Ad

Ad Space
Showing posts with label হীৰেন ফুকন. Show all posts
Showing posts with label হীৰেন ফুকন. Show all posts

ঐতিহ্য সংকট - ✍️ চাও হীৰেন ছাঙবুন ফুকন

ঐতিহ্য সংকট

চাও হীৰেন ছাঙবুন ফুকন বিষয় শিক্ষক, বুৰঞ্জী বিভাগ কেন্দ্রীয় তাই একাডেমী, পাটসাঁকো

আহোম ইতিহাসত জাতিৰ স্বাভিমানী পিতৃপুৰুষ সকলৰ লগতে বহু বীৰ বিৰাংগনা পালো। সেয়েহে আজিও তেওঁলোকক সশ্ৰদ্ধাৰে বিভিন্ন দিনত স্মৰণ কৰো। কিন্তু কেতিয়াবা আমি এই বিশেষ দিনৰ পিছৰপৰাই ঐতিহাসিক এই মহান মানৱসকলৰ আদৰ্শক পাহৰি পেলাই এক নতুন পৃথিবী গঢ়াৰ সপোন প্ৰতিযোগিতাত নামি পৰো আৰু নিজকে এক ন-ৰূপ দিওঁ। অতীত কালত কি আছিলো এতিয়া কি হৈ আছো বা ভবিষ্যতে কি ৰূপ পাম ইয়াৰ কোনো নিশ্চয়তা নাই। মাথো গৈ আছো হয়তো এয়াই হৈছে আমাৰ জাতিৰ গৰিষ্ঠ সংখ্যক লোকৰ আজিৰ অৱস্থা । নিজৰ সংস্কৃতি অধ্যয়ন কৰিবলৈ বেয়া পাওঁ বা গভীৰতালৈ যাবলৈ ইচ্ছা নকৰো, কাৰণ ওপৰোৱাকৈ যি সংস্কৃতি পাইছো, দেখিছো তাকে লৈ আগবাঢ়িছো। প্রাচীন ধৰ্ম, পৰম্পৰা, সামাজিক আচৰণ সমূহক ত্যাগ কৰি নতুনৰ আৱৰণেৰে নিজকে আধুনিক মানৱ বুলি পৰিচয় দিছো। নহলে যেন সকলো আওপুৰণি।

      বিশ্বায়নৰ যুগত বহু আধুনিকতাৰ প্ৰভাৱতো ঐতিহ্য ৰক্ষা কৰি জাতিপ্রেমী প্ৰতিজন লোকৰ লগতে নৱপ্ৰজন্ম সকলোও অধ্যয়নশীল মানসিকতাৰ গৰাকী হ'বলৈ প্ৰচেষ্টা কৰিব লাগে। সংস্কৃতি বিষয়ক জেষ্ঠ বা অভিজ্ঞজনৰ লগত আলোচনাৰ জৰিয়তে পৰিস্থিতি অনুসৰি বিভিন্ন উপাদানসমূহক ৰক্ষা কৰি চলিবলৈ প্ৰচেষ্টা কৰিব লাগে। ইংৰাজীত সততে এষাৰ কথা শুনিবলৈ পাওঁ যে- 'Old is Gold অর্থাৎ অতীতৰ সময় বিলাক সোণোৱালী বুলি কওঁ। কিন্তু আমি এই অতীতৰ আলম লৈ বৰ্তমান আৰু ভবিষ্যত প্ৰজন্মক সোণোৱালী হিচাপে গঢ়িবৰ বাবে প্ৰচেষ্টা কৰিব লাগে। পৃথিৱীৰ মানচিত্ৰত জাপান এখন সৰু দ্বীপ ৰাষ্ট্ৰ। কিন্তু বিশ্ব ইতিহাসত কাৰিকৰী দিশৰ ক্ষেত্ৰত নিজৰ পৰিচয় এক সুকীয়া স্থানত ৰাখিবলৈ
সক্ষম হৈছে। এনে এখন উন্নত ৰাষ্ট্ৰৰ জনসাধাৰণে কিন্তু নিজৰ ঐতিহ্য বা সংস্কৃতি ৰক্ষাৰ বাবে তেনেই এক সাধাৰণ জীবন যাপন কৰি চলে। লগতে নিজৰ প্ৰাচীন সংস্কৃতিসমূহক ৰক্ষণাবেক্ষণ দিবলৈ চামে চামে নিৰৱচ্ছিন্ন প্ৰচেষ্টা কৰি আহিছে। কোনো এটা কাম পুৰুষে পুৰুষে কৰি গৈ থকাৰ পিছত সেই কামটোৱে এটা সম্পূৰ্ণ ৰূপ পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এনেবিলাক কর্মসংস্কৃতিৰ বা জীৱনশৈলীৰ বাবেই ইয়াৰ জনসাধাৰণৰ গড় আয়ুস বৰ্তমান পৃথিৱীৰ ভিতৰত সর্বাধিক ৮০ বছৰ। একে সময়তে ভাৰবৰ্ষৰ গড় আয়ুস ৬০ বছৰহে। অৱশ্যে টাই আহোমসকলৰ মাজত আৰম্ভণিৰ কালৰ সময়ত এনে বহু সজ আচৰণ নিহিত হৈ আছিল। যাৰ ফলস্বৰূপে চাওলুঙ ছৗকাফাৰ নেতৃত্বত এক দীঘলীয়া কালৰ বাবে এই মূলুকত শাসন কৰিব পাৰিছিল। সেয়েহে এতিয়া প্রয়োজন আছে নিজৰ ইতিহাস আৰু সংস্কৃতিৰ মাজত অন্তৰ্দৃষ্টিকোণেৰে অধ্যয়ন কৰি এনেবিলাক সদগুণ বিচাৰি উলিওৱাটো।

এইখিনিতে টাই আহোমসকলক লৈ আন এক দৃষ্টিভংগী উত্তৰ-পূৱ ভাৰতত বসবাস কৰা জনগোষ্ঠীয় লোকসকলৰ মাজৰ সম্পৰ্ক বা এনাজৰীডালৰ বিষয়েও আমি অলপ জনাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো। ইয়াৰ জৰিয়তে আমি এইসকল লোকৰ লগতো সংস্কৃতিৰ একতাৰে এখন সুস্থ সমাজ গঢ়িব পাৰিম। যাৰ ভেটি স্থাপন কৰিছিল জাতিৰ পিতৃ চাওলুঙ ছৗকাফাই আৰু পৰৱৰ্তী ৰজাসকলে তেওঁৰ আদৰ্শৰে বৰ অসম গঢ়াৰ সপোন দেখিছিল। আমি এইসকল চাও-ফা ৰ আদৰ্শ কেতিয়াও নাপাহৰো। লগতে আমি জনাৰ প্ৰয়োজন আছে যে-ভাষিক বা নৃতাত্ত্বিক দৃষ্টিভংগীৰে উত্তৰ-পূৱ ভাৰতত বসবাস কৰা বহুকেইটা জনগোষ্ঠীৰ মূলটোৱে হ'ল মংগোলীয় গোষ্ঠীৰ। এই জনগোষ্ঠীয় লোকসকল উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যতে পাহাৰ ভৈয়াম সকলো অঞ্চলতে সংমিশ্রিতভাবে বসবাস কৰে। এই গোষ্ঠীয় নাম সমূহ নকলেও আমি সকলোৱে জানো। তাৰে কেইটামান হ'ল- বড়ো, কছাৰী, চুতিয়া, মৰাণ, মটক, বৰাহী, দেউৰী, মিচিং, কাৰী, তিৱা, আহোম, ফাকে, খামতি, তুৰুং আইতন, খাময়াং, মণিপুৰী, কোচ, ৰাভা, আদি, চিংফৌ আৰু ইয়াৰ উপৰিও বহুকেইতা আছে। এই জাতি-জনগোষ্ঠীসমূহৰ নিজৰ সৃষ্টিৰ আখ্যান বা 'বু বা জী'ও আছে। যাক লৈ তেওঁলোকে স্বকীয় বৈশিষ্ট্যতা ৰক্ষা কৰি চলি আহিছে। মানৱ ইতিহাস বিবর্তন,

