¶ চাও মনোৰঞ্জন ফুকন
ইতিহাসৰ একা-বেকা পথেৰে আগুৱাই যাওতে বহু অগ্রগামী তথা অগ্রণী
জনগোষ্ঠীয়েও এটা সময়ত যিদৰে পশ্চাৎগামী হৈ পৰাৰ সম্ভাৱনা থাকে তেনেদৰে বহু পশ্চাৎপদ জনগোষ্ঠীয়েও বগুৱাবাই আহি লক্ষণীয়ভাৱে সমুখৰ স্থান দখলকৰাৰ সম্ভাৱনা থাকে। উদাহৰণস্বৰূপে তাই-আহোমসকলৰ কথাকেই ধৰিব পাৰি। একালত অতি উল্লেখনীয় ভাৱে অগ্রগামী তথা অগ্রণী জনগোষ্ঠী হিচাপে আত্মপ্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা সত্বেও বর্তমান তাই-আহোমসকল পশ্চাৎগামী অথবা অনগ্ৰসৰ জনগোষ্ঠী হিচাপে চিহ্নিত হোৱা সকলৰ ভিতৰত অন্যতম৷ তেনেদৰে একালত চৰম অনগ্ৰসৰ হৈও নিজ সংগ্ৰাম, সাহস আৰু আত্মপ্রত্যয়ৰ যোগেদি লেখত লবলগা স্থানলৈ উন্নীত হ’বলৈ সক্ষম হোৱা জনগোষ্ঠীৰ কথা দাঙি ধৰিবলৈ হ’লে বৰ্তমানৰ প্ৰেক্ষাপটতৈ অতি ক্ষুদ্রজনগোষ্ঠী হ’লেও বড়োসকলৰ কথাকেই প্রথমে দাঙি ধৰিব পাৰি। পূৰ্বৰ কথা বাদ দিলেও স্বাধীনোত্তৰ কালৰ সৌসিদিনালৈকে বড়োসকল এক পশ্চাৎপদ আৰু চৰ্ম অৱহেলিত জনগোষ্ঠীৰূপে চিহ্নিত হৈ আছিল। স্বাধীনোত্তৰ কালৰ অসমৰ বৰ্ণবাদী শাসক আমোলা শ্ৰেণীৰ জোটবন্ধনে চলোৱা নিৰ্বিচাৰ শোষণ বঞ্চনাই বড়োসকলক প্রায় কোঙা কৰি পেলাইছিল।
প্রবল বিদেশী প্ৰবজনৰ পটভূমিত বড়োসকলৰ মাটি-ভেটিৰ উপৰিও চৰকাৰী সংৰক্ষিত বনাঞ্চল, চৰ-চাপৰি তেনে আগ্ৰাসনৰ ফলত নিচিহ্ন হৈ যাবলৈ ধৰিছিল। একে সময়তে ভৰতৰ অংগৰাজ্য বংগ, বিহাৰ, ঝাৰখণ্ডৰ পৰা অহা আদিবাসীসকলেও বড়োভূমিৰ মাটি দখল কৰিবলৈ লৈ উভয়েই বড়োসকলৰ বাবে জীয়াই থকাৰ অস্তিত্বই বিপন্ন কৰি তুলিছিল৷ বড়োসকলৰ জাতীয় অস্তিত্বৰ প্রতি এনেদৰে সৃষ্টিকৰা ভাবুকিয়ে তেওঁলোকক নিজৰ অস্তিত্বৰ প্ৰতি সচেতন হ’বলৈ বাধ্য কৰিছিল ৷ ইয়াৰ পটভূমিতে অসম বিদেশী খেদা আন্দোলনৰ আঁৰ লৈ গঢ়ি উঠা এচাম অসমীয়া জাতি দাম্ভিকৰ শ্লেষপূৰ্ণ তথা বিভাজনবাদী আচৰণে
বড়োসকলৰ মানসিকতাত তড়িৎ সঞ্চাৰ ঘটোৱাৰ দৰে এক নতুন চেতনাৰ উন্মেষ ঘটালে। এই চেতনাকে মূলধন হিচাপেলৈ পিছলৈ বডৌফাই (উপেন্দ্র নাথ ব্ৰহ্মা) বড়োসকলক সংগঠিত কৰি নতুন প্ৰেৰণা সঞ্চাৰ ঘটোৱাৰ পৰিপ্ৰেক্ষিতত ইয়েই স্ফুলিংগ স্বৰূপ ধাৰণ কৰিবলৈ ললে। এনেকৈয়ে মাত্র দুটা দশকৰ ভিতৰতে বড়োসকলে গণতান্ত্রিক আন্দোলনৰ লগতে চলাই নিয়া সশস্ত্ৰ তৎপৰতাই ভাৰতীয় গণতন্ত্ৰৰ ত্ৰাণকৰ্ত্তা বুলি ভৱাসকলৰ চকু মেল খোৱাবলৈ বাধ্য কৰিলে আৰু সাময়িকভাৱে সকাহ দিবলৈ হলেও বড়োসকলৰ দাবী মানি লৈ চৰকাৰে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ বাবে সুকীয়া বড়ো ষষ্ঠ অনুসূচীযুক্ত স্বায়ত্বশাসন দিবলৈ বাধ্য হ’ল। অন্যহাতেদি বিগত কালত বড়ো আন্দোলনৰ যোগেদি তেওঁলোকে দেখুৱাই অহা দৃঢ়তা আৰু সাহসৰ বাবে ক্ষুদ্ৰজাতি সত্বা হলেও তেওঁলোকৰ পৰিচয় বিশ্বব্যাপি প্ৰসাৰিত হৈ পৰিল, যিটো বৰ্ত্তমানৰ প্ৰেক্ষাপটত অতি উল্লেখযোগ্য ঘটনা ৷ তদুপৰি আভ্যন্তৰীণ বিভাজন থকা সত্বেও এনে আন্দোলনে বড়োসকলক ভৱিষ্যতে জীয়াই থাকিবৰ বাবে আৱশ্যক হোৱা অফুৰন্ত প্ৰেৰণা তথা ঐক্যবদ্ধতা প্ৰদান কৰিলে৷ অৱশ্যে বড়োসকলৰ স্বায়ত্বশাসনেই সকলো সমস্যা সমাধান কৰিব নোৱাৰে৷ অন্যহাতেদি চৰকাৰী বিভাজনৰ প্ৰক্ৰিয়াও ইয়াৰ সৈতে সদায়ে জড়িত
আছে আৰু এনে প্ৰক্ৰিয়াই বড়োসকলৰ উত্তৰণত বাধাৰ সৃষ্টি নকৰাকৈ নাথাকিব। বড়োসকলৰ এনে লক্ষণীয় উত্তৰণৰ পটভূমিতে তাই-আহোমৰ অনৈক্য আৰু অনগ্ৰসৰতাৰ কথাও মূল্যায়ন কৰিব পাৰি। তদুপৰি বৰ্ত্তমান তাই-আহোমক সংগঠিত কৰাৰ যি সমস্যা বা জটিলতা তাকো এনে পটভূমিৰ আলোকতে ফঁহিয়াই চাব পাৰি। ভালকৈ নিৰীক্ষণ কৰিলে দেখা যায়যে, বড়োসকলৰ শেষতীয়া সংগ্ৰামৰ উত্থানী ধাৰাটোৰ কথা বাদ দি তেওঁলোকৰ অতীত ইতিহাসৰ উল্লেখযোগ্য ভূমিকা সম্পর্কে বুৰঞ্জীত লিখিতভাৱে সবিশেষ পাবলৈ নাই। তথাপিও তাই-আহোমৰ দৰে একে মংগোলীয়মূলৰ তাই-আহোমতকৈ বহু পূর্বে আহি এই ভূ-খণ্ডত থিতাপিলোৱা আদিম ভূমিপুত্ৰ হিচাপে অসমৰ নৃ-গোষ্ঠীয় ইতিহাসত বড়োসকলৰ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ বিপৰীতে তাই-আহোমৰ জিলিকি থকা ইতিহাস, গৌৰৱপূৰ্ণ ঐতিহ্য থকা সত্বেও তেনে এক ঐতিহ্যৰ উত্তৰাধিকাৰী হৈও তেওঁলোকৰ বৰ্ত্তমানৰ পটভূমিত সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক ভূমিকা অতি ম্লান, নিস্প্রভ। তাই-আহোমসকলৰ প্ৰথমজনা চাওফা প্রবাদপুৰুষ চাওলুং ইকাফাৰ নেতৃত্বতে যে এদিন অসমীয়া জাতি গঠন প্রক্রিয়াই ঠন ধৰি উঠিছিল,
তাই-আহোমসকলৰ উপস্থিতিৰ বাবেই যে এইখন দেশৰ (বর্তমান ৰাজ্য) নাম অসম, জাতিটোৰ নাম ‘অসমীয়া’ হ’ল আৰু তাই-আহোমসকলেই যে ইয়াত ছশবছৰীয়া ৰাজনৈতিক নেতৃত্ব সম্ভৱ কৰি তুলিছিল সেই কথা আজি সৰহভাগ তাই-আহোমেই তেনে এক ঐতিহ্যৰ উত্তৰাধিকাৰী হোৱা সত্বেও গৌৰৱ তথা আত্মপ্রত্যয়েৰে স্মৰণ কৰিব নোৱাৰে। নিজৰ ঐতিহ্যক নিষ্ঠা আৰু আত্মপ্রত্যয়েৰে স্মৰণ কৰিব নোৱাৰা কাৰণটোৱেই তাই-আহোমৰ অনৈক্য অথবা সংগঠিত হ’ব নোৱাৰাৰ অন্যতম মূল কাৰক ৷
