বান-টাই' মথুৰাপুৰ দেওধাই আহোম সংস্কৃতিৰ ঐতিহাসিক আৰু বৰ্তমানৰ গুৰুত্ব
[✍️ হীৰেন ফুকন]
ইতিহাসে সোঁৱৰা অসম ভূমিৰ এখনি বুৰঞ্জী প্ৰসিদ্ধ জিলা হৈছে ঐতিহাসিক শিৱসাগৰ (ৰংপুৰ চে-মুন) জিলা। আহোম ইতিহাসৰ ৬০০ টা বছৰ ৰাজত্বৰ প্ৰায় বিলাক সমল এই জিলাখনতে ইমূৰৰ পৰা সিমূৰলৈকে সিঁচৰিত হৈ আছে। আহোম যুগৰ সমলৰ ভিতৰত বহুতো মঠ-মন্দিৰ, দৌল দেৱালয়, ৰাজপ্ৰসাদ, বাট-পথ, গড়-খাবে, ৰাজধানী, মৈদাম, পুখুৰী আদিকে ধৰি প্ৰায় ৫৫০ টাৰো অধিক সমল এই অবিভক্ত শিৱসাগৰ জিলাখনতে আছে। সাম্প্রতিক সময়ত এই জিলাখনক দুটা ভাগত ভাগ কৰা হ'ল- শিৱসাগৰ আৰু চৰাইদেউ (চে-ৰাই-দয়) জিলা। ঐতিহাসিক পটভূমিৰ ফালৰপৰা এই জিলাকেইখনৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। অবিভক্ত শিৱসাগৰ জিলাৰ এনে বিলাক বৈশিষ্ট্যতাৰ কাৰণেই ২০১৪ চনৰ ১৫ এপ্ৰিলৰ দিনাখন প্ৰথমবাৰৰ বাবে ইউনেস্কৰ (UNESCO) বিশ্ব ঐতিহ্যৰ সংস্কৃতিক ভাগৰ টেনটেটিভ লিষ্টত (Tentative List) অন্তভুক্ত হৈছিল। যদিও বিভিন্ন কাৰণবশত এইবাৰ সফল হব পৰা নগ'ল। কিন্তু আজিৰ দিনত আমি অতি গৌৰৱেৰে কব পৰাকৈ যোৱা মাৰ্চ মাহৰ প্ৰথম ভাগত চৰাইদেউ জিলাৰ মৈ-ডাম সমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ লগে লগে জিলাখনৰ মান আন এক পর্যায়লৈ উন্নিত হ'ল। এইক্ষেত্ৰত এ.এচ.আই বিভাগ, বিশেষজ্ঞ লোকসকল, স্থানীয় লোক, জিলা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰশাসনাৱলীৰ সদইচ্ছাৰ বাবেই এনে এক সু-খৱৰ আমাৰ মাজলৈ আহিলে। সেইয়েহে এই আপাহতে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলো।
মথুৰাপুৰ ঠাইৰ ইতিবৃত্ত ঃ- মথুৰাপুৰ ঠাইৰ নামৰ ইতিবৃত্ত সম্পর্কে ভিন্ন ধাৰণা ভিন্ন জন লোকৰ মাজত দেখা পোৱা যায়। অৱশ্যে সেইসমূহৰ ভিতৰত সঠিক তথ্য ঐতিহাসিক প্রমাণিকতা থকাটো অতি প্রয়োজন। কারণ ইতিহাস লিখিত তথ্য অথবা পত্নতাত্ত্বিক সমল সমূহৰ ওপৰত ভিত্তি কৰিহে লিখা যায়। আহোম বুৰঞ্জী ৰায় চাহাব গোলাপ চন্দ্ৰ বৰুৱাৰ অনুদিত আৰু সম্পাদিত পুথিৰ পিষ্ঠা নং-১৭৮ত এই ঠাইৰ নাম “ছুন মাক খাও” অর্থাৎ "ন-বাৰি' বুলি উল্লেখ আছে। সেই অনুসৰি এইঠাইতে “মিৰজুমলা আৰু দিলাতখাঁই ঘোৰাত উঠি যুদ্ধ কৰা দেখি আহোম সেনাবাহিনীয়ে গুজৰি গুমৰি আহিছিল