তাৰ পিছৰ পৰাই এই মাওত আগৰে পৰা বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলিবলৈ গৈ উদাৰনীতিৰে স্ব-ধৰ্ম, সংস্কৃতি পৰিত্যাগ কৰি নতুন সংস্কৃতি গ্ৰহণ কৰি এক ন-ৰূপ লয়। ফলত আজিও আমাৰ সমাজৰ মাজত এনে এক মিশ্ৰিত সংস্কৃতিৰ ৰূপ দেখা পোৱা যায়। যি বিলাক দেখি, শুনি, বুজি আজিৰ চাম মানুহৰ মাজত কি আছিল, আজি কি বা ভবিষ্যতে আহিব লগা প্ৰজন্মৰ মাজত ইয়াৰ কি প্ৰভাৱ পৰিব সেই কথা ভাবিলেই বৰ ভয় লগা হৈ পৰিছে। এটা সাধাৰণ উদাহৰণ দিব খোজো যিটো আমাৰ জীৱনৰ লগতে অভিজ্ঞ সেইটো হ'ল- “ঘটনাটো হ'ল মোৰ বিয়াৰ সময়ৰ কথা। আমি বাস কৰা গাওঁখনত আজিও বহু পৰিমাণে টাইমূলীয় ৰীতি-নীতি পালন কৰি আহিছে। যিটো আমি ল'ৰালিবে পৰা দেখি আহিছো। কিন্তু তাৰ মাজতে এই মৗঙৰ আহোমসকলৰ বৈশিষ্ট্যতা অনুসৰি ন-সংস্কৃতিৰ প্ৰভাৱ বিভিন্ন দিশৰ ফালৰ পৰা আহি পৰিছে। এনেদৰে প্ৰচলিত হৈ থকাৰ সময়তে আমাৰ বিয়াখন আছিল অলপ আছুতীয়া। তাতে মোৰ মে (সহধর্মিণী) হৈছে মিচিং জনগোষ্ঠীৰ ছোৱালী। দুগৰাকীমান আইসম খুড়ীয়ে কৈয়ে পেলালে মিচিং ছোৱালী নহ'ব। কথাষাৰ এওঁলোকৰ পৰা মোৰ যুক্তিৰে খণ্ডন কৰি আগবাঢ়িলো। এতিয়া বিয়াৰ যোগাৰ কৰা হৈছে পুৰণি পৰম্পৰা অনুসৰি। সেই অনুসৰি বিয়াত সেন্দুৰৰ প্ৰচলন নাই। তাতে লাগিল পুনৰ আন এক লেঠা- ওচৰৰ খুড়ীসকলে এই কথা কোনো কাৰণতে মানি নলয় । তেওঁলোকৰ মতে এইটো হ'বই নোৱাৰে। যিহেতু তেওঁলোকে এই নীতি অনুসৰি চলা নাই । অর্থাৎ ন-কৈ আহোম সংস্কৃতিৰ প্ৰভাৱত চলি আহিছে। ইয়াত আহোম সংস্কৃতি বুলোতে অসমত পোৱা ৰূপান্তৰৰ কথা কোৱা হৈছে আনহাতে টাই সংস্কৃতি বুলোতে প্রাচীন নিয়মসমূহক ৰক্ষা কৰি চলাৰ কথা কোৱা হৈছে। যি কি নহওক, বিয়াৰ নিয়ম বহু বাধাৰ পিছতো পুৰণি সংস্কৃতি অনুসৰিয়ে সমাপন হ'ল। শেষত নিজে এই সকলোবিলাক বিষয় নিবলে চিন্তি বিভিন্ন ধৰণেৰে নিজকে বুজনি দিবলগীয়া হ'ল। কাৰণ মই ল'ৰালিতে দেখা গাঁৱৰ সেই সমাজখন আৰু আজিৰ সমাজখনৰ মানুহৰ মানসিকতা বহু বেলেগ হৈ পৰিল। ন-কৈ অহা পৰিয়ালৰ আন সদস্যাসকলে তেওঁলোকৰ সমাজখনত পাই অহা বহু সংস্কৃতিৰ উপাদান বিশেষকৈ পুৰুষসকলৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰচলন কৰাৰ পৰাই আমাৰ সমাজ জীৱনত এক বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। সংস্কৃতি বিষয়টো আমাৰ আগৰ চামে অধ্যয়ন নকৰি সম্পূৰ্ণ একাষৰীয়া কৰি ৰখা দেখা গৈছিল। ফলশ্রুতিত আজিৰ চাম লোক দিভ্ৰষ্ট হৈ যি পাইছে একো নভবাকৈ মাথো আকোৱালি ল'বলৈ ধৰিছে। ই এক অতি পৰিতাপৰ বিষয়।