বুৰঞ্জীত লিপিবদ্ধ হৈ থকা বাকী বীৰত্ব তথা সফলতাৰ দিশসমূহৰ কথাও সম্যকভাৱে নজনা তথা তাৰ গুৰুত্বক হৃদংয়গম কৰিব নোৱাৰা বাবেও তাৰ ঋণাত্মক প্রভাবো তাই-আহোমক আত্ম-উপলব্ধিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি ৰাখিছে। চাওলুং ছ্যুকাফাৰ নেতৃত্বত মাত্ৰ এমুঠিমান মানুহে সেইসময়তে সীমিতভাৱে গঢ়ি তোলা শাসন ব্যৱস্থাই কৰতোৱা-গংগা পর্যন্ত বিস্তাৰিত হৈ পৰবৰ্ত্তীকালত বিশাল সাম্রাজ্য সদৃশ সার্বভৌমত্বলৈ ৰূপান্তৰিত হোৱাৰ লগতে প্রবল প্রতাপী মোগল সম্রাটেও অসমৰ সেনানীৰ সৈতে যুঁজ দি বাৰম্বাৰ পৰাজিত হ’ব লগা কাৰ্য আছিল এই ঠাইৰ লোকৰ শৌর্য-বীৰ্য আৰু সাহসৰ প্ৰতীক। থলুৱালোকক বিষয়বাব-উপাধি প্ৰদান কৰি শাসন আৰু সমাজ উভয়ক্ষেত্ৰতে মান্যতা দিয়াটো আছিল এই ঠাইৰ ৰাজনৈতিক নেতৃত্বৰ বদান্যতা তথা দূৰদৰ্শিতা। ৰজা-পোৱালি, পোৱালি-ৰজাক ‘ভাই-ৰজা’ হিচাপে শাসনৰ স্বাধীনতা তথা সুৰক্ষা দিয়াটো আছিল তেনেদৰে আছিল শাসকীয় বিচক্ষণতা। বেহা-বেপাৰ তথা ভ্রাতৃবৎ ভাৱ দেখুৱাই নগাসকলক দৃষ্টান্তমূলক সম্বন্ধেৰে নিজ শাসনৰ আওতাৰ বাহিৰত ৰাখিও এক প্ৰকাৰ নিয়ন্ত্ৰণত ৰাখিছিল। বৰ্ণবাদক প্ৰশয় নিদি কর্মসংস্কৃতিৰ যোগেদি দেশত এক স্বাৱলম্বী সংস্কৃতিৰ পোষকতা কৰি জাতিক আত্মনিৰ্ভৰশীল কৰি তুলিছিল৷ এনে কাৰণতে বৰ অসম গঢ়াৰ মানসেৰে দিল্লীৰ মজনদলৈকে আহোম ৰাজ্য বিস্তাৰৰ সপোন দেখিব পাৰিছিল৷
কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে, এনে ঐতিহ্যৰ পৰা যাতে প্ৰেৰণা নাইবা শিক্ষা লৈ তাই-আহোমসকল মানসিকভাৱে দীর্ঘদিন সৱল হৈ থাকিব নোৱাৰে তাৰবাবে দেশ-পৰাধীন হোৱাৰ দিনৰে পৰা এক কুটনৈতিকমূলক অভিসন্ধি চলোৱা হ’ল আৰু অভিসন্ধি পৰিকল্পনা চলাচলে আহোম ৰাজত্বত ধৰ্ম পৰিচালনাৰ লগতে ভাটিৰ পৰা শেহতীয়াকৈ আহি আহোম ৰাজত্বত বিষয়বাব খাবলৈ পোৱা
লোকসকল তথা তেওঁলোকৰ সতি-সন্ততিসকলে। তদুপৰি এই তাই আহোমসকলক আয়ত্বৰ অধীনলৈ আনিবলৈ প্ৰথমেই ধর্মীয় সম্প্ৰসাৰণ নামত শাখা-প্রশাখা সৃষ্টি কৰি তাত অন্তর্ভুক্তি কৰি লোৱাত অতি গুৰুত্ব আৰোপ কৰা হ'ল৷ ফলত কম দিনৰ ভিতৰতে ধৰ্মৰ নামত ঘটা এই বিভাজনে নিজ আত্মীয়সকলৰ মাজতে তাই-আহোমসকলক বহুধা বিভক্ত হৈ পৰিল আৰু এনেকৈয়ে ক্ৰমাৎ ধৰ্মীয় অনৈক্যৰ মাজত সোমাই পৰি দুৰ্বল তথা আত্মবিস্মৃত হৈ পৰিল ৷
