি পর্যালোচনা কৰি চাইছে সেইসকলে নিশ্চয় অনুধাৱন কৰিবলৈ সক্ষম হৈছে যে, পূৰ্বাঞ্চল সাহিত্য সভাক বিভাজনৰ পথলৈ থেলি দিয়াৰ ভিত্তি সৱল নহয়। তৎসত্বেও বিভাজন হ'ল। পূর্বাঞ্চল তাই-সাহিত্য সভাই আটাছুক একত্ৰিকৰণ কৰিবলৈ প্ৰচেষ্টা চলাই থাকোতেই একে ব্যাধি সংক্রমিত হ'ল। অন্যহাতেদি য'ত বিভাজন আছে তাত একত্ৰিকৰণো আছে অর্থাৎ ই এটা মুদ্ৰাৰে দুটা পিঠিৰ দৰে । যিকাৰণতে, যাৰবাবে বিভাজন নহওক লাগে একত্ৰিকৰণৰ বাবেও অনেক প্ৰচেষ্টা চলোৱা হ'ল । কাৰণ ৰাইজে একত্ৰিকৰণ বিচাৰে অন্তকৰণেৰে। পূৰ্বাঞ্চল তাই সাহিত্য সভা নাইবা দুই-এক ব্যক্তি জাতিৰ উৰ্দ্ধত নহয়। প্রথমে মধ্যস্থতাকাৰী হিচাপে ড° দয়ানন্দ বৰগোঁহাইক আগবঢ়াই দিয়াৰ বাবে পূর্বাঞ্চল তাই সাহিত্য সভাৰ মূল পক্ষক বিজেপি দলৰ অনুৰাগী বুলি চৰকাৰি পক্ষৰ সহানুভূতি আদায় কৰি চৰকাৰি পক্ষৰ ওচৰ চাপি যোৱাৰ প্ৰচেষ্টা চলাবলৈ ললে বিভাজিত পক্ষই। প্রাক্তন-সভাপতি ড° পুষ্প গগৈ আৰু অইল ইণ্ডিয়াৰ মুখ্য-চিকিৎসা বিষয়া ডাঃ অপূর্ব গগৈক আলোচনা কৰিবলৈ পথোৱাৰ বাবে সেইবাৰত নামৰূপ অধিবেশনৰ প্ৰতিনিধি সভাৰ কথা দোহাই 'দি মূৰ-পোলোকা মাৰিলে। এই লেখকে সভাপতিৰূপে ৰাইজৰ হেঁচাত ব্যক্তিগতভাৱে দুবাৰ লগ ধৰাৰ বেলিকাও ড° ফুকন ডাঙৰীয়াই একে কথাকে ক'লে। পিছে নামৰূপ অধিবেশনত বিভাজিত স্বয়ং সম্পাদক তথা একাংশ প্রতিনিধিয়ে একত্ৰিকৰণৰ বিষয় উত্থাপন কৰাত তাক আলোচনাৰ কোনো সুবিধা নিদি সভাপতিগৰাকীয়ে কৌশলেৰে বিষয়টি পিছলৈ থেলা মাৰি থৈ মুখনী মাৰিলে। ইয়াৰ আগেয়েও একত্ৰিকৰণৰ এক সিদ্ধান্ত হৈছিল যদিও সেইসময়ৰ বিভাজিত গোটৰ তদর্থ সমিতিৰ সভাপতিয়ে আগবাঢ়ি নহাত ই কলিতে মৰহিল। গতিকে একত্ৰিকৰণৰ সম্পৰ্কে বৰ্তমান ওপৰত ফুৰা-তাৰা আৰু তলত বিভাজিত গোটৰ সভাপতি ড° যোগেন্দ্ৰ নাথ ফুকনেহে আটাইতকৈ ভালকৈ জানিব ।