টাই আহোমসকলৰ সংস্কৃতি এক প্রাচীন সংস্কৃতিৰ নিদৰ্শন। স্ত্রী পূর্ব বহু হেজাৰ বছৰ আগৰপৰাই এই সংস্কৃতিয়ে চীন সভ্যতাত গঢ় লৈ উঠিছিল। কালক্ৰমত খ্রীষ্টিয় ত্রয়োদশ শতিকাত অসমত প্ৰৱেশ কৰাৰ পিছৰপৰা এই সংস্কৃতিয়ে এক নতুন ৰূপ লৈ আজিৰ এই ৰূপ পায়। কিন্তু প্রাচীন সংস্কৃতি অনুসৰি তেওঁলোকৰ ধর্মীয় দৰ্শন চীন দেশৰ প্ৰচলিত টাও ধৰ্ম, কনফুচিয়াচ আৰু চামানবাদৰ আধাৰত গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত স্ত্রী.পূ. ২য় শতিকামানৰ পৰা বৌদ্ধ ধৰ্মৰ নতুনকৈ অলপ প্ৰৱেশ কৰিছিল যদিও বিশেষ প্ৰভাৱ পৰা নাছিল। যিটো আমি চাওলুঙ ছীকাফাৰ কামৰূপলৈ আগমনৰ সময়ত ইতিহাস বা সংস্কৃতি চালেই বুজিম। সাম্প্রতিক সময়ত এচাম আহোমে ধৰ্মটো বৌদ্ধ বুলি ক'ব খোজে। কিন্তু ই ঐতিহাসিক বা সংস্কৃতিক তেনে কোনো ভিত্তি নাই। বর্তমান অসমত প্রতিষ্ঠিত বৌদ্ধধর্মক এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক উদ্দেশ্য নিহিত বিষয়হে হৈ পৰিছে। আনহাতে আকৌ আন এচামে আহোমৰ ধৰ্ম 'ফুৰালুঙ' বুলিও ক'ব খোজে। এইক্ষেত্ৰত ক'বলৈ গ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ধৰ্মৰ নাম স্বীকৃত নহয়। তাৰ উপৰিও যোৱা আশী দশকত এই ধৰ্মৰ নাম প্ৰতিষ্ঠা আৰু প্ৰচাৰ লাভ কৰে। গতিকে ঐতিহাসিক ভিত্তিত ইয়াৰ স্থায়িত্ব অলপ কম হ'ব। এই কথাষাৰ হয়তো মানি লোৱাত বহুতৰে অসুবিধা হ'ব পাৰে। কিন্তু ইতিহাসত বাস্তব, বৈজ্ঞানিক ভিত্তি নাথাকিলে আৱেগিকভাবে স্বীকৃত বা প্রতিষ্ঠিত নামেৰে স্থায়িত্ব পাবলৈ অসুবিধা হয়। তেন্তে আমি আহোমৰ ধৰ্ম কি বুলি কম? ই এক বহুমূলীয়া) প্রশ্ন। কথাষাৰ মোৰ ঐতিহাসিক পটভূমিত একান্ত ব্যক্তিগত মত। সেই ভিত্তিত মই 'তাও ধৰ্ম' বুলি কম। আনহাতে প্রাচীন ৰীতি-নীতি, পৰম্পৰা, সামাজিক আচৰণসমূহত কনফুচিয়াচৰ আদৰ্শ আৰু চামানবাদৰ প্ৰভাৱ দেখা যায়। যিবিলাক আমি সংস্কৃতিৰ বহু কাম-কাজ অধ্যয়ন কৰিলে বুজি পাম। আনহাতে সেইবুলি কনফুচিয়াচ আৰু চামানবাদক ধৰ্মৰ নাম দিব নোৱাৰি।

সাম্প্রতিক সময়ত অসমত আহোমৰ ধৰ্মৰ অৱস্থা যদি লক্ষ্য কৰো তেন্তে দেখিবলৈ পাম-ছাকাফাৰ নেতৃত্বত সেইসময়ৰ কামৰূপত উপস্থিত হোৱাৰ পিছৰে স্থানান্তৰকৰণৰ কথা যদি এইখিনিতে কওঁ তেন্তে হয়তো এই ভূমিত বসবাস কৰা মংগোলীয় লোকসকল বিভিন্ন সময়ত ভিন্ন পৰিৱেশ পৰিস্থিতিৰ মাজেৰে এই ঠাইত পদাৰ্পণ কৰিছিল। পৰৱৰ্তী সময়ত পাহাৰ-ভৈয়াম, নদ-নদীৰ বিভিন্ন পৰিবেশত এই লোকসকল বসবাস কৰিবলৈ লয় আৰু কালক্ৰমত সেইদৰেই তেওঁলোকৰ চিনাকী ৰূপ পায়। ভাৰতীয় ইতিহাস বা প্রাচীন কিছু গ্ৰন্থত এই লোকসকলক আকৌ অন্য কিছুমান নিঃকিন ভাষাৰ শব্দ যেনে- 'ম্লেছ', 'কিৰাট' আদি নামেৰে চিনাকী দিব খোজে। কিন্তু প্রকৃততে সেইটো নহয়। মানৱ বিৱৰ্তনৰ প্রভাৱৰ ফলত বিভিন্ন ঠাই, পৰিৱেশ পৰিস্থিতি অনুসৰি এই লোকসকল তুলনামূলকভাৱে কিছু পৰিমাণে ভাৰতীয়সকলৰ লগত বেলেগ আছিল। কাৰণ তেওঁলোকৰ স্বকীয় সংস্কৃতি আছিল যাক লৈ চহকী। কিন্তু ভাৰতীয় ইতিহাসৰ লগত মিলিবলৈ গৈ এই জাতিৰ লোকসকলে নিজা সংস্কৃতি ত্যাগ কৰিবলৈ লোৱাত লাহে লাহে সংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক দিশৰ লগতে বিভিন্ন দিশত দৰিদ্ৰ হৈ পৰিল। যাৰফলত উপৰোক্ত অতি নিঃকিন শব্দৰ প্ৰয়োগেৰে এই লোকসকলক ক'ব পৰা হ'ল এতিয়া এই লোকসকলৰ ভাৰতীয় ইতিহাস, দৰ্শনৰ প্ৰতি আকৰ্ষিত হোৱা বা তেওঁলোকৰ প্ৰতি সহনশীল হৈ স্বধৰ্ম, সংস্কৃতি পৰিত্যাগ কৰাটোৱে ভুল হ'ল নেকি? যদি ইয়ে সত্য হয় তেনে এক ডাঙৰ উদ্বেগৰ বিষয় হ'ব।

আকৌ আন এক দৃষ্টিকোণেৰে উত্তৰ-পূবৰ এই মংগোলীয় গোষ্ঠীৰ এক বৃহৎ শাখা ভাষাবিদসকলৰ মতে- “টাই কাডায় লোকসকল। যি সকল বর্তমান উত্তৰ-পূৱ ভাৰতৰ লগতে সমগ্র দক্ষিণ-পূব এছিয়াত এই শাখাৰ লোকসকল বেলেগ বেলেগ জাতিৰ নামেৰে বিয়পি আছে। উত্তৰ-পূৱ ভাৰতত বৰ্তমান ৭ টাকৈ এই গোষ্ঠীৰ লোক আছে। সেইসকল হৈছে- টাই আহোম, টাই খামতি, টাই আইতন, টাই তুৰুং, টাই ফাকে, টাই খাময়াং আৰু টাই লাই (নতুনকৈ স্বীকৃত মণিপুৰৰ) সকল। মূলত এই পৰিয়াল বা জনগোষ্ঠী কেইটাৰ মাজত ঐতিহাসিক আৰু সংস্কৃতিৰ ভিন্ন উপাদানসমূহ একেই। এতিয়া ন-কৈ হয়তো আহোমসকলৰ এই ভাতৃমূলীয় পৰিয়াল কেইটাৰ বিষয়ে বহলাই নক'লেও হ'ব। যিহেতু এই সকলৰ সম্পৰ্কে ইতিহাসবিদ, সংস্কৃতি সাধকসকলে বিভিন্ন পুথিত এওঁলোকৰ বিষয়ে বহু কথা উল্লেখ কৰি থৈ গৈছে। ড° লীলা গগৈদেৱৰ 'টাই সংস্কৃতি. ৰূপৰেখা', ড°ভীমকান্ত বৰুৱা দেৱৰ 'টাই ভাষা আৰু সংস্কৃতি' আদি পুথিসমূহত এনে বহু কথা উল্লেখ আছে।