সেয়ে তাই-আহোমসকলক নিজস্ব লক্ষ্য আৰু উদ্দেশ্যত সংগঠিত কৰিবলৈ লোৱাৰ বেলিকা ধৰ্মীয়-বিভাজনৰ এই স্বৰূপটোৱে অতি প্ৰকট ৰূপত ধৰা দিয়ে আৰু ইয়েই তাই-আহোমৰ ঐক্যৰ বাটত প্ৰাচীৰ হৈ ঠিয় দিয়ে। গত ইং ৭, ৮ মে ২০০৫ তাৰিখে ঐতিহাসিক গড়গাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় তাই আহোম ঘূৰণীয়া মেজমেলতো প্ৰায় সৰহভাগ বক্তাই তাই আহোমক সংগঠিত কৰা বা ঐক্যবদ্ধ কৰি তোলাত ধৰ্মীয় বিভাজনেই মূল হেঙাৰ বুলি চিহ্নিত কৰিছে৷ সেয়ে সদ্যহতে এই হেঙাৰ অতিক্ৰমি যাব পৰাকৈ এটি প্রস্তাৱো এই ঘূৰণীয়া মেজমেলতে গ্রহণ কৰে। প্ৰস্তাৱটোৰ ভাৱাৰ্থ এনেধৰণৰ :- বৰ্ত্তমানৰ জটিল পৰিস্থিতিত অন্য জনগোষ্ঠীৰ দৰে তাই আহোমসকলেও সংগঠিত আৰু ঐক্যবদ্ধ হোৱাৰ একান্ত প্ৰয়োজন হৈ পৰিছে। এনে কৰিবলৈ যাওঁতে বহুধা-বিভক্ত হৈ পৰা ধৰ্মীয় বিভাজনেই যদি অন্যতম প্রধাণ অন্তৰায়, তেস্তে তাক মষিমূৰ কৰা উচিত। ইয়াৰ বাবে যিহেতু আহোমৰ নিজা ধৰ্মীয় পৰম্পৰা আছে সেয়ে সকলো তাই আহোমেই অন্য ধর্মীয় আচাৰ নীতি পৰিহাৰ কৰি নিজা পৰম্পৰালৈ তৎকালেই অহা উচত। কাৰণ জাতীয় ঐক্য ধৰ্মীয় চিন্তাতকৈ গুৰুত্বপূৰ্ণ আৰু জৰুৰী বিষয়। কিন্তু তৎকালীনভাৱে যিসকলে তাই আহোমৰ নিজা ধৰ্মীয় পৰম্পৰালৈ ঘূৰি অহাটো সম্ভৱ নহব সেইসকলে সম্পূর্ণ মানসিক প্রস্তুতিৰ বাবে বৰ্ত্তমান যি ধৰ্মীয় আচাৰ-নীতি পালন কৰি আছে তাতেই থাকি তাই – আহোমৰ জাতীয় সত্বাক শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব। অর্থাৎ আহোম হৈ নিজকে আহোম বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰিব নালাগিব । আহোমৰ অভাৱ-অভিযোগৰ ভিতৰত যেনে – (ক) জনজাতিকৰণৰ দাবীত, প্রাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ, মাটিৰ ম্যাদি পট্টা প্রদান, ভাষা সংস্কৃতি উদ্ধাৰ আদি বিষয়ত ঐক্যমত পোষণ কৰিব লাগিব আৰু সম্ভৱস্থলত ইয়াৰ বাবে আন্দোলন আদিতো অংশ গ্ৰহণ কৰাত পিছপৰি থাকিব নালাগিব। আহোমৰ ঐতিহাসিক সম্বন্ধ, বিয়া-বাৰু, খোৱা-লোৱা, সাজপাৰ আদিত স্বকীয়তা বৰ্ত্তাই ৰখাত সহায় কৰিব লাগিব। বোধহয় প্রাথমিকভাৱে এনেদৰে এৰা ধৰাৰ মাধ্যমেদি আগবাঢ়িলেই ধর্মীয় ক্ষেত্ৰত জটিলতা তথা সংঘাত পৰিহাৰ কৰি আগবাঢ়িব পৰা যাব।