(ফাঙ মিৰ জাম লা মা লা দি লাত খাঁ ছঙ খা খি মা তাক হিত ছৗক, কুন ৰাও থাঙ হান ফাঙ নাম/ঞাম ঞেউ)”। আকৌ এই নামৰ লগত বৰ্তমান প্ৰচলিত মথুৰাপুৰ শব্দৰ মিল নাই তাক লৈ এক প্রশ্ন হয়তো বহুতৰ মনত হব পাৰে। আমি আন কিছু প্রচলিত ধাৰাৰ দিশেৰে যদি চাও বৰ্তমান গড়গাও চহৰ বা ৰাজধানী আহোমৰ দিনত নাম আছিল 'চে-হুঙ' প্ৰাক ৰাজধানী কালত নাম আছিল 'হেমেনাবাৰী'। একেদৰে পুৰণি শিৱসাগৰৰ নাম কলঞ্চুপাৰ, আহোমৰ নাম 'চে-মুন' পৰৱৰ্তী সময়ত ৰংপুৰ আদি । মথুৰাপুৰৰ প্ৰাচীন নাম আহোম নামেৰে 'ছুন মাক-খাও' বা ন-বাৰী হোৱাৰ ধাৰণা 'আহোম বুৰঞ্জী'ৰ মতে- মিৰজুমলাৰ গড়গাওঁ আক্ৰমনৰ বিৱৰণ মতেই এই নামৰ ব্যৱহাৰ গতানুগতিক ঠাঁই সমূহৰ নামৰ ব্যৱহাৰ ক্ৰম অনুসৰি লোৱা হৈছে। কিছু যুক্তিৰে কথাবিলাক বিচাৰ কৰিলে আমি দেখোঁ যে ক্রমানুসৰি উপৰুক্ত উল্লেখিত ঠাই সমূহৰ নাম পূৱৰ পৰা পশ্চিমলৈ অভয়াপুৰ (চে-খৗৱ),চফ্ৰাই (থাম-ফ্ৰা-ৰাই), ন-বাৰী (ছুন-মাক-খাও), চিং-লুঙ, চেৰাই-ডয় (ডয়- চে), টেঙাবাৰী (ছন-মাক- কাও), টাই-মুঙ (ৰাজধানী গড়গাওঁ) আদি। সেই অনুসৰি চাফ্ৰাই পৰৱৰ্তি পশ্চিমৰ ঠাইখনকে আমি বৰ্তমানৰ মথুৰাপুৰ কব পাৰো। আন এক যুক্তিৰে চালে আমি পাওঁ এই মথুৰাপুৰৰ সোঁমাজেদি উত্তৰলৈ অহা এটি ৰাস্তা বর্তমান সময়তো বহুতে 'হৰিয়হ তলি/বাৰী আলি' বুলিও কয়। এই কথাৰেও গড়গাওঁৰ পৰা পূৱলৈ চাইৰ ভিতৰত বাৰী সাজিবলৈ উপযুক্ত মাটিৰ গুণাগুনৰ দৃষ্টিৰে চালেও 'ন-বাৰী' পতা নামৰ কথা যুক্তিযুক্ততা দেখা যায়। তাতে আজিৰ দিনৰ দৃষ্টিৰে চালেও এই ঠাইৰ দুয়োপাৰে সেইসময়ত যঠেষ্ট পৰিমাণৰ বাৰী মাটি আছিল। আনহাতে, আজিৰ পেক্ষাপটত মথুৰাপুৰ' (মথুৰা + পুৰ) নামটো আধুনিক পশ্চিমীয়া সংস্কৃতিৰ ইন্দো-ইউৰোপীয় ভাষা গোষ্ঠীৰ নামৰ অপভ্রংশ হয়। গতিকে ইয়াক লৈ মোৰ বিশেষ কবলগীয়া নাই। যিহেতু পৰৱৰ্তী আহোম যুগত অসমৰ প্ৰায় লোকেই এই সংস্কৃতিৰ দ্বাৰাই বৃহত্তৰ অসমীয়া, ভাৰতীয় সুঁতত মিলি গ'ল। সেইয়েহে এনে নাম হোৱাটো স্বাভাবিক।