এতিয়া আকৌ আমি টাই আহোম হিচাপে আমাৰ ইতিহাস বা সংস্কৃতিৰ কোনবিলাক দিশৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। যাৰ জৰিয়তে আমি এই বৃহৎ টাই কাডায় বা তাতোকৈ ওপৰত মংগোলীয় গোষ্ঠীৰ ঐতিহ্য ৰক্ষা কৰিব পাৰিম। প্ৰথমতে, আমি আহোমসকলৰ সৃষ্টিৰ পাতনি বা ইয়াৰ পৰৱৰ্তী ইতিহাস জনাটো প্রয়োজন। দ্বিতীয়তে, নিজ জাতিৰ সংস্কৃতি অধ্যয়ন কৰি বুজাৰ প্রয়োজন আছে। শেষত- এই বৃহৎ গোষ্ঠীৰ লোকৰ মাজত এক ৰাজনৈতিক ঐক্যবদ্ধতাৰ প্ৰয়োজন আহি পৰিছে।

টাই আহোমসকল এক প্রাচীন ঐতিহাসিক চহকী জাতিৰ লোক হয়। যাৰ প্ৰাচীন কালৰ লিখিতৰূপত থকা বহুতো বু ৰণ জী পুথি আজিও অক্ষত অবস্থাত আছে। ইতিহাসৰ এনেবিলাক কথা আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত তেনেই সাধাৰণ বা তুচ্ছ মানদণ্ডৰ বুলি হয়তো বহু আজিৰ আধুনিক শিক্ষিত চামে ক'ব খোজে। কিন্তু আমাৰ কথা হ'ল- এইবিলাক সমল যিহেতু প্রাচীন সাঁচিপতীয়া পুথিত লিখিত ৰূপত উল্লেখ আছে। গতিকে লিখিত দলিল হিচাপে আমি ইয়াক ঐতিহাসিক প্ৰমাণিকতাৰ কথা ক'ব পাৰো। যাৰ গুৰুত্বতা আধুনিক বিজ্ঞানৰ Big Bang Theory ৰ লগত মিল আছে। বিজ্ঞানৰ এই সূত্ৰ ১৯২৭ চনত আবিষ্কাৰ হৈছিল। কিন্তু আহোমৰ 'লিট লাই পেঞ কা কা' পুথিত সৃষ্টিৰ এই পাতনি কাহিনীভাগ বৰ সুন্দৰকৈ ইয়াতকৈ আগতে উল্লেখ কৰি গৈছে। পিছে এনেবিলাক মহৎ কথা আজিৰ সমাজৰ বুৰঞ্জী বা সংস্কৃতিৰ বিষয়বিলাক অধ্যয়ন নকৰাসকলে বুজিবলৈ কষ্ট পায়। ফলত সমাজত পুনৰ এনে এচামে বিষয়ভিত্তিক কথাবিলাক নজনাকৈয়ে নিজে বিপথত চলাৰ লগতে আনকো বিপথে পৰিচালিত কৰে। সেয়েহে এনেবিলাক কথা জ্যেষ্ঠ-কনিষ্ঠ সকলোবে জানি বুজি ভৱিষ্যত প্ৰজন্মৰ উপযোগী হোৱাকৈ তথ্যবিলাক দিবৰ বাবে প্ৰচেষ্টা কৰিব লাগে।

এইখিনিতে কথা এটা মনলৈ আহিছে। যি কথা মই এতিয়াই উল্লেখ নকৰিলে হয়তো ৰৈ যাব। এই কথা আমি সকলোৱে জানো যে- আহোম সকলে এই মীন্ধ বা দেশত খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে আহি উপস্থিত হৈছিল।
পৰা নিজ সংস্কৃতি এৰি নতুন সংস্কৃতি লাহে লাহে ল'বলৈ ধৰাত পৰৱৰ্তী চাওফা বামুণী কোঁৱৰৰ পৰাই হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিবলৈ ধৰে। শেষলৈ এই ধৰ্মই আগতে উল্লেখ কৰাৰ দৰে আহোমসকলক অধ্যয়নৰ অভাৱত উপৰোৱা ধৰ্মই সম্পূর্ণ গ্ৰাস কৰে। আজি সেইয়েহে সকলো শ্ৰেণীৰ আহোমে নিজা পৰিচয় হিন্দু বুলি ক'বলৈ উপায়হীন হৈ পৰিছে। তাতে হিন্দু আহোমৰ মাজত কেঁচা, পকা, কালসংহতি আদি বিভিন্ন ভাগ। এইবোৰ কেনেকৈ হ'বলৈ পালে অলপ ভাবি চাব লগীয়া কথা। ইতিহাস, সংস্কৃতি অধ্যয়ন কৰি আগৰ সংস্কৃতি কি আছিল, বৰ্তমান কি ৰূপ লৈছে বুজিবলৈ চেষ্টা কৰক। নহ'লে অনাগত দিনত যি অলপ বাকী আছেগৈ তাকো ডাঙৰ সংস্কৃতিৰ প্ৰভাৱত নাইকিয়া হ'বগৈ।

শেষত, সভ্যতা-সংস্কৃতি ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ দৰে মুষ্টিমেয় সৰ্বসাধাৰণলোকে সৰ্বশ্ব এটা জাতি বা দেশৰ নামত ত্যাগ কৰিব লগা হয়। ইয়াৰ পিছতো সেইসকলৰ স্বীকৃতি সৰহ সংখ্যকে নিদিয়ে। যিটো আমি ইতিহাসত, আহোমৰ তিনি পণ্ডিত (ছাম ম' মৗঙ) সকলক অৱজ্ঞা কৰাৰ দৰেই দেখিবলৈ পাওঁ। কাৰণ তেওঁলোকৰ দুখ আছিল প্রাচীন পৰম্পৰা ধৰি ৰাখিবলৈ প্ৰচেষ্টা কৰাটো। আজিও তাৰে কিছু প্রভাৱ সেই মুষ্টিমেয় সাধাৰণলোকৰ ওপৰত যেন পৰিয়ে আছে। সমাজত যদি কোনোৱে নিজস্ব ঐতিহ্য ৰক্ষা কৰি চলিব বিচাৰে বা কোনো বৃহৎ সংস্কৃতিৰ মাজত বিলীন হৈ নোযোৱাকৈ থাকে, তেনে এইয়া সেই সাধাৰণ শ্ৰেণীৰ লোকৰ দুখ নেকি? পাৰে যদি সেই অকলশৰীয়াজনৰ লগত থিয় হৈ সহায়ৰ হাত আগবঢ়াত্তক। জাতীয় সংস্কৃতি উদ্ধাৰ হ'ব। ৰঙ বয় বয়।

বান-টাই' মথুৰাপুৰ দেওধাই আহোম সংস্কৃতিৰ ঐতিহাসিক আৰু বৰ্তমানৰ গুৰুত্ব - ✍️ হীৰেন ছাঙবুন ফুকন