ইয়াৰ উপৰিও তাই-আহোমৰ মধ্যশ্রেণীৰ মূৰ পোলোকা মৰা মনোভাৱেও তাই-আহোমক সংগঠিত হোৱাত বাধাৰ দৃষ্টি কৰিছে। মধ্যবিত্ত শ্রেণীয়ে সাধাৰণতে নিজ উচ্চাকাংখাৰ বাবে সামাজিক ক্ষেত্ৰত নিজে আগভাগ লৈ সংগঠিত কৰিবলৈ নাইবা নেতৃত্ব লবলৈ বেয়া নাপায়। শিক্ষা-দীক্ষা, অর্থ-কড়িত সৱল এই শ্ৰেণীৰলোকে ইয়াৰ মাজেদি নিজ স্বার্থ বা নিজ উদ্দেশ্য সিদ্ধি কৰিলেও ইয়াৰ যোগেদি কিন্তু সমাজকো সামগ্রিকভাৱে উন্নতিত অৰিহনা যোগায়। কিন্তু আশ্চৰ্যৰ বিষয় যে, তাই আহোমৰ মাজত উপযুক্তভাৱে মধ্যশ্রেণীৰ বিকাশ ঘটা সত্বেও আজি পর্যন্ত এই শ্ৰেণীৰ লোকে সামাজিক নেতৃত্ব লবলৈ বিশেষভাৱে আগবাঢ়ি অহা নাই৷ তাই-আহোম জড়িত বিষয়কলৈ শক্তিশালী কোনো আন্দোলন গঢ়ি তোলা দূৰৰে কথা সামান্য দাবীদাবা উত্থাপন কৰিবলৈকো নাইবা দিহা পৰামৰ্শ দিবলৈকো আগবাঢ়ি অহা নাই।
অন্যহাতে সমাজৰ মধ্যশ্রেণীয়েই আটাইতকৈ চতুৰ আৰু হলি-সিয়ান বুলি পৰিগণিত হৈ আহিছে। এই শ্ৰেণীৰ লোকে একো নেহেৰুৱাকৈয়ে বহুত পাবলৈ বিচাৰে ৷ অৰ্থাৎ সাধাৰণতে এই শ্ৰেণীৰ লোক অত্যন্ত স্বাৰ্থপৰ আৰু ত্যাগ কৰিবৰ বাবে তেওঁলোক ইচ্ছুক নহয়। অথচ তেওঁলোকে আয়াসতে নেতৃত্ব, যশ-মান সকলো পাবৰ বাবে লালায়িত হয়। এতিয়া তাই আহোমৰ মাজত ওপৰত উল্লেখ কৰি অহা দুয়োবিধ লোকৰেই প্ৰাদুৰ্ভাৱ অতি বেছি। সকলো থাকিও একো কৰিবলৈ আগ্রহী নোহোৱা এই লোকচাম বর্ত্তমান তাই আহোমৰ বাবে সামাজিক ভাৱে বোজা স্বৰূপ হৈ পৰিছে। তাই আহোমৰ বৰ্ত্তমান চাৰিও পিনে পৰ্বত প্রমাণ সমস্যাৰ বোজা। এই সমস্যাসমূহৰ ভিতৰত জনজাতিকৰণৰ বিষয়টোহে দীর্ঘদিন
অমীমাংসিত হৈ আছে। ইয়াৰ পিছতেই আছে তাই-আহোম বুদ্ধিজীৱিসকলৰ ভূমিকাৰ কথা৷ আচলতে মধ্যশ্রেণীৰ ভিতৰতে বুদ্ধিজীৱিসকলক সাঙুৰি লোৱা হয় যদিও সাধাৰণ মধ্যশ্ৰেণীৰ লোকৰ তুলনাত বুদ্ধিজীৱিসকলৰ ভূমিকা কিছু বেলেগ, অন্য অর্থত উচ্চ-স্তৰীয় ৷ এটা জাতিৰ বৌদ্ধিক নেতৃত্বৰ বেলিকা তেওঁলোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু অতি পৰিতাপৰ কথা যে, তাই-আহোম বুদ্ধিজীৱি-চিন্তাবিদ সকলে. বিগত সময়ছোৱাত তাই-আহোমৰ সামগ্ৰীক উত্তৰণ অথবা জাতীয় সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা ভূমিকা অতি নিৰুৎসাহজনক। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা-সংস্কৃতিয়ে মূলতঃ তাই-আহোমৰ নেতৃত্বতে প্ৰাণ পাই উঠিল, ছশ বছৰীয়া ৰাজত্বৰ বুৰঞ্জীৰ সমল একক আৰু বৈশিষ্ট্যপূর্ণ অথচ এনে এক দিশসমূহেও তাই-আহোম বুদ্ধিজীৱি-চিন্তাবিদ সকলৰ গৰিষ্ঠসংখ্যকৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই। অন্যহাতেদি তাই-আহোমৰ দুই-এক মুধাফুটা বুদ্ধিজীৱিয়ে সমগ্ৰ অসমীয়াৰে ত্ৰাণকৰ্ভাৰ ভূমিকা লৈ নিজক জাহিৰ কৰিব বিচাৰে। একে সময়তে তেওঁলোকে