ভৌগোলিক অৱস্থান :- অবিভক্ত শিৱসাগৰ জিলাৰ মাজমজিয়াতে অৱস্থিত। চৰাইদেউ মৈদাম থলিৰ পৰা মাত্র ৪ কিঃমিঃ পূৱ দিশলৈ মথুৰাপুৰ নগৰ অৱস্থিত। মথুৰাপুৰ ঠাঁইৰ চাৰিসীমাৰ ভিতৰত পুৱলৈ চফ্ৰাই নৈ (থাম-ফ্ৰণ-ৰাইবা থাম ফাই), পশ্চিমে ঐতিহাসিক নিমনাগড় (নমুনাগড়), উত্তৰে ঐতিহাসিক ৰাজগড়, লাকুৱা, চলাপথাৰ ৰিজাৰ্ভ আৰু দক্ষিণে সুউচ্চ নগা পাহাৰ আছে। মথুৰাপুৰৰ মাজেদিয়েই ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। ইতিহাসত উল্লেখ থকা অনুসৰি এই নগৰতে মোগল সেনাপতি মিৰজুমলাই গড়গাঁও আক্ৰমণ কৰি আহি কিছুদিনৰ বাবে জিৰণি লৈছিলহি।
অর্থনীতি :- মথুৰাপুৰ অঞ্চলৰ লোক সকলৰ অৰ্থনৈতিক কাথাসোটো কৃষি, বাণিজ্যৰ লগতে বিভিন্ন ক্ষুদ্র উদ্যোগ আৰু চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ ক্ষেত্ৰত ধান খেতি, চাহ খেতি, সাঁচি গছৰ খেতিৰ লগতে বিভিন্ন বতৰত অন্যান্য শাক- পাঁচলি আদিৰ খেতি কৰে।
জনগাঠনি ঃ-এই মথুৰাপুৰত বিভিন্ন জাতি-জনগোষ্ঠিৰ লোক সকলে একেলগে বসবাস কৰে। ইয়াত টাই আহোম, টাই খাময়াং, সোনোৱাল কছাৰী, নেপালী, মিচিং, ব্রাক্ষ্মণ, মুছলমান, বড়ো, চাহ জনগোষ্ঠি, কোচ, কলিতা, বেংগলী, বিহাৰী, মাৰোৱাৰী, টেলেংগা, পাঞ্জাবী আদি বহু জাতিৰ লোকসকলে একেলগে বসবাস কৰে।
বান টাই মধুৰাপুৰ দেওধাই : মথুৰাপুৰত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ভিতৰত টাই আহোমসকলৰ কেইবাখনো গাওঁ নামত বসবাস কৰে। এই আহোম গাওঁসমূহৰ ভিতৰত স্বকীয় টাই বৈশিষ্ট্যতা ৰক্ষা কৰি পূৰ্বৰে পৰা চলি অহা গাওঁখনেই হ'ল মথুৰাপুৰ 'দেওধাই গাঁও'। টাই ভাষাত 'বান-টাই' অর্থাৎ বান মানে গাওঁ, টাই মানে এক জাতি তাৰে ভিতৰত দেওয়াই সকলৰ বসতি স্থল। এই গাওঁখনি মথুৰাপুৰ তিনিআলিৰপৰা প্ৰায় ৪.