বান-টাই' মথুৰাপুৰ দেওধাই আহোম সংস্কৃতিৰ ঐতিহাসিক আৰু বৰ্তমানৰ গুৰুত্ব
      [✍️ হীৰেন ফুকন]

তিহাসে সোঁৱৰা অসম ভূমিৰ এখনি বুৰঞ্জী প্ৰসিদ্ধ জিলা হৈছে ঐতিহাসিক শিৱসাগৰ (ৰংপুৰ চে-মুন) জিলা। আহোম ইতিহাসৰ ৬০০ টা বছৰ ৰাজত্বৰ প্ৰায় বিলাক সমল এই জিলাখনতে ইমূৰৰ পৰা সিমূৰলৈকে সিঁচৰিত হৈ আছে। আহোম যুগৰ সমলৰ ভিতৰত বহুতো মঠ-মন্দিৰ, দৌল দেৱালয়, ৰাজপ্ৰসাদ, বাট-পথ, গড়-খাবে, ৰাজধানী, মৈদাম, পুখুৰী আদিকে ধৰি প্ৰায় ৫৫০ টাৰো অধিক সমল এই অবিভক্ত শিৱসাগৰ জিলাখনতে আছে। সাম্প্রতিক সময়ত এই জিলাখনক দুটা ভাগত ভাগ কৰা হ'ল- শিৱসাগৰ আৰু চৰাইদেউ (চে-ৰাই-দয়) জিলা। ঐতিহাসিক পটভূমিৰ ফালৰপৰা এই জিলাকেইখনৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। অবিভক্ত শিৱসাগৰ জিলাৰ এনে বিলাক বৈশিষ্ট্যতাৰ কাৰণেই ২০১৪ চনৰ ১৫ এপ্ৰিলৰ দিনাখন প্ৰথমবাৰৰ বাবে ইউনেস্কৰ (UNESCO) বিশ্ব ঐতিহ্যৰ সংস্কৃতিক ভাগৰ টেনটেটিভ লিষ্টত (Tentative List) অন্তভুক্ত হৈছিল। যদিও বিভিন্ন কাৰণবশত এইবাৰ সফল হব পৰা নগ'ল। কিন্তু আজিৰ দিনত আমি অতি গৌৰৱেৰে কব পৰাকৈ যোৱা মাৰ্চ মাহৰ প্ৰথম ভাগত চৰাইদেউ জিলাৰ মৈ-ডাম সমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ লগে লগে জিলাখনৰ মান আন এক পর্যায়লৈ উন্নিত হ'ল। এইক্ষেত্ৰত এ.এচ.আই বিভাগ, বিশেষজ্ঞ লোকসকল, স্থানীয় লোক, জিলা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰশাসনাৱলীৰ সদইচ্ছাৰ বাবেই এনে এক সু-খৱৰ আমাৰ মাজলৈ আহিলে। সেইয়েহে এই আপাহতে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলো।

মথুৰাপুৰ ঠাইৰ ইতিবৃত্ত ঃ- মথুৰাপুৰ ঠাইৰ নামৰ ইতিবৃত্ত সম্পর্কে ভিন্ন ধাৰণা ভিন্ন জন লোকৰ মাজত দেখা পোৱা যায়। অৱশ্যে সেইসমূহৰ ভিতৰত সঠিক তথ্য ঐতিহাসিক প্রমাণিকতা থকাটো অতি প্রয়োজন। কারণ ইতিহাস লিখিত তথ্য অথবা পত্নতাত্ত্বিক সমল সমূহৰ ওপৰত ভিত্তি কৰিহে লিখা যায়। আহোম বুৰঞ্জী ৰায় চাহাব গোলাপ চন্দ্ৰ বৰুৱাৰ অনুদিত আৰু সম্পাদিত পুথিৰ পিষ্ঠা নং-১৭৮ত এই ঠাইৰ নাম “ছুন মাক খাও” অর্থাৎ "ন-বাৰি' বুলি উল্লেখ আছে। সেই অনুসৰি এইঠাইতে “মিৰজুমলা আৰু দিলাতখাঁই ঘোৰাত উঠি যুদ্ধ কৰা দেখি আহোম সেনাবাহিনীয়ে গুজৰি  গুমৰি আহিছিল

(ফাঙ মিৰ জাম লা মা লা দি লাত খাঁ ছঙ খা খি মা তাক হিত ছৗক, কুন ৰাও থাঙ হান ফাঙ নাম/ঞাম ঞেউ)”। আকৌ এই নামৰ লগত বৰ্তমান প্ৰচলিত মথুৰাপুৰ শব্দৰ মিল নাই তাক লৈ এক প্রশ্ন হয়তো বহুতৰ মনত হব পাৰে। আমি আন কিছু প্রচলিত ধাৰাৰ দিশেৰে যদি চাও বৰ্তমান গড়গাও চহৰ বা ৰাজধানী আহোমৰ দিনত নাম আছিল 'চে-হুঙ' প্ৰাক ৰাজধানী কালত নাম আছিল 'হেমেনাবাৰী'। একেদৰে পুৰণি শিৱসাগৰৰ নাম কলঞ্চুপাৰ, আহোমৰ নাম 'চে-মুন' পৰৱৰ্তী সময়ত ৰংপুৰ আদি । মথুৰাপুৰৰ প্ৰাচীন নাম আহোম নামেৰে 'ছুন মাক-খাও' বা ন-বাৰী হোৱাৰ ধাৰণা 'আহোম বুৰঞ্জী'ৰ মতে- মিৰজুমলাৰ গড়গাওঁ আক্ৰমনৰ বিৱৰণ মতেই এই নামৰ ব্যৱহাৰ গতানুগতিক ঠাঁই সমূহৰ নামৰ ব্যৱহাৰ ক্ৰম অনুসৰি লোৱা হৈছে। কিছু যুক্তিৰে কথাবিলাক বিচাৰ কৰিলে আমি দেখোঁ যে ক্রমানুসৰি উপৰুক্ত উল্লেখিত ঠাই সমূহৰ নাম পূৱৰ পৰা পশ্চিমলৈ অভয়াপুৰ (চে-খৗৱ),চফ্ৰাই (থাম-ফ্ৰা-ৰাই), ন-বাৰী (ছুন-মাক-খাও), চিং-লুঙ, চেৰাই-ডয় (ডয়- চে), টেঙাবাৰী (ছন-মাক- কাও), টাই-মুঙ (ৰাজধানী গড়গাওঁ) আদি। সেই অনুসৰি চাফ্ৰাই পৰৱৰ্তি পশ্চিমৰ ঠাইখনকে আমি বৰ্তমানৰ মথুৰাপুৰ কব পাৰো। আন এক যুক্তিৰে চালে আমি পাওঁ এই মথুৰাপুৰৰ সোঁমাজেদি উত্তৰলৈ অহা এটি ৰাস্তা বর্তমান সময়তো বহুতে 'হৰিয়হ তলি/বাৰী আলি' বুলিও কয়। এই কথাৰেও গড়গাওঁৰ পৰা পূৱলৈ চাইৰ ভিতৰত বাৰী সাজিবলৈ উপযুক্ত মাটিৰ গুণাগুনৰ দৃষ্টিৰে চালেও 'ন-বাৰী' পতা নামৰ কথা যুক্তিযুক্ততা দেখা যায়। তাতে আজিৰ দিনৰ দৃষ্টিৰে চালেও এই ঠাইৰ দুয়োপাৰে সেইসময়ত যঠেষ্ট পৰিমাণৰ বাৰী মাটি আছিল। আনহাতে, আজিৰ পেক্ষাপটত মথুৰাপুৰ' (মথুৰা + পুৰ) নামটো আধুনিক পশ্চিমীয়া সংস্কৃতিৰ ইন্দো-ইউৰোপীয় ভাষা গোষ্ঠীৰ নামৰ অপভ্রংশ হয়। গতিকে ইয়াক লৈ মোৰ বিশেষ কবলগীয়া নাই। যিহেতু পৰৱৰ্তী আহোম যুগত অসমৰ প্ৰায় লোকেই এই সংস্কৃতিৰ দ্বাৰাই বৃহত্তৰ অসমীয়া, ভাৰতীয় সুঁতত মিলি গ'ল। সেইয়েহে এনে নাম হোৱাটো স্বাভাবিক।

ভৌগোলিক অৱস্থান :- অবিভক্ত শিৱসাগৰ জিলাৰ মাজমজিয়াতে অৱস্থিত। চৰাইদেউ মৈদাম থলিৰ পৰা মাত্র ৪ কিঃমিঃ পূৱ দিশলৈ মথুৰাপুৰ নগৰ অৱস্থিত। মথুৰাপুৰ ঠাঁইৰ চাৰিসীমাৰ ভিতৰত পুৱলৈ চফ্ৰাই নৈ (থাম-ফ্ৰণ-ৰাইবা থাম ফাই), পশ্চিমে ঐতিহাসিক নিমনাগড় (নমুনাগড়), উত্তৰে ঐতিহাসিক ৰাজগড়, লাকুৱা, চলাপথাৰ ৰিজাৰ্ভ আৰু দক্ষিণে সুউচ্চ নগা পাহাৰ আছে। মথুৰাপুৰৰ মাজেদিয়েই ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। ইতিহাসত উল্লেখ থকা অনুসৰি এই নগৰতে মোগল সেনাপতি মিৰজুমলাই গড়গাঁও আক্ৰমণ কৰি আহি কিছুদিনৰ বাবে জিৰণি লৈছিলহি।

অর্থনীতি :- মথুৰাপুৰ অঞ্চলৰ লোক সকলৰ অৰ্থনৈতিক কাথাসোটো কৃষি, বাণিজ্যৰ লগতে বিভিন্ন ক্ষুদ্র উদ্যোগ আৰু চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ ক্ষেত্ৰত ধান খেতি, চাহ খেতি, সাঁচি গছৰ খেতিৰ লগতে বিভিন্ন বতৰত অন্যান্য শাক- পাঁচলি আদিৰ খেতি কৰে।

জনগাঠনি ঃ-এই মথুৰাপুৰত বিভিন্ন জাতি-জনগোষ্ঠিৰ লোক সকলে একেলগে বসবাস কৰে। ইয়াত টাই আহোম, টাই খাময়াং, সোনোৱাল কছাৰী, নেপালী, মিচিং, ব্রাক্ষ্মণ, মুছলমান, বড়ো, চাহ জনগোষ্ঠি, কোচ, কলিতা, বেংগলী, বিহাৰী, মাৰোৱাৰী, টেলেংগা, পাঞ্জাবী আদি বহু জাতিৰ লোকসকলে একেলগে বসবাস কৰে।

বান টাই মধুৰাপুৰ দেওধাই : মথুৰাপুৰত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ভিতৰত টাই আহোমসকলৰ কেইবাখনো গাওঁ নামত বসবাস কৰে। এই আহোম গাওঁসমূহৰ ভিতৰত স্বকীয় টাই বৈশিষ্ট্যতা ৰক্ষা কৰি পূৰ্বৰে পৰা চলি অহা গাওঁখনেই হ'ল মথুৰাপুৰ 'দেওধাই গাঁও'। টাই ভাষাত 'বান-টাই' অর্থাৎ বান মানে গাওঁ, টাই মানে এক জাতি তাৰে ভিতৰত দেওয়াই সকলৰ বসতি স্থল। এই গাওঁখনি মথুৰাপুৰ তিনিআলিৰপৰা প্ৰায় ৪.৫ কিঃমিঃ উত্তৰ-পশ্চিম দিশত অৱস্থিত। যোগাযোগৰ বাবে এই গাওঁৰ লোক সকলে মথুৰাপুৰ তিনিআলিত বাছ সেৱা (দিবা-নৈশ, নামৰূপ-সোণাৰি গুৱাহাটী) আৰু লাকুৱাত ৰেইল সেৱা (পেচেঞ্জাৰ, ইণ্টাৰচিটি ৰেইল)ৰ বাবে নিতৌ অহা যোৱা কৰে। বৰ্তমান এই গাওঁৰ মাজেদিয়েই মথুৰাপুৰ-লাকুৱা ৰেইল ষ্টেচন সংযোগী পথ আছে। আকৌ লাকুৱা ৰেইল ষ্টেচনটো এই গাওঁৰপৰা প্ৰায় ৪ কিঃমিঃ উত্তৰ পশ্চিম দিশত অৱস্থিত। ঐতিহাসিকভাবে এই গাওঁৰ প্ৰতিষ্ঠাৰ কথাটো আনুমানিক খ্ৰীষ্টিয় ১৭ শতিকা মানৰ বুলি ভবা হৈছে যদিও এই বিষয়ৰ ওপৰত অধ্যয়ন চলি আছে। এই গাওঁত টাই আহোমৰ তিনিটা ৰাজকীয় পুৰুহিত শ্ৰেণীৰ ভিতৰত দেওধাই (ম চাম/চাংবুন) সকল আৰু মহন (ম চাই/মহুৎ) এই দুই শ্ৰেণীৰ লোকসকলে বসবাস কৰে। এই গাওঁখনত অতীজৰেপৰা টাই আহোমসকলৰ বহুটো পৰম্পৰাৰ ৰীতি-নীতি আজিও পালন কৰি আছে। তাৰে নিদৰ্শন হিচাপে এই গাওঁ ৰ চাৰিসীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰৰ কথা এক উল্লেখযোগ্য দিশ। আনহাতে ৰীতি- নীতি, পৰম্পৰা পালনৰ ক্ষেত্ৰতো ইয়াত প্ৰাচীন টাই আহোমৰ বৈশিষ্টতা সমূহ দেখিবলৈ পোৱা যায়। গাওঁখনৰ চাৰিসীমাৰ ক্ষেত্ৰত উত্তৰ-পূৱ কোণত এখন দেওশাল আছে। (ইয়াত হাবিদেও বা 'পফিছু' উপাসনা কৰাৰ কথা উল্লেখ আছে)। দক্ষিণ-পূর্ব কোণত এখন ৰাজহুৱা মৈদাম স্থলি আছে। উত্তৰ-পশ্চিম কোণত এজোপা বাছ (তুন-কঙ) আছে (এই বৰজোপা কক্‌-ছা ছাওবুন পৰিয়ালৰ উপৰিপুৰুষ তথা 'ওম-ফা' ৰ দেউৰী
ডাম চাও আত্নাকাণীয়া দেৱে ৰূপন কৰিছিল) আৰু দক্ষিণ-পশ্চিম কোণত এটা বৰপুখুৰী আছে (সেই বৰগছৰ তলৰপৰা আৰম্ভ কৰা প্ৰাচীন পৰম্পৰা সমূহৰ সামৰণি এই বৰপুখুৰী পাৰতে সামৰণি কৰিছিল)। আমি মন কৰিলে দেখা পাওঁ ইয়াৰ প্ৰতিটো কোণত অতিজৰেপৰা বিভিন্ন সময়ত বহুতো টাই আহোমৰ পৰম্পৰা মেদাম-মে-ফী, জা-ছি- ফা, পফিচু, লেংডন পূজা, বাটৰুৱা পূজা আদি বহু ৰীতি নীতি পালন কৰা হয়। ঐতিহাসিক দেওধাই গাওঁ (বান টাই)ত দেশৰ তিনি মহান পণ্ডিত (ছাম ম' মুঙ) সকলৰ মাজত পালন কৰা আন বহুতো ৰীতি-নীতি আজিও সুন্দৰভাৱে পালন কৰা হয়।