আহোমসকলৰ বাবেই যে অসমীয়া জাতিৰ সৃষ্টি হ’ল সেই সত্যটোক কিন্তু পাহৰি থাকিব বিচাৰে৷ তদুপৰি আহোমসকলৰ ৰাজনৈতিক-সামাজিক নেতৃত্বতে ঐক্যবদ্ধ অসমীয়া জাতি গঠন হৈ উঠা প্ৰক্ৰিয়াৰ লগতে বিদেশী আক্ৰমণৰ বেলিকা দেশৰ সার্বভৌমত্ব ৰক্ষা কৰিবলৈ স্বদেশ আৰু স্বজাতিৰ বাবে হেলাৰঙে প্ৰাণাহুতি দিবলৈ কুণ্ঠাবোধ নকৰা এই দেশপ্ৰেম কিদৰে গঢ়লৈ উঠিছিল সেয়া আজিও এক অধ্যয়নৰ তথা গৱেষণাৰ বিষয়। কিন্তু এই ক্ষেত্ৰত তাই-আহোম বুদ্ধিজীৱিসকলৰ মনত তেওঁলোকক কোনোবাই ‘গোষ্ঠীবাদী' বুলি আখ্যা দিব এই হীনমন্যতাৰ বাবেই অসমৰ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ দিশসমূহক দীর্ঘদিন তেওঁলোকে আওঁকান কৰি আহিছে৷ যাৰবাবে অনুজচামে বুৰঞ্জীৰ শিক্ষাৰ দ্বাৰা অনুপ্রাণিত হৈ ঐক্যবদ্ধ নাইবা সংগঠিত হোৱাৰ ক্ষেত্ৰত এক মনস্তাত্বিক বাধাৰ সন্মুখীন হৈছে। আহোমসকলৰ বাবেই সৃষ্টিহোৱা অসমৰ ইতিহাসৰ এই অন্তনির্হিত প্ৰেৰণাক টেটু চেপি ধৰিবলৈ বিচৰাসকলৰ শাৰীতে একেলগে ঠিয়দি তাই-আহোম বুদ্ধিজীৱি-চিন্তাবিদসকলে সেয়ে একমাত্র আহোমকেই প্ৰতাৰণা কৰা নাই, বৰঞ্চ সমগ্ৰ অসমীয়া জাতিকে প্ৰতাৰণা কৰিছে৷ গতিকে এনে প্ৰতাৰণাৰ ধাৰাটোৰ বিৰুদ্ধে নৈতিক দায়বদ্ধতাৰে যুঁজ দিব পাৰিলেহে আহোম তথা অসমীয়া জাতিৰ মংগল হ’ব আৰু তেতিয়াই আহোমে নিজাববীয়াকৈ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্রাস পাব।
অন্যহাতেদি এখন দেশ, এটা জাতিৰ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ বেলিকা সেইখন দেশৰ সমাজ, সেই জাতিৰ অতীতৰ আঁত ধৰিয়ে সমাধান কৰিবৰ বাবে প্রচেষ্টা চলোৱা হয়। কিন্তু অসমত তাৰ বিপৰীতমুখী প্ৰৱণতাই বিগতকালত গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত উল্লেখিত চিৰাচৰিত ৰীতিৰ তাৰতম্য ঘটিল। ফলত অসমৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হ’বলৈ ধৰিলে। অসমৰ বৰ্ত্তমান সমাজ জীৱন অতীতৰ সমাজ ভিত্তিতে গঢ় লৈ উঠিছে আৰু. বিকাশ ঘটিছে। গতিকে স্বাভাৱিকতে অতীত জীৱন-ধাৰাৰ সৈতে বৰ্ত্তমানৰ এক অংগাংগী সম্পর্ক বিৰাজ হৈ আছে। অন্যহাতেদি অতীতৰ সমাজ-জীৱনৰ মূল চালিকা শক্তি আছিল বর্ণবাদহীনতা৷ সমতাৰ ভেটিত বর্ণবাদহীন সমাজখন আহোমৰ নেতৃত্বতে গঢ় লৈ উঠিছিল আৰু আহোমকৰণৰ যোগেদি বুজন সংখ্যক থলুৱা নৃ গোষ্ঠীৰলোকক আহোম সমাজ তথা প্ৰশাসনৰ অন্তৰ্ভূক্ত কৰি লোৱা হৈছিল। জাতীয় জীৱনৰ সাংগঠনিক ভেটি আৰু স্থিতি এনেকৈয়ে