৫ কিঃমিঃ উত্তৰ-পশ্চিম দিশত অৱস্থিত। যোগাযোগৰ বাবে এই গাওঁৰ লোক সকলে মথুৰাপুৰ তিনিআলিত বাছ সেৱা (দিবা-নৈশ, নামৰূপ-সোণাৰি গুৱাহাটী) আৰু লাকুৱাত ৰেইল সেৱা (পেচেঞ্জাৰ, ইণ্টাৰচিটি ৰেইল)ৰ বাবে নিতৌ অহা যোৱা কৰে। বৰ্তমান এই গাওঁৰ মাজেদিয়েই মথুৰাপুৰ-লাকুৱা ৰেইল ষ্টেচন সংযোগী পথ আছে। আকৌ লাকুৱা ৰেইল ষ্টেচনটো এই গাওঁৰপৰা প্ৰায় ৪ কিঃমিঃ উত্তৰ পশ্চিম দিশত অৱস্থিত। ঐতিহাসিকভাবে এই গাওঁৰ প্ৰতিষ্ঠাৰ কথাটো আনুমানিক খ্ৰীষ্টিয় ১৭ শতিকা মানৰ বুলি ভবা হৈছে যদিও এই বিষয়ৰ ওপৰত অধ্যয়ন চলি আছে। এই গাওঁত টাই আহোমৰ তিনিটা ৰাজকীয় পুৰুহিত শ্ৰেণীৰ ভিতৰত দেওধাই (ম চাম/চাংবুন) সকল আৰু মহন (ম চাই/মহুৎ) এই দুই শ্ৰেণীৰ লোকসকলে বসবাস কৰে। এই গাওঁখনত অতীজৰেপৰা টাই আহোমসকলৰ বহুটো পৰম্পৰাৰ ৰীতি-নীতি আজিও পালন কৰি আছে। তাৰে নিদৰ্শন হিচাপে এই গাওঁ ৰ চাৰিসীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰৰ কথা এক উল্লেখযোগ্য দিশ। আনহাতে ৰীতি- নীতি, পৰম্পৰা পালনৰ ক্ষেত্ৰতো ইয়াত প্ৰাচীন টাই আহোমৰ বৈশিষ্টতা সমূহ দেখিবলৈ পোৱা যায়। গাওঁখনৰ চাৰিসীমাৰ ক্ষেত্ৰত উত্তৰ-পূৱ কোণত এখন দেওশাল আছে। (ইয়াত হাবিদেও বা 'পফিছু' উপাসনা কৰাৰ কথা উল্লেখ আছে)। দক্ষিণ-পূর্ব কোণত এখন ৰাজহুৱা মৈদাম স্থলি আছে। উত্তৰ-পশ্চিম কোণত এজোপা বাছ (তুন-কঙ) আছে (এই বৰজোপা কক্-ছা ছাওবুন পৰিয়ালৰ উপৰিপুৰুষ তথা 'ওম-ফা' ৰ দেউৰী
ডাম চাও আত্নাকাণীয়া দেৱে ৰূপন কৰিছিল) আৰু দক্ষিণ-পশ্চিম কোণত এটা বৰপুখুৰী আছে (সেই বৰগছৰ তলৰপৰা আৰম্ভ কৰা প্ৰাচীন পৰম্পৰা সমূহৰ সামৰণি এই বৰপুখুৰী পাৰতে সামৰণি কৰিছিল)। আমি মন কৰিলে দেখা পাওঁ ইয়াৰ প্ৰতিটো কোণত অতিজৰেপৰা বিভিন্ন সময়ত বহুতো টাই আহোমৰ পৰম্পৰা মেদাম-মে-ফী, জা-ছি- ফা, পফিচু, লেংডন পূজা, বাটৰুৱা পূজা আদি বহু ৰীতি নীতি পালন কৰা হয়। ঐতিহাসিক দেওধাই গাওঁ (বান টাই)ত দেশৰ তিনি মহান পণ্ডিত (ছাম ম' মুঙ) সকলৰ মাজত পালন কৰা আন বহুতো ৰীতি-নীতি আজিও সুন্দৰভাৱে পালন কৰা হয়।
টাই ভাষা ও সংস্কৃতি চর্চা কেন্দ্ৰ, মথুৰাৰ সাম্প্রতিক সময়ত বহু আহোম লোকে নিজৰ ৰীতি-নীতি, পৰম্পৰা এৰি অন্য ধৰ্মৰ ৰীতি-নীতি, পৰম্পৰা গ্ৰহণ কৰাৰ ফলত যি এক মিশ্রিত সংস্কৃতি গঢ় লৈ উঠিছে তেনে এক সন্ধিক্ষণত ২০১৪ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখত “ কেন্দ্ৰীয় তাই একাডেমী, পাটসাঁকোৰ অধীনত “টাই ভাষা ও সংস্কৃতি চৰ্চা কেন্দ্ৰ, মথুৰাপুৰ ” নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰেপৰা গতানুগতিকভাৱে আমাৰ এই কেন্দ্ৰত প্ৰতি দেওবাৰে পুৱা ৬.