অন্য হাতেদি সঁচা কথা ক'বলৈ গ'লে বৰ্তমান তাই-সাহিত্য সভা ত্রি-বিভক্ত। শেহতীয়া বিভাজনৰ পূৰ্বে চাও নগেন কুমাৰ বৰুৱাক সভাপতি হিচাপে দায়িত্ব দি ধেমাজীত গঠন কৰা হৈছিল ‘আহোম সাহিত্য সভা'। সেয়ে দুই-এক ব্যক্তিয়ে তির্যক মন্তব্য দি ক'বলৈ লৈছে যে, তাই-আহোমৰ তিনিখন সাহিত্য সভা গঠন হোৱাৰ পাছতো যিসকলৰ পদবীৰ ক্ষুধা নিৰ্বাপিত হোৱা নাই সেইসকলে চতুর্থ নাইবা পঞ্চমখন তাই সাহিত্য সভা গঠন কৰি ল'ব পাৰে। সকলোৱে একমুখে স্বীকাৰ কৰে যে, মহন-দেওধাই বাইলুং সকলে তাই ভাষা-সংস্কৃতি ধৰি নৰখাহলে ইয়াৰ কণ-কঠীয়া বাছি নাথাকিলহেঁতেন। এই তিনি-পণ্ডিতৰ অসমত বিগত প্ৰায় আঠশবছৰত গঢ়াৰ নজিৰহে আছে, ভঙাৰ নজিৰ নাই। কিন্তু আশ্চর্যজনকভাৱে নিজে জন্ম দিয়া কোলাৰ কেচুৱা স্বৰূপ পূৰ্বাঞ্চল তাই-সাহিত্য সভাক এতিয়া তিনি-পণ্ডিত শ্ৰেণীৰ দুই-একলোকে অন্য প্ৰৰোচনাতে হওক নাইবা জ্ঞান-মেধাই অত্যাধিক ভৰ দিয়াৰ বাবেই হওক বিভাজনৰো পুৰুহিত হৈ টেটু চেপি ধৰাত পিচ হুহকি থকা নাই। তালুত সৰ্পদংশন হলে ধৰণী ধৰা মস্কিল হয়; এই কথা সকলোৱে জানে। তৎসত্বেও ৰাইজ আশাবাদী, পূৰ্বাঞ্চল তাই সাহিত্য সভা এখন হোৱাৰ বাহিৰে বৰ্তমান ৰাইজে একো বিচৰা নাই।

ka Tai Ahom

Tai Ahom manuscript Studies

Discovery of Bartop // Tai Ahom News

Unique tradition of Sam Mo mung

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডামচাও মনোৰঞ্জন ফুকন দ্বিতীয় বাৰ্ষিক মৃত্যু দিৱস উদযাপন

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডামচাও মনোৰঞ্জন ফুকন দ্বিতীয় বাৰ্ষিক মৃত্যু দিৱস উদযাপন


𑜉𑜢𑜤𑜰𑜫 𑜂𑜡 𑜓𑜣𑜋𑜣 𑜋𑜦𑜧𑜍𑜩𑜓𑜩𑜨 𑜉𑜡 𑜊𑜰𑜫 𑜄𑜣 𑜄𑜩 𑜒𑜦𑜧𑜀𑜡𑜓𑜦𑜧𑜉𑜣 𑜆𑜄𑜫 𑜑𑜡 𑜀𑜥 𑜽

𑜉𑜢𑜤𑜰𑜫 𑜂𑜡 𑜓𑜣𑜋𑜣 𑜋𑜦𑜧𑜍𑜩𑜓𑜩𑜨 𑜉𑜡 𑜊𑜰𑜫 𑜄𑜣 𑜄𑜩 𑜒𑜦𑜧𑜀𑜡𑜓𑜦𑜧𑜉𑜣 𑜆𑜄𑜫 𑜑𑜡 𑜀𑜥 𑜽


Tai Ahom Singer || Chao Bani Bailung || TAI AHOM CHANNEL

আজি Changbun - Moplong - Muhung (Sam Mo Mung) সকলে পালন কৰা নীতি নিয়ম আকোৱালি লয় | লগতে আলোচনা সভা

আজি Changbun - Moplong - Muhung (Sam Mo Mung) সকলে পালন কৰা নীতি নিয়ম আকোৱালি লয় | লগতে আলোচনা সভা