টাই ভাষা ও সংস্কৃতি চর্চা কেন্দ্ৰ, মথুৰাৰ সাম্প্রতিক সময়ত বহু আহোম লোকে নিজৰ ৰীতি-নীতি, পৰম্পৰা এৰি অন্য ধৰ্মৰ ৰীতি-নীতি, পৰম্পৰা গ্ৰহণ কৰাৰ ফলত যি এক মিশ্রিত সংস্কৃতি গঢ় লৈ উঠিছে তেনে এক সন্ধিক্ষণত ২০১৪ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখত “ কেন্দ্ৰীয় তাই একাডেমী, পাটসাঁকোৰ অধীনত “টাই ভাষা ও সংস্কৃতি চৰ্চা কেন্দ্ৰ, মথুৰাপুৰ ” নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰেপৰা গতানুগতিকভাৱে আমাৰ এই কেন্দ্ৰত প্ৰতি দেওবাৰে পুৱা ৬.০০ বজাৰ পৰা পুৱা ১১.০০ বজালৈকে শ্ৰেণীসমূহ চলি আহিছে। গত সময়ছোৱাত এই কেন্দ্ৰৰ অধীনত বিভিন্ন সময়ত বহুটো কৰ্মশালা আৰু বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এটি টাই সংস্কৃতি দল গঠন কৰা হয়। আমাৰ এই দলটিয়ে অসমৰ বহু ঠাইত টাই সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে। বর্তমান সময়ত প্রায় ৫০ জন ছাত্ৰ-ছাত্ৰীৰো অধিক ইয়াৰ বিভিন্ন পাঠ্যক্ৰমসমূহত অধ্যয়ন কৰি আছে। কেন্দ্রটি যদিও তুলনামূলকভাৱে তেনেই নতুন তথাপি ইয়াৰ উদ্দেশ্য বা লক্ষ্য যথেষ্ট বিশাল। কেন্দ্রটিত টাই আহোম ভাষা-সংস্কৃতিৰ বিভিন্ন বিষয় সমূহৰ ওপৰত পুংখানুপুংখভাবে অধ্যয়ন কৰা হয়। এই কেন্দ্রটি গঢ়ি উঠাৰ লগে লগে অতীতৰ গৰাহত হেৰাই যাবলৈ ধৰা টাই আহোমৰ ভাষা-সংস্কৃতিৰ পৰম্পৰা সমূহ কণ কণ লৰা-ছোৱালীৰ লগতে বয়োজ্যেষ্ঠ সকলৰ মাজত পুনৰ এই সংস্কৃতিয়ে স্থান পাইছে। আশা কৰিছোঁ ভবিষ্যত প্ৰজন্মই আমাৰ কেন্দ্ৰ ও বান টাই দেওধাইৰ জৰিয়তে টাই আহোম ভাষা সংস্কৃতি অধ্যয়ন আৰু চৰ্চা কৰাৰ ক্ষেত্ৰত যঠেষ্ট লাভান্বিত হব পাৰিব।

বান টাই দেওধাই মথুৰাপুৰ এক ক্ষেত্রভিত্তিক বিশ্লেষণ : "বান টাই দেওধাই আহোম সংস্কৃতিৰ ঐতিহাসিক আৰু বৰ্তমানৰ গুৰুত্ব" এইক্ষেত্ৰত আমাৰ গাওঁত উপলব্ধ সংস্কৃতিৰ সমলসমূহৰ ক্ষেত্ৰভিত্তীক অধ্যয়নৰ কিয়দাংশ আগবঢ়ালো। বান টাই দেওধাই  উপলব্ধ সমল সমূহৰ ভিতৰত—

ক) পুৰণি সাঁচিপতীয়া টাই ভাষাৰ বিভিন্ন পুথি সমূহ। পুথিসমূহৰ ভিতৰত আদি বুৰঞ্জী, মঙ্গলচোৱা পুথি, মন্ত্ৰ পুথিকে ধৰি আৰু বহু পুথি যি বিলাকৰ ওপৰত বর্তমানো অধ্যয়ন চলি আছে।

খ) পুৰণি আহোম যুগত ব্যবহৃত বহুতো সম্পদ।

গ) টাই আহোম ৰীতি-নীতি পৰম্পৰাসমূহ। ইয়াত বিভিন্ন সময়ত দেওধাই- মহনসকলে পালন কৰা ৰীতি-নীতি সমূহ উল্লেখযোগ্য (যি বিলাক ৰীতি-নীতি আন আহোম সকলৰ লগত কিছু পার্থক্য দেখিবলৈ পোৱা যায়)।

ঘ)    টাই আহোমৰ জাতীয় বৃক্ষ হিচাপে চিহ্নিত 'সাঁচি গছ' আমাৰ গাওঁ (বান) আপুৰুগীয়া সম্পদ। যিবিলাক বৃক্ষই আমাৰ লোকসকলক সংস্কৃতিক আৰু অর্থনৈতিক আদি সকলো ক্ষেত্ৰত বহুমূল্য অবদান অতীতৰপৰা বৰ্তমানলৈকে আগবঢ়াই আহিছে।