০০ বজাৰ পৰা পুৱা ১১.০০ বজালৈকে শ্ৰেণীসমূহ চলি আহিছে। গত সময়ছোৱাত এই কেন্দ্ৰৰ অধীনত বিভিন্ন সময়ত বহুটো কৰ্মশালা আৰু বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এটি টাই সংস্কৃতি দল গঠন কৰা হয়। আমাৰ এই দলটিয়ে অসমৰ বহু ঠাইত টাই সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে। বর্তমান সময়ত প্রায় ৫০ জন ছাত্ৰ-ছাত্ৰীৰো অধিক ইয়াৰ বিভিন্ন পাঠ্যক্ৰমসমূহত অধ্যয়ন কৰি আছে। কেন্দ্রটি যদিও তুলনামূলকভাৱে তেনেই নতুন তথাপি ইয়াৰ উদ্দেশ্য বা লক্ষ্য যথেষ্ট বিশাল। কেন্দ্রটিত টাই আহোম ভাষা-সংস্কৃতিৰ বিভিন্ন বিষয় সমূহৰ ওপৰত পুংখানুপুংখভাবে অধ্যয়ন কৰা হয়। এই কেন্দ্রটি গঢ়ি উঠাৰ লগে লগে অতীতৰ গৰাহত হেৰাই যাবলৈ ধৰা টাই আহোমৰ ভাষা-সংস্কৃতিৰ পৰম্পৰা সমূহ কণ কণ লৰা-ছোৱালীৰ লগতে বয়োজ্যেষ্ঠ সকলৰ মাজত পুনৰ এই সংস্কৃতিয়ে স্থান পাইছে। আশা কৰিছোঁ ভবিষ্যত প্ৰজন্মই আমাৰ কেন্দ্ৰ ও বান টাই দেওধাইৰ জৰিয়তে টাই আহোম ভাষা সংস্কৃতি অধ্যয়ন আৰু চৰ্চা কৰাৰ ক্ষেত্ৰত যঠেষ্ট লাভান্বিত হব পাৰিব।
বান টাই দেওধাই মথুৰাপুৰ এক ক্ষেত্রভিত্তিক বিশ্লেষণ : "বান টাই দেওধাই আহোম সংস্কৃতিৰ ঐতিহাসিক আৰু বৰ্তমানৰ গুৰুত্ব" এইক্ষেত্ৰত আমাৰ গাওঁত উপলব্ধ সংস্কৃতিৰ সমলসমূহৰ ক্ষেত্ৰভিত্তীক অধ্যয়নৰ কিয়দাংশ আগবঢ়ালো। বান টাই দেওধাই উপলব্ধ সমল সমূহৰ ভিতৰত—
ক) পুৰণি সাঁচিপতীয়া টাই ভাষাৰ বিভিন্ন পুথি সমূহ। পুথিসমূহৰ ভিতৰত আদি বুৰঞ্জী, মঙ্গলচোৱা পুথি, মন্ত্ৰ পুথিকে ধৰি আৰু বহু পুথি যি বিলাকৰ ওপৰত বর্তমানো অধ্যয়ন চলি আছে।
খ) পুৰণি আহোম যুগত ব্যবহৃত বহুতো সম্পদ।
গ) টাই আহোম ৰীতি-নীতি পৰম্পৰাসমূহ। ইয়াত বিভিন্ন সময়ত দেওধাই- মহনসকলে পালন কৰা ৰীতি-নীতি সমূহ উল্লেখযোগ্য (যি বিলাক ৰীতি-নীতি আন আহোম সকলৰ লগত কিছু পার্থক্য দেখিবলৈ পোৱা যায়)।
