Ad

Ad Space

Slider

আহোম ভাষাতেই বন্দনা-প্রার্থনা কৰিবলৈ আহ্বান

0
আহোম ভাষাতেই বন্দনা-প্রার্থনা কৰিবলৈ আহ্বান

গুৱাহাটী, ২৭ জানুৱাৰী, ২০০৭ঃ বাতৰি কাকতলৈ পঠোৱা এক যুটীয়া বিবৃতিত ফ্রালুঙ বৌদ্ধ জ্যেষ্ঠ জনজাতি পুৰোহিত ৰেভাৰেণ্ড জোনা চাঙবৌন্ ফুকন, সৰ্বভাৰতীয় বৌদ্ধ পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক কমিটিৰ সদস্য বি গগৈ, আহোম অধ্যয়ন কেন্দ্ৰৰ সম্পাদক উত্তম কুমাৰ বৰুৱা, পুলান্‌চি আলোচনীৰ সম্পাদক চৌ আইজেপ ফুকন, মৌজাদাৰ গিৰীন্দ্ৰ বুঢ়াগোহাঞি, সাপ্তাহিক বাতাবৰণ কাকতৰ সম্পাদক ৰাজীৱ বৰগোঁহাঞি, বিশিষ্ট লিখক গগন চেতিয়াই কয় যে, স্বাধীন ভাৰতীয় সংবিধানৰ ২৯ আৰু ৩০ ধাৰা, ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন, ১৯৯২, চৰকাৰী নীতি-নিৰ্দ্দের্শনাই সংখ্যালঘু জাতি, জনজাতি আৰু গোট সমূহৰ সুকীয়া লিপি, ভাষা, ধর্ম, সংস্কৃতিৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা প্ৰদান কৰিছে। ধৰ্ম অথবা ভাষাৰ ভিত্তিত শিক্ষামূলক, সাংস্কৃতিক আৰু সামাজিক সংখ্যালঘু অনুষ্ঠান প্রতিষ্ঠান স্থাপন কৰি আৰ্থিক অনুদান-মঞ্জুৰী লাভৰ অধিকাৰ প্ৰদান কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে ভাৰতীয় সংবিধানৰ ৩৪২ ধাৰাত চৰকাৰৰ দ্বাৰা নিৰ্দ্ধাৰিত চৰ্ত, মাপকাঠি, যোগ্যতাৰ ভিত্তিত কোনো জনজাতিক, চৰকাৰীভাৱে প্ৰস্তুত কৰা অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰি সাংবিধানিক ৰক্ষণাবেক্ষণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ ব্যৱস্থা প্ৰদান কৰা হয়। অনুসূচীত জনজাতিৰ তালিকাভুক্ত হ’বলৈ হ'লে, অনুসূচীত জনজাতিৰ তালিকাৰ বাহিৰত ৰৈ যোৱা জনজাতিসকলৰ আদিম লক্ষণ, সুকীয়া আৰু পাৰ্থক্যসূচক সংস্কৃতি, একীভূত ভৌগোলিক অৱস্থান, অন্যান্য সম্প্ৰদায়ৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত লাজুকীয়া স্বভাৱ আৰু পিছপৰা তথা অনুন্নত অর্থনীতি থাকিব লাগিব। নির্দিষ্ট পৰিসংখ্যাৰ তথ্য আৰু চৰ্তবোৰ পুৰণ সম্পর্কে চৰকাৰী চৰজমিন তদন্ত আৰু সমীক্ষাত প্রতিষ্ঠিত হ'ব।

স্বাক্ষৰকাৰীসকলে বিবৃতিটোত আহোম জাতিৰ সুকীয়া লিপি, ভাষা, ধৰ্ম, সংস্কৃতিৰ পৰিচয় হিচাবে তেওঁলোকৰ মাজত জন্ম, বিবাহ, মৃত্যুৰ অনুষ্ঠান, উৎসৱ-পাৰ্বণ, সকাম-নিকাম, পুজা-অৰ্চনা, বন্দনা-প্রার্থনাত আহোম ভাষাতেই জপ-মন্ত্র, নাম পদ, গীত-মাত গাই শপত, শীল, আশীৰ্বাদ ল'বলৈ সকলো স্তৰৰ আহোম ৰাইজৰ প্রতি আহ্বান জনাইছে। ৰাইজলৈ, প্ৰতিটো পৰিয়ালৰ মাজত পুৱা-গধূলি কিছু সময় দহোবন কাটি কৰি সমূহীয়াভাৱে বন্দনা-প্রার্থনা নীতিগত ৰূপত আয়োজন কৰিবলৈও গোহাৰি জনাইছে।

স্বাক্ষৰকাৰীসকলে বিবৃতিটোত আহোম ৰাইজলৈ চাৰি বছৰৰ ওপৰ ল'ৰা ছোৱালীয়ে ঘৰুৱা শিক্ষাৰ অংগ হিচাবে আহোম লিপিৰ পৰিচয়, বিভিন্ন বন্দনা প্রার্থনা, গীত-মাত কণ্ঠস্থ কৰা, অভ্যাস কৰাৰ দিহা কৰিবলৈ উপদেশ আগবঢ়াইছে। আহোম পণ্ডিতৰ লগত যোগাযোগ কৰি প্ৰতিটো পৰিয়ালত মাজে-সময়ে, সুবিধা অনুসৰি, আহোম ধৰ্ম-শাস্ত্ৰৰ পাঠ-কীৰ্ত্তন কৰাৰ ব্যৱস্থা কৰিবলৈ সকলো গৃহস্থৰ প্রতি অনুৰোধ জনাইছে।

বিবৃতিটোত স্বাক্ষৰকাৰীসকলে কণ কণ ল’ৰা-ছোৱালীৰ মনত মৈত্রী ভাৱ, নৈতিক-আদর্শ গঢ়ি তোলাৰ উদ্দেশ্যেৰে ঘৰত জীৱ-জন্তু, নৰবলিৰ দেও ভূত, দেৱ-দেৱীৰ মূৰ্ত্তি বা ছবি নেৰাখিবলৈ আৰু এনে হিংস্র দেও-ভূত, দেৱ দেৱীৰ নামেৰে মানুহৰ নাম নথ’বলৈ ৰাইজলৈ আৱেদন জনাইছে। তেওঁলোকে ঠিক সেইদৰে হিংসা, যুদ্ধ, প্ৰতাৰণা, পশ্চাৎঘাটি কাৰ্য্যৰে নিজস্ব মতাদর্শ প্রতিষ্ঠা কৰিবলৈ বিচৰা কাব্য, নাটক, কাহিনীৰ ত্রাস সৃষ্টিকাৰী নায়ক-নায়িকা, চৰিত্ৰৰ নামেৰেও মানুহৰ নামকৰণ নকৰিবলৈ বিবৃতিটোত আহোমসকললৈ অনুৰোধ জনাইছে।— দৈনিক অসম ২৮-১-২০০৮; আন আন দৈনিক বাতৰি কাকত।
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