Ad

Ad Space

Slider

সাম্প্ৰতিক সময়ত টাই আহোমৰ উত্তৰণত যুৱ প্ৰজন্মৰ চিন্তাচর্চা, কৰ্ত্তব্য আৰু দায়িত্ববোধঃ

1
সাম্প্ৰতিক সময়ত টাই আহোমৰ উত্তৰণত যুৱ প্ৰজন্মৰ চিন্তাচর্চা, কৰ্ত্তব্য আৰু দায়িত্ববোধঃ

                                                                                                                      
                                                                                                            ✍️  ৰানা মহন বৰুৱা (আইল্যুঙ খাম)
            আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে স্বকীয় বৈশিষ্ট্যৰ ৰক্ষণা-বেক্ষন তথা উত্তৰণৰ হকে দেহে কেহে আগবাঢ়ি আহিছে। প্রত্যেকেই নিজক চিনাকী দিয়াৰ জোৰদাৰ সংগ্ৰামত নামি পৰিছে। কিন্তু কুটিল ৰাজনৈতিক পাকচক্ৰত পৰি মানুহ অবাটে যোৱাৰ বাবে বহু জাতি সত্বাৰ আপুৰুগীয়া, যাউতিযুগীয়া কৃষ্টি সংস্কৃতি আজি কালৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে৷ আপোন ৰীতি-নীতি, পৰম্পৰা আদি সকলো বিসর্জন দি এচামে পৰক আদৰিলোৱাৰ ঢৌত উটি-ভাঁহি ফুৰিছে। এনে এক জটিল সন্ধিক্ষণত হিংসা, সন্ত্রাস, ভেদাভেদৰ প্ৰাচীৰ ভাঙি যি সকলে স্বকীয় বৈশিষ্ট্য ৰাজিক ৰাখিবলৈ মাৰ বান্ধি আগবাঢ়ি আহিছে – এইয়া অত্যন্ত সময়োগযোগী। নিজা কৃষ্টি সংস্কৃতিৰ ধ্বজা উৰুৱাই ইজনে সিজনৰ বুকুত মৰমৰ চেনেহৰ বান্ধোনেৰে সম্প্ৰীতি সাঁকো গঢ়িলেহে এই ম্যুঙ ডুন চুন খাম তথা অসমলৈ শান্তি আৰু সমৃদ্ধি ঢল নামি আহিব।

টাই আহোমৰ কালজয়ী সভ্যতা-সংস্কৃতিৰ উত্তৰণৰ অৰ্থে বহুকেইটা আহোম সংগঠনে বিভিন্ন দিশত প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। তথাপি কোনখিনিত কেৰোণ ৰৈ গৈছে – য’ত নেকি এতিয়াও আমি লক্ষ্যউদ্দেশ্যত উপনীত হ’ব পৰা নাই। কিয় আজি পর্যন্ত আহোম তথা অসমীয়াৰ অন্তৰ এডাল সূতাৰে বান্ধি একেখন মঞ্চত থিয় কৰাব পৰা নাই, ধর্মীয়, ৰাজনৈতিক অথবা সামাজিক আদি সকলো দিশতে ক্ৰমাত এজন আনজৰ পৰা আঁতৰিহে গৈছে কিয়? যি আহোমে গৌৰৱোজ্জ্বল ছশ বছৰীয়া ৰাজত্বৰে সোনালী অধ্যায়ৰ বুৰঞ্জী ৰচনা কৰি গ’ল – আজি সেই মহান জাতিসত্বাৰ উত্তৰ-সুৰীৰ মন মগজুত জাতিটোক আগুৱাই নিয়াৰ শক্তিখিনিও নিঃশেষ হৈ গ'লনে? এনেবোৰ কথাই স্তম্ভিত কৰি তোলে! এনে সমস্ত বিষয়ত দকৈ ফঁহিয়াই চালে কিছুমান অসাৰতা স্পষ্টকৈ দেখা পোৱা যায়। প্রকৃতপক্ষে চূড়ান্ত সত্যটো হ’ল – সুস্থভাৱে জাতিটোক প্রতিনিধিত্ব কৰিব পৰাকৈ কোনো এটা আহোম সংগঠনেই সক্ষম হোৱা দেখা নগ'ল। এনে বহু সংগঠনৰ নেতৃবৃন্দৰ প্ৰধানকৈ অধ্যয়নশীলতাৰ অভাৱ আৰু ত্যাগৰ মনোভাৱতকৈ উচ্চ পদবীত বহি সুযোগ সুবিধা আঁজুৰি ধন ঘটাৰ লালসা। আনে কