Ad

Showing posts with label tai Ahom religion. Show all posts
Showing posts with label tai Ahom religion. Show all posts

টাই আহোমৰ ধৰ্ম (ধৰিত্ৰী গগৈ ফুকন)

 

 টাই আহোমৰ ধৰ্ম (ধৰিত্ৰী গগৈ ফুকন)



ত্তাঈ আহোমৰ ধৰ্ম কি ? এটা আলোচনা কৰিবলগীয়া বিতৰ্কত বিষয় ।
প্ৰথম কথাটো হ’ল , আহোমসকল বাস্তৱবাদী মানুহ । জীৱিতসকলক পাপ্য অনুসাৰে সন্মান জনোৱাত কোনেও কৃপণালি নকৰে আৰু সম্বন্ধবোৰ সদায় নিয়াৰিকৈ পালন কৰে । যেনে - নিজৰ পিতৃ-মাতৃতকৈ জেষ্ঠ্যজনক আপাদেউ-নিচাদেউ আৰু কনিষ্ঠজনক দদাইদেউ-খুৰীদেউ , পেহীদেউ আদি সম্বোধন , নিজতকৈ জেষ্ঠ্যজনক বাইদেউ-ককাইদেউ আৰু কনিষ্ঠজনক ভাইটি-ভন্টি আদি সম্বোধনেৰে শ্ৰদ্ধা-মৰম প্ৰদৰ্শন কৰে । নিজৰ বংশৰ ডাঙৰ পৰিয়ালৰ হ’লে বয়সত সৰু হ’লেও ডাঙৰ সম্বন্ধ ধৰি মাতে । সৰু পৰিয়ালৰ হ’লে বয়সত ডাঙৰ হ’লেও সৰু সম্বন্ধ ধৰি মাতে ।
দ্বিতীয় কথা হ’ল , আমি আহোমসকল জন্মান্তৰবাদত বিশ্বাসী নহয় । বৰ্তমানৰ মনুষ্য জনমৰ আগতে কিবা জীৱ হৈ জন্ম লোৱা বা মৃত্যুৰ পাছতো কিবা জীৱ-জন্তুৰ ৰূপ লৈ জন্ম লোৱা কথাটো আমি বিশ্বাস নকৰোঁ । এই কথাতে হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ লগত পাৰ্থক্য পৰিলক্ষিত হয় ।
আমি পূৰ্বজন্ম-পৰজন্ম বিশ্বাস নকৰাৰ প্ৰমাণ কি ?
আহোম মানুহ বুলি নিজকে চিনাকি দি গৌৰৱ অনুভৱ কৰাসকলে বছেৰেকৰ উৎসৱ-পাৰ্বনসমূহত নিশ্চয় নিজৰ মৃত পিতৃ-মাতৃ তথা আইতাক-দৌতিয়েকৰপৰা ঢুকি পোৱা ওপৰলৈকে পূৰ্বপুৰুষসকলৰ উদ্দেশ্যি নিৰ্দিষ্ট উপাচাৰসহ উৎসৰ্গা আগবঢ়ায় । কিয় আগবঢ়ায় ? কাৰণ তেওঁলোকে মনুষ্যশৰীৰ ত্যাগ কৰিলে যদিও শৰীৰবিহীনভাৱেই ঘাইঘৰৰ নিৰ্দিষ্ট স্থানত ৰৈ থাকি ঘৰখনৰ আমি দেখি নোপোৱা অপায়-অমঙ্গলবোৰৰপৰা ৰক্ষা কৰি থাকে । যদি তেওঁলোকে তেনেদৰে আমাৰ ঘৰখনৰ ৰক্ষাকৰ্তাৰ ভূমিকা লয়েই থাকে তেন্তে আন জীৱৰ জন্ম লবগৈ কেনেকৈ ? ৰহস্য ভেদ কৰিব নোৱাৰা সত্যটো যিয়েই নহওঁক , মৃতকসকলৰ অস্তিত্ব আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ । তেওঁলোকেই আমাৰ বাবে দেৱতাও ।
আমি যে কওঁ , ফুৰাৰ আৰ্শীবাদ লওঁ বুলি ; সেই “ফুৰা”নো কোন , কি ?
আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে যিটোক “আল্লা , গড্ , ইশ্বৰ” বা যি বুলিয়েই কোৱা নহওঁক কিয় ! আমি কেতিয়াবা সেই শক্তিক বিশ্বাস কৰোঁ আৰু কেতিয়াবা নকৰিবলৈয়ো বিচাৰোঁ । মানুহৰ আয়ত্বৰ বাহিৰত থকা সেই নেদেখা মহান শক্তিকে আমি “ফুৰা” বুলি কওঁ । গছ-লতা , পাহাৰ-সমতল ,সূৰ্য্য-চন্দ্ৰ ,গ্ৰহ-উপগ্ৰহ , পৃথিৱীকে আদি কৰি যিমানবোৰ জীৱ-জড় আছে সকলো তেওঁৰেই সৃষ্টি বুলি আমি মানো । সেয়ে নিৰ্দিষ্ট দিন-বাৰ অনুসৰি আমি নিজৰ ঘৰত “ফুৰালুঙ” নামেৰে এটা অনুষ্ঠান পাতো যিটো অনুষ্ঠানত সেই মহান “ফুৰা”জনক উদ্দেশ্যি অৰ্চনা-বন্দনা কৰা হয় ।