সাঁচিপাতৰ পুথিসমূহ ঃ বান টাই দেওধাইৰ আটাইতকৈ গৌৰৱৰ সমলখিনিয়ে হৈছে ইয়াত থকা আহোম ভাষাৰ সাঁচিপাতৰ পুথিসমূহ। মই প্রথমেই সেইসকল মহান ম (পণ্ডিত)ক অশেষ ধন্যবাদ জাচিছোঁ যি সকলে আমালৈ এনে মহান সমলখিনি থৈ গ'ল । অৱশ্যে আমাৰ পূৰ্বৰ এচামে এই সমলসমূহৰ তাৎপৰ্য বুজি নোপোৱাৰ বাবেই বা পৰিৱেশৰ অভাৱতেই হওক বহু এনে তথ্যসমৃদ্ধ পুথি নষ্ট হৈ যোৱা দেখা গৈছে। তথাপি আমি আশাবাদী বর্তমান থকা সমূহক লৈ ভবিষ্যত প্ৰজন্মলৈ এই সমলসমূহে এক উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ যোৱাটো। পুথিসমূহ বিশেষকৈ কেইটামান ভাগত ভাগ কৰিব পাৰি, যেনে- ধৰ্মীয় পুথি, বুৰঞ্জীমূলক পুথি, মন্ত্ৰ পুথি, জ্যোতিষশাস্ত্ৰৰ পুথি, মঙ্গল চোৱা পুথি আদি ।

আহোম যুগৰ ব্যৱহৃত কিছুমান সামগ্রী বান টাইত উপলব্ধ অন্য এক সম্পদ হৈছে আহোম যুগত ব্যৱহাৰ কৰা বহু সা-সামগ্ৰী। এই সমূহ আহিলা আহোমসকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছিল। আহিলাসমূহৰ ভিতৰত আছিল- বাঁহ- কাঠৰ বিভিন্ন সামগ্ৰীসমূহ, মখা, কাঁহ-পিতলৰ বহু সামগ্রী, তলিয়া, মটং, বান-বাতি, বান-কাঁহী, বহুতো সাজ-পোচাক আদি দেখিবলৈ পোৱা যায়। সেইসময়ৰ সামগ্ৰী সমূহৰ মানদণ্ডও যঠেষ্ট উন্নত মানৰ আছিল।

টাই আহোমৰ ৰীতি-নীতি ও পৰম্পৰাসমূহ : 'বান 'টাই' দেওধাই গাঁওৰ লোক সকলে বিভিন্ন সময়ত পালন কৰি অহা ৰীতি-নীতি ও পৰম্পৰা সমূহো বিশেষ বৈশিষ্টতা সম্পন্ন। অতীজৰেপৰা আমাৰ গাঁওৰ লোকসকলে ধৰ্মীয় বহু আহোমৰ ৰীতি-নীতি পুৰণি পদ্ধতিৰে পালন কৰি আহিছে। যি বিলাক ঘৰুৱা ভাৱেই হওক বা সমজোৱা ভিত্তিতেই

হওক, তেওঁলোকৰ উপাস্য দেৱ-দেৱতা সকলৰ সন্তুষ্টিৰ বাবে বলি বিধানৰপৰা উচৰ্গা কৰালৈকে সকলো প্রাচীন পৰম্পৰা টাই আহোম পদ্ধতিৰেই সম্পন্ন কৰা দেখিবলৈ পোৱা যায় ৷ পৰম্পৰাসমূহ আমাৰ গাঁওৰ লোকসকলে দৈনন্দিন জীৱনধাৰণাৰ ক্ষেত্ৰত সকলো ধৰণৰ বাস্তৱ সম্মত নীতিসমূহ পালন কৰি অহা দেখিবলৈ পোৱা যায়। যি বিলাক ঘৰ-বাৰী সঁজোৱা, খেতি-বাতি কৰা বা অন্যান্য সামাজিক আচরণ পালনৰ ক্ষেত্ৰতে হওক দেখিবলৈ পোৱা যায়।

টাই আহোমৰ জাতীয় বৃক্ষ সাঁচি গছ। সাঁচি গছ আমাৰ 'বান টাইৰ অন্য এক আকর্ষণীয় সম্পদ, যাক আহোম সকলৰ জাতীয় বৃক্ষ ৰূপে পৰিচিত। এই বৃক্ষৰ ৰূপন কৰাটো আমাৰ গাওঁৰ প্ৰতিজন লোকৰ যেন আন এক কর্তব্য। ইয়াৰ বহুকেইটা সুফল আমি দেখিবলৈ পাওঁ —

প্ৰথমতে, এই বৃক্ষ ৰূপণৰ ফলত আমাৰ গাওঁ (বান)ৰ জৰিয়তে বিশ্বৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অলপ পৰিমাণে হ'লেও অৱদান আগবঢ়াইছে।

দ্বিতীয়তে, আহোম সকলৰ এই বৃক্ষৰ লগত এক ঐতিহাসিক সম্পৰ্ক অভিজ্ঞৰেপৰা চলি আহিছে। এই গছৰ ছালৰ পৰাই বহুতো টাই ভাষাৰ পুথি প্ৰস্তুত কৰা হয়।

তৃতীয়তে, গছজোপাৰ গাত এবিধ পোক সোমোৱাৰ ফলত এক সুগন্ধিৰ দ্ৰব্য সৃষ্টি হয় যাৰ বজাৰ মূল্যও যথেষ্ট ভাল। এই পোকবিধ অৱশ্যে সকলো ঠাইতে উৎপাদন হোৱা সাঁচি গছত নোসোমাই। বিশেষকৈ আহোম যুগৰ যোদৰ আলিৰ আশে-পাশে থকা ঠাই সমূহতহে ইয়াৰ উৎপাদন ও ভাল বজাৰ মূল্যৰ সাঁচি গছ সমূহ হয়। এইক্ষেত্ৰত আমাৰ ঠাইডোখৰ যথেষ্ট উপযুক্ত ঠাই বুলি বিবেচনা কৰা হয়। বৰ্তমান সময়ত বহু খেতিয়কে এই গছৰ খেতি কৰি স্বাৱলম্বী হব পাৰিছে।

'বান টাই' দেওধাই মথুৰাপুৰৰ বিশিষ্ট্যতা বিষয়ে এনে বহু সমল আমাৰ আছে। যিবিলাকৰ পুনৰ বিশ্লেষণ তথা সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে। “টাই ভাষা ও সংস্কৃতি চর্চা কেন্দ্ৰৰ জৰিয়তে এনেবিলাক ঐতিহাসিক সমলৰ সংৰক্ষণ কৰি ৰখাটোৱেই হ'ল আমাৰ উদ্দেশ্য। যাৰ জৰিয়তে ঠাইখন সম্পূর্ণ 'বান টাই লৈ ৰূপান্তৰ কৰি জাতিটোৰ উত্তৰণত সহায় কৰিব পৰা যায়। অৱশ্যে এই সকলোখিনি তেতিয়াহে সম্ভৱ হৈ উঠিব, যেতিয়া সমগ্ৰ অঞ্চলৰ লোকে নিজা সংস্কৃতি অধ্যয়ন কৰি দেশ-জাতিৰ বৃহত্তৰ স্বাৰ্থত একেলগে আগবাঢ়ি যাব। সমাজৰ হিতস্বাৰ্থত আগবঢ়া সকলক সহায় কৰক, সু-মতি দিয়ক জাতি-দেশ আগবাঢ়ি যাওক। ৰঙ-বয়-বয়।।

★  বিষয় শিক্ষক বুৰঞ্জী, কেন্দ্রীয় টাই একাডেমি পাটসাঁকো
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