Ad

Ad Space

Slider

ডামচাও হেম বুঢ়াগোহাঞি

0

ডামচাও হেম বুঢ়াগোহাঞি

জন্ম : ১০ মার্চ ১৯৩৭ চন

মৃত্যু : ১৫ অক্টোবৰ ২০০৪ চন বকতা পুনিবিল গাঁও।

ডামচাও হেম বুঢ়াগোহাঞিদেৱ আছিল অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক তথা লোক সংস্কৃতিৰ গৱেষক। সাহিত্য সংস্কৃতিৰ একনিষ্ঠ সেৱক গৰাকীয়ে ডেৰকুৰিৰো অধিক বুৰঞ্জী আৰু সংস্কৃতি বিষয়ক গ্রন্থ অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই থৈ গৈছে৷ এই পুথি সমূহৰ উপৰিও অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুখপত্ৰ, স্মৃতিগ্রস্থ, আকাশবাণীৰ বিভিন্ন শিতান, অসমৰ বিভিন্ন আলোচনী, বাতৰি কাকত আদিৰ যোগেদিও লেখক গৰাকীৰ অনেক মূল্যবান নিবন্ধ প্রকাশিত হৈছিল। ছশবছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় অতীতটোৰ অজ্ঞাত হৈ থকা দিশসমূহ তেওঁ পোহৰ কৰিব বিচাৰিছিল। বুঢ়াগোহাঞি দেৱৰ প্ৰকাশিত পুথিসমূহ হৈছে- (১) মনৰ বাঘে খায়, (২) এধানি ভুলৰ বাবে, (৩) উৰহি গছৰ উৰ, (৪) পখীৰাজ ঘোৰাৰ সঁহাৰি (শিশু সাহিত্য), (৫) পথে পথে ছন্দ (গল্প), (৬) বেদনা উচুপি ৰয়, (৭) উকলা লগ্নৰ মায়া (উপন্যাস), (৮) জনগীতৰ সুধ্বনি, (৯) জনসংস্কৃতিৰ ৰশ্মিৰেখা (প্রথম, দ্বিতীয় আৰু তৃতীয় খণ্ড), (১০) উজনিৰ. লোক উৎসৱ, (১১) বিহু আকৌ আহিল, (১২) বিহু আকৌ যাবগৈ, (১৩) তাই সংস্কৃতিৰ পৰশ, (১৪) অসমীয়া লোকাচাৰ বিশ্বাস অবিশ্বাস (লোক-সংস্কৃতি), (১৫) লেচেৰী বোটলা বুৰঞ্জী (প্রথম খণ্ড), (১৬) লেচেৰী বোটলা বুৰঞ্জী (দ্বিতীয় খণ্ড), (১৭)সাঁচিপাতৰ সাঁচতীয়া স্মৃতি, (১৮) বুৰঞ্জীৰ বিনিদ্ৰ পৰশ (১৯) খামছেই্ (প্রথম খণ্ড), (২১) সামছেই (দ্বিতীয় খণ্ড), (২২) চেৰাই-ডয় (প্রথম খণ্ড), (২৩) চে-ৰাই ছয় (দ্বিতীয় খণ্ড), (২৪) পণ্ডিত প্ৰবৰ ডম্বক দেওয়াই ফুকন (২৫) সাহিত্য আৰু সংস্কৃতিৰ বুৰঞ্জী প্ৰজ্ঞা ড° লীলা গগৈ (সম্পাদিত গ্রন্থ), (২৬) চিন্তাৰ সঁফুৰা (আলোচনা সাহিত্য), (২৭) মোৰ স্পর্শকাতৰ সময় চেতনা (চিন্তামূলক গ্রন্থ), (২৮) অলকানন্দা, (২৯) সুৰ অনুভূতি (গীতৰ পুথি) আদি।


সাহিত্য সংস্কৃতিৰ সেৱক গৰাকীয়ে শিক্ষকতাৰ লগতে ১৯৬০ চনৰ পৰা জীৱনৰ শেষ বয়সলৈকে জনমভূমি', 'অসম বাতৰি', 'নতুন দৈনিক’, ‘মহাজগত', 'গণতন্ত্র', ‘নতুন অসমীয়া’ আদি বাতৰি কাকতৰ যোগেদি ধাৰাবাহিকভাৱে সংবাদ সেৱা আগবঢ়াইছিল।

সমাজপ্রাণ এই সাহিত্যিক গৰাকীয়ে সাহিত্য-সংস্কৃতিৰ সেৱা কৰাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্রতিষ্ঠানৰ গঠনতো আগভাগ লৈছিল। কেন্দ্ৰীয় তাই একাডেমী, শিৱসাগৰ জিলা সাহিত্য পৰিষদ, অসম সাহিত্য সভা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শিক্ষা পৰামৰ্শ সমিতি আদিকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ, বিশেষ পদত নিযুক্ত হৈ তেওঁ জীৱনৰ শেষ পৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