ঘ) টাই আহোমৰ জাতীয় বৃক্ষ হিচাপে চিহ্নিত 'সাঁচি গছ' আমাৰ গাওঁ (বান) আপুৰুগীয়া সম্পদ। যিবিলাক বৃক্ষই আমাৰ লোকসকলক সংস্কৃতিক আৰু অর্থনৈতিক আদি সকলো ক্ষেত্ৰত বহুমূল্য অবদান অতীতৰপৰা বৰ্তমানলৈকে আগবঢ়াই আহিছে।
সাঁচিপাতৰ পুথিসমূহ ঃ বান টাই দেওধাইৰ আটাইতকৈ গৌৰৱৰ সমলখিনিয়ে হৈছে ইয়াত থকা আহোম ভাষাৰ সাঁচিপাতৰ পুথিসমূহ। মই প্রথমেই সেইসকল মহান ম (পণ্ডিত)ক অশেষ ধন্যবাদ জাচিছোঁ যি সকলে আমালৈ এনে মহান সমলখিনি থৈ গ'ল । অৱশ্যে আমাৰ পূৰ্বৰ এচামে এই সমলসমূহৰ তাৎপৰ্য বুজি নোপোৱাৰ বাবেই বা পৰিৱেশৰ অভাৱতেই হওক বহু এনে তথ্যসমৃদ্ধ পুথি নষ্ট হৈ যোৱা দেখা গৈছে। তথাপি আমি আশাবাদী বর্তমান থকা সমূহক লৈ ভবিষ্যত প্ৰজন্মলৈ এই সমলসমূহে এক উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ যোৱাটো। পুথিসমূহ বিশেষকৈ কেইটামান ভাগত ভাগ কৰিব পাৰি, যেনে- ধৰ্মীয় পুথি, বুৰঞ্জীমূলক পুথি, মন্ত্ৰ পুথি, জ্যোতিষশাস্ত্ৰৰ পুথি, মঙ্গল চোৱা পুথি আদি ।
আহোম যুগৰ ব্যৱহৃত কিছুমান সামগ্রী বান টাইত উপলব্ধ অন্য এক সম্পদ হৈছে আহোম যুগত ব্যৱহাৰ কৰা বহু সা-সামগ্ৰী। এই সমূহ আহিলা আহোমসকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছিল। আহিলাসমূহৰ ভিতৰত আছিল- বাঁহ- কাঠৰ বিভিন্ন সামগ্ৰীসমূহ, মখা, কাঁহ-পিতলৰ বহু সামগ্রী, তলিয়া, মটং, বান-বাতি, বান-কাঁহী, বহুতো সাজ-পোচাক আদি দেখিবলৈ পোৱা যায়। সেইসময়ৰ সামগ্ৰী সমূহৰ মানদণ্ডও যঠেষ্ট উন্নত মানৰ আছিল।
টাই আহোমৰ ৰীতি-নীতি ও পৰম্পৰাসমূহ : 'বান 'টাই' দেওধাই গাঁওৰ লোক সকলে বিভিন্ন সময়ত পালন কৰি অহা ৰীতি-নীতি ও পৰম্পৰা সমূহো বিশেষ বৈশিষ্টতা সম্পন্ন। অতীজৰেপৰা আমাৰ গাঁওৰ লোকসকলে ধৰ্মীয় বহু আহোমৰ ৰীতি-নীতি পুৰণি পদ্ধতিৰে পালন কৰি আহিছে। যি বিলাক ঘৰুৱা ভাৱেই হওক বা সমজোৱা ভিত্তিতেই
হওক, তেওঁলোকৰ উপাস্য দেৱ-দেৱতা সকলৰ সন্তুষ্টিৰ বাবে বলি বিধানৰপৰা উচৰ্গা কৰালৈকে সকলো প্রাচীন পৰম্পৰা টাই আহোম পদ্ধতিৰেই সম্পন্ন কৰা দেখিবলৈ পোৱা যায় ৷ পৰম্পৰাসমূহ আমাৰ গাঁওৰ লোকসকলে দৈনন্দিন জীৱনধাৰণাৰ ক্ষেত্ৰত সকলো ধৰণৰ বাস্তৱ সম্মত নীতিসমূহ পালন কৰি অহা দেখিবলৈ পোৱা যায়। যি বিলাক ঘৰ-বাৰী সঁজোৱা, খেতি-বাতি কৰা বা অন্যান্য সামাজিক আচরণ পালনৰ ক্ষেত্ৰতে হওক দেখিবলৈ পোৱা যায়।