ত্তাঈ আহোম ভাষা শিকো আঁহক গ্ৰুপ

🙏🏻বয় কম পী নঙ ত্তাঈ কূ ক,
প্ৰথমে আমাৰ ত্তাঈ আহোম ভাষা শিকো আঁহক গ্ৰুপৰ পৰিচালনা সমিতি তথা প্ৰতিজন সহযোগী পী নঙৰ তৰফৰ পৰা সকলো জ্ঞাতিলৈ গ্ৰুপৰ হৈ খ্ৰুপ তাঙ জনালোঁ।
আপোনালোকক জনাবলৈ পায় সুখী হৈছোঁ যে যোৱা 4 জুন 2021 তাৰিখে ত্তাঈ আহোম ভাষা-সংস্কৃতি উত্তৰণৰ বাবে গঠন হোৱা গ্ৰুপটিয়ে সেই একে মাহৰে 13 জুন 2021 তাৰিখৰ পৰা  আজি পৰ্যন্ত সকলোৰে সহায় সহযোগিতাত আজিৰ পৰ্যায় পাইছেগৈ।
এটা জাতিৰ উত্তৰণৰ বাবে প্ৰথম আৰু প্ৰধান সম্বল ভাষা-সংস্কৃতি বুলি বিশ্বাস কৰিয়েই প্ৰতি সময়ে সময়ে আমি পী নঙ সকলে যাতে ঘৰৰ মজিয়াতে থাকি নিজৰ সোনালী ভাষাটো আয়ত্ব কৰিব পাৰে তাৰ বাবে এক ব্যৱস্থা কৰি আহি আছোঁ। ইতিমধ্যে আমি বহু কেইজন জ্ঞাতিক একত্ৰিত কৰি নিজৰ ভাষা-সংস্কৃতি অকণমান হ'লেও আগবাঢ়ি যাব পৰাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।
ঠিক একেদৰেই, আমি পুনৰ আমাৰ ভাষা-সংস্কৃতি শিকি নিজৰ জাতিটোক এখোজ আগবঢ়াই নিয়াৰ বাবে আগ্ৰহী পী নঙ সকলক লৈ ত্তাঈ ভষাৰ এটা নতুন অনলাইন পাঠদান গ্ৰুপ আৰম্ভ কৰিবলৈ আগবাঢ়িছো।
গতিকে আগ্ৰহী নতুন পী নঙ সকলক অহা 20/09/2022 তাৰিখৰ ভিতৰত নাম ভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ।
সকলোৰে সুবিধাৰ্থে তলত দুটা যোগাযোগৰ নম্বৰ দিয়া হৈছে।
নম্বৰ কেইটা হৈছে- 
8402857182 আৰু 93651 91274 ।
ইয়াৰোপৰি আগ্ৰহী সকলে তলত উল্লেখ কৰা ধৰণে লিখি নম্বৰ দুটাত হোৱাটচএপ কৰিবলৈ অনুৰোধ জনালো। 
নামঃ
ঠিকনাঃ
জাতি/সম্প্ৰদায়ঃ
ফোন নম্বৰঃ
বি দ্ৰঃ
কেৱল আগ্ৰহী সকলেহে ওপৰত দিয়া নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব।
ৰঙ বয় বয়।
খম ত্তাঈ আহোম পে অঙ লে।

𑜀𑜤𑜃𑜫 𑜉𑜦𑜧 𑜌𑜈𑜫 𑜋𑜪 𑜀𑜩 𑜉𑜦𑜧


𑜀𑜤𑜃𑜫 𑜉𑜦𑜧 𑜌𑜈𑜫 𑜋𑜪 𑜀𑜩 𑜉𑜦𑜧 𑜼

𑜄𑜣  𑜈𑜃𑜫 𑜱 𑜉𑜦𑜧 𑜌𑜈𑜫 𑜇𑜥 𑜱 𑜀𑜩 𑜉𑜦𑜧 𑜄𑜥 𑜱  𑜊𑜂𑜫 𑜼 𑜀𑜩 𑜉𑜦𑜧 𑜀𑜥 𑜉𑜢𑜤𑜈𑜫 𑜀𑜥 𑜈𑜃𑜫 𑜑𑜤𑜐𑜫 𑜱 𑜑𑜤𑜐𑜫 𑜱 𑜁𑜩 𑜼


 𑜉𑜃𑜫 𑜄𑜣 𑜀𑜄𑜫 𑜁𑜩 𑜁𑜩 𑜀𑜩 𑜼 𑜁𑜩 𑜃𑜂𑜫 𑜃𑜩 𑜉𑜦𑜧 𑜌𑜈𑜫 𑜍𑜪𑜨 𑜂𑜢𑜤𑜃𑜫 𑜼

𑜈𑜃𑜫 𑜎𑜢𑜤𑜂𑜫 𑜉𑜦𑜧 𑜇𑜈𑜫 𑜁𑜤𑜈𑜫 𑜋𑜈𑜫 𑜏𑜂𑜫 𑜀𑜈𑜫 𑜇𑜠 𑜄𑜨𑜂𑜫 𑜀𑜩 𑜉𑜦𑜧 𑜒𑜠 𑜃𑜩 𑜉𑜥 𑜃𑜃𑜫 𑜄𑜂𑜫𑜢 𑜎𑜤𑜂𑜫 𑜁𑜩 𑜉𑜃𑜫 𑜄𑜣 𑜓𑜩 𑜼



 𑜁𑜈𑜫 𑜋𑜈𑜫 𑜃𑜂𑜫 𑜃𑜩 𑜄𑜨𑜂𑜫 𑜉𑜃𑜫 𑜇𑜠 𑜏𑜣 𑜀𑜩 𑜒𑜃𑜫 𑜄𑜩 𑜊𑜧 𑜒𑜦𑜡 𑜼 𑜉𑜦𑜧 𑜌𑜈𑜫 𑜁𑜈𑜫 𑜋𑜡 𑜎𑜤𑜂𑜫 𑜼
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