জীৱিতজনৰপৰা মৃতজনলৈকে আৰু সমাজ-প্ৰকৃতিৰ প্ৰতি সন্মান জনোৱা বা কৰ্তব্য পালন কৰা যি নিয়ম সেই নিয়মসমূহক পূৰ্বতে এটা নিৰ্দিষ্ট নামেৰে নামাকৰণ কৰা হোৱা নাছিল । কিন্তু ৰজাঘৰীয়াৰ আদৰ্শৰে প্ৰজায়ো হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ওপৰিও বৈষ্ণৱ আদৰ্শ গ্ৰহণ কৰাৰ ফলত সমাজখনত যি ধৰ্মীয় বিশৃংখলতাই দেখা দিলে সেয়া লক্ষ্য কৰি ১৯৭৩চনত “সদৌ অসম মহন-দেওধাই-বাইলুঙ সন্মিলন” আৰু আহোম সমাজৰ শুভচিন্তক বুদ্ধিজীৱীৰ আলোচনামৰ্মে আহোম মানুহে পালন কৰা পৰম্পৰাসমূহক “ফুৰালুঙ” বুলি নামাকৰণ কৰা হ’ল । যদিও ফুৰাৰ অস্তিত্বক মানি লৈ এই “ফুৰালুঙ” নামাকৰণ কৰা হ’ল , শেষতীয়াকৈ দেখা গৈছে আহোমৰ বাকী পৰম্পৰাসমূহ “তাও” দৰ্শনৰ অন্তৰ্গত । সেয়ে কিছুমানে ধৰ্মটোৰ নাম “তাও” বুলি কব বিচাৰে । “তাও” এটা প্ৰাচীন দৰ্শন । অধ্যয়ণ কৰাসকলে মতামত প্ৰকাশ কৰে “তাও”ৱেই হ’ল পৃথিৱীৰ সৰ্বোত্তম বিজ্ঞানসন্মত ধৰ্ম ।
আমাক এতিয়া এটা সদুত্তৰ লাগে যে আহোমৰ ধৰ্মটোৰ নাম কি হ’লে আমাৰ জাতিটোৰ লাভ হব । আমাৰ ব্যক্তিগত পচন্দ-অপচন্দক অগ্ৰাধিকাৰ নিদি আমি জাতীয় স্বাৰ্থক আগস্থান দি উৎকৃষ্ট প্ৰাচীন আদৰ্শক স্বীকাৰ কৰিলে ক্ষতি আছে নেকি ?
এই চিন্তা পঢ়ুৱৈসকলৰ ওপৰত জাপি দি সদুত্তৰ আশা কৰিলোঁ । এই ছেগতে আমাৰ মনোভাৱো ব্যক্ত কৰা ভাল বুলি ভাৱিলোঁ ।
“বৌদ্ধ ধৰ্ম বুলি কলে যিদৰে হীনযান আৰু মহাযান বুলি দুটা ভাগ আছে , খ্ৰীষ্টান বুলি কলে যিদৰে বেপ্তিষ্ট আৰু কেথলিক বুলি দুটা ভাগ আছে , একেদৰে সমগ্ৰ আহোমক “”তাও””ধৰ্মীয়ৰ অন্তৰ্ভুক্ত কৰি ফুৰাৰ অস্তিত্ববিশ্বাসী আৰু বিশ্বাস নকৰা দুটা ভাগ আছে বুলি মানি ললে নিশ্চয় জাতিটোৰ বাবেই মঙ্গল বুলি অনুভৱ হয় । ইয়াৰ জৰিয়তে আমি এতিয়াও বৌদ্ধ ধৰ্ম গ্ৰহণ নকৰা আন তাওবাদী ত্তাঈসকলৰ লগতো এক হৈ যাব পাৰিম ।”
এই কথাখিনি বিবেচনা কৰিলে জাতিটো সুস্থিৰতালৈ আহিব বুলি আমাৰ দুজনৰ ব্যক্তিগত দৃষ্টিৰে লিখিলোঁ ।

Tai Ahom Youth

 Tai Ahom Youth

Ai Sing Lao (Prayer)

Ai Sing Lao (Prayer)

Chao nu ru Chao Kao oii

Phra tu Sing fong Hum oii

 phra lai bet,
 phra pin bet
 phra-phu ra ta-ra along chikia rani Pan Boi Mao Chao kao Oii - (3 times)

Pak Peng ka ka, son seo kham 
Boi ma lung mong nam na oil 
Heo pung mut, ji khring Jao chụp na 
Moo moon bau moon seng Ji nang luk ingkrong:
Boi Mau Chao kao Oii, Chao Kao oil.
Ai ke khen, Ai ke khami ai sung sing 
Moo sing pha, moo lao khri pu-juk ji
 Mong ti, Jaa sing-Pha, seng kham, Kon-tun-man, 
Mo khao, rung-rao kon-tun maan
Mo ru Mo ching kon-tun- maan, 
Mo saam, Mo sai Mo plang kon-tun-maan, 
Thuk tang lai 
Boi Mao Chao kao Oii - (3 times)






www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