মজবুট হৈ পৰিছিল। আহোম ৰাজত্বত শেষৰ ফালে আমদানিকৃত আৰ্য-ধৰ্মৰ প্ৰভাৱত প্ৰভাৱান্বিত হৈ পুৰণি সমাজ ব্যৱস্থাত কিছু জোকাৰণি আহিছিল যদিও বৃটিছ আমোলৰ বৰ্ণবাদী উত্থান আৰু বৃটিছৰ ‘ভাগ-ভাগ কৰা’ নীতিৰ প্ৰভাৱত অসমীয়া সমাজখন বহুধা বিভক্ত হোৱাৰ পথত আগবাঢ়িবলৈ ধৰিলে। বৃটিছ আমোলৰ প্ৰায় পাঁচটা দশকৰ ভিতৰতে আহোম আৰু থলুৱা নৃ-গোষ্ঠীয় লোকসকল আহোমৰ পৰা বিছিন্ন হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত আহোমসকল অতিকৈ দুৰ্বল হৈ পৰিবলৈ ধৰিলে৷ তদুপৰি আহোমক বৃটিছ আৰু নতুনকৈ উত্থান ঘটা অসমীয়া মধ্যশ্রেণীয়ে আক্ৰমণৰ মূল লক্ষ্য হিচাপে লোৱাত আহোমক দুৰ্বল কৰিবলৈ জনগোষ্ঠীয় মূলীয়া সমাজখনকো আহোমৰ বিৰুদ্ধে উচতনি দিবলৈ ধৰিলে। ফলত বহু ক্ষেত্ৰতসন্দেহ সৃষ্টি হ’ল। এনেকৈয়ে আর্যীকৰণ তথা অসমীয়া মধ্যশ্ৰেনীৰ বৌদ্ধিক উৎপীড়ণৰ বলি হৈ আহোমে নিজৰ ঐতিহাসিক স্থিতিৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি দুৰ্বল, বিছিন্ন তথা মনোবলহীন হৈ পৰিল, যাৰফলত আজি সংগঠিত ৰূপলৈ অনাত তীব্র প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে।
অসমীয়া জাতিৰ কাণ্ডাৰী ধৰোতা বুলি ভৱাসকলে আজি মানি লওকেই বা নলওকেই এটা কথা অপ্রিয় হলেও সত্য যে, আহোম আৰু আহোমৰ আদৰ্শৰ ভিত্তিৰ বিৰুদ্ধে গৈ তাক বিনাশ কৰিবৰ বাবে যিমান প্রচেষ্টা চলোৱা হ’ল সেই প্রচেষ্টা বৰ্ত্তমানৰ বাবে চূড়ান্তভাৱে আত্মঘাটী বুলিহে ইতিহাসৰ পাতত মূল্যায়ন হব।
এই দিশসমূহৰ নিৰ্মূহী পৰ্যালোচনা নোহোৱাৰ বাবেও আহোমসকল বর্ত্তমান
বিভ্রান্ত তথা দিশহাৰা হৈ পৰিছে। অসমীয়া জাতিয়ে বৰ্ত্তমান চৰম দুর্দিনৰ সন্মুখীন
হৈছে। কিছু সমস্যাৰ কষ্টকৰ সমাধান সম্ভৱ হলেও বহু সমস্যা বর্ত্তমান অসমীয়াৰ
সমাধানৰ আয়ত্বৰ বাহিৰলৈ গতি কৰিলে একমাত্ৰ অসমীয়াৰ অদূৰদৰ্শিতা আৰু
স্থুল জাতিদাম্ভিক মনোভাৱৰ বাবেই। তদুপৰি সমস্যা সমাধান অসম্ভৱ বুলি পলায়ন. কৰাৰ পৰিবৰ্ত্তে বৰ্ত্তমান তাৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে তাৰবাবে আৱশ্যকীয় সাহস, ধৈর্য, কৌশল আদিক অসমৰ মাটি-পানী, মানুহ তথা অসমৰ ইতিহাসৰ পৰাই আহৰণ কৰিব লাগিব। ইয়াৰ বিকল্প নাই। এই বিকল্পহীন পথত অতীত অসমৰ জাতি-গঠন প্ৰক্ৰিয়াৰ অন্তহীন প্ৰেৰণাই একমাত্ৰ সাৰথি হোৱাৰ সম্ভাৱনা আছে। এই মর্মক উপলব্ধি কৰিবলৈ হ'লে আহোমেই পুনৰ তাক নতুন ৰূপত উদ্ভাসিত কৰি তোলাৰ ঐতিহাসিক প্ৰাসংগিকতা আছে আৰু অসমৰ অন্যসকলেও জাতীয় সংকটৰ এই মুহূৰ্ভত এনেবোৰ দিশক পুনৰ গুৰুত্ব আৰোপ কৰিবলৈ মানসিক প্রস্তুতি চলাব লাগিব।