টাই আহোমৰ জাতীয় বৃক্ষ সাঁচি গছ। সাঁচি গছ আমাৰ 'বান টাইৰ অন্য এক আকর্ষণীয় সম্পদ, যাক আহোম সকলৰ জাতীয় বৃক্ষ ৰূপে পৰিচিত। এই বৃক্ষৰ ৰূপন কৰাটো আমাৰ গাওঁৰ প্ৰতিজন লোকৰ যেন আন এক কর্তব্য। ইয়াৰ বহুকেইটা সুফল আমি দেখিবলৈ পাওঁ —
প্ৰথমতে, এই বৃক্ষ ৰূপণৰ ফলত আমাৰ গাওঁ (বান)ৰ জৰিয়তে বিশ্বৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অলপ পৰিমাণে হ'লেও অৱদান আগবঢ়াইছে।
দ্বিতীয়তে, আহোম সকলৰ এই বৃক্ষৰ লগত এক ঐতিহাসিক সম্পৰ্ক অভিজ্ঞৰেপৰা চলি আহিছে। এই গছৰ ছালৰ পৰাই বহুতো টাই ভাষাৰ পুথি প্ৰস্তুত কৰা হয়।
তৃতীয়তে, গছজোপাৰ গাত এবিধ পোক সোমোৱাৰ ফলত এক সুগন্ধিৰ দ্ৰব্য সৃষ্টি হয় যাৰ বজাৰ মূল্যও যথেষ্ট ভাল। এই পোকবিধ অৱশ্যে সকলো ঠাইতে উৎপাদন হোৱা সাঁচি গছত নোসোমাই। বিশেষকৈ আহোম যুগৰ যোদৰ আলিৰ আশে-পাশে থকা ঠাই সমূহতহে ইয়াৰ উৎপাদন ও ভাল বজাৰ মূল্যৰ সাঁচি গছ সমূহ হয়। এইক্ষেত্ৰত আমাৰ ঠাইডোখৰ যথেষ্ট উপযুক্ত ঠাই বুলি বিবেচনা কৰা হয়। বৰ্তমান সময়ত বহু খেতিয়কে এই গছৰ খেতি কৰি স্বাৱলম্বী হব পাৰিছে।
'বান টাই' দেওধাই মথুৰাপুৰৰ বিশিষ্ট্যতা বিষয়ে এনে বহু সমল আমাৰ আছে। যিবিলাকৰ পুনৰ বিশ্লেষণ তথা সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে। “টাই ভাষা ও সংস্কৃতি চর্চা কেন্দ্ৰৰ জৰিয়তে এনেবিলাক ঐতিহাসিক সমলৰ সংৰক্ষণ কৰি ৰখাটোৱেই হ'ল আমাৰ উদ্দেশ্য। যাৰ জৰিয়তে ঠাইখন সম্পূর্ণ 'বান টাই লৈ ৰূপান্তৰ কৰি জাতিটোৰ উত্তৰণত সহায় কৰিব পৰা যায়। অৱশ্যে এই সকলোখিনি তেতিয়াহে সম্ভৱ হৈ উঠিব, যেতিয়া সমগ্ৰ অঞ্চলৰ লোকে নিজা সংস্কৃতি অধ্যয়ন কৰি দেশ-জাতিৰ বৃহত্তৰ স্বাৰ্থত একেলগে আগবাঢ়ি যাব। সমাজৰ হিতস্বাৰ্থত আগবঢ়া সকলক সহায় কৰক, সু-মতি দিয়ক জাতি-দেশ আগবাঢ়ি যাওক। ৰঙ-বয়-বয়।।
★ বিষয় শিক্ষক বুৰঞ্জী, কেন্দ্রীয় টাই একাডেমি পাটসাঁকো ★