তাই আহোম সকল দীর্ঘদিন মানসিক বঞ্চনা, বৌদ্ধিক উৎপীড়ন-আতিশহ্যৰ বলি হৈ মানসিকভাৱে পৰিশ্ৰান্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত আজি তাৰ স্বৰূপ উপলব্ধিত বিলম্ব হৈছে। তৎস্বত্তেও ইয়াক আৰু বিলম্ব হ’বলৈ দিব নোৱাৰি। অন্যথাই অসমীয়াই যি শেষ মূলধনক লৈ এই সংগ্ৰামৰ দীৰ্ঘ পৰিক্ৰমাত বিজয়ী হোৱাৰ আশা পোষণ কৰিছে সেই অন্তিম আশাকণো নিৰ্বাপিত হোৱাৰ সম্ভাৱনা আছে গতিকে কোনো ব্যক্তি-সমষ্টিক অগ্ৰাধিকাৰ দিয়া বুলি নধৰি এক আদৰ্শৰ সংজ্ঞাকহে বস্তুতঃ জাতীয় কবচ তথা সঞ্জীৱনী ৰূপত পৰিগ্ৰহণ কৰা হৈছে বুলি ধৰিলে সি মহৌষধী হিচাপে কাম কৰাৰ সম্ভাৱনা আছে।
অন্যহাতেদি অধ্যয়নহীনতা, আবেগ সর্বচ্ছতাও আহোম সংগঠিত হোৱাত হেঙাৰ হৈ পৰিছে। আবেগে ঐক্য সৃষ্টিত সহায় কৰিলেও মাত্ৰাধিকতাই বিভ্রান্তি সৃষ্টি কৰে ৷ অধ্যয়ণহীনতাইও অজ্ঞতাক প্রশয় দিয়ে। গতিকে এনেবোৰ সমস্যাৰ প্রতি সচেতন কৰি তুলিবৰ বাবে শিক্ষিত আগবঢ়া সকলৰ হাতত কোনো আঁচনি নাই।
তদুপৰি ছ্যুকাফা আৰু মোমাই তামুলী বৰবৰুৱাই সৃষ্টি কৰা কৰ্মসংস্কৃতিৰ প্ৰেৰণাক বৃটিছ যুগত ধৰ্মৰ ওপৰহতীয়া প্ৰভাৱে হেঁচা মাৰি ধৰাৰ বাবে তাই আহোম কামতকৈ নামৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰিলে। খাদ্যা-খাদ্যত বাচ-বিচাৰ, আচাৰ-ব্যৱহাৰৰ দিশত দিক পৰিবৰ্তনে সামাজিক ভাৱে প্ৰভাৱ বিস্তাৰ কৰিলে ৷ ধৰ্মৰ ভকতীয়া প্ৰভাৱে শ্ৰমৰ ক্ষেত্ৰখনক বিপথে পৰিচালনা কৰিলে। এনেকৈয়ে এশ-এবুৰি সমস্যাত নিমজ্জিত হৈ পৰিল তাই-আহোমসকল।
এনে সমস্যাৰ পৰা নিস্তাৰ পাবলৈ হ'লে তাই-আহোমসকলে পুনৰ আত্মচেতনা লাভ কৰিবলৈ সক্ষম হৈ উঠিব লাগিব আৰু আত্ম-পৰ্যালোচনাৰে. নিজৰ শক্তি ঘূৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিব পাৰিলে পুনৰ উজ্জীৱিত হৈ উঠাৰ সম্ভাৱনা আছে। একে সময়তে অসমীয়া জাতিৰ প্ৰতি পূৰ্বে থকা দায়বদ্ধতাৰ কথা স্মৰণ কৰি বৰ্ত্তমানেও সেই দায়বদ্ধতাৰ কথা উপলব্ধি কৰিব পাৰিলেও নিজৰ মংগল হোৱাৰ উপৰিও অসমীয়াৰে মংগল সাধন হৈ উঠিব। গতিকে অসমৰ বাকীসকলেও তাই-আহোমক এই জটিল সন্ধিক্ষণত অসমত জাতীয় উত্থানৰ অন্যতম শক্তিৰ উৎস স্বৰূপ বুলি জ্ঞান কৰি তাই-আহোমক তেনে দৃষ্টিত দাঙি ধৰিব পাৰিলেও উভয় সংকটৰ ওৰ পৰাৰ সৱল সম্বাৱনা আছে।
No comments
Post a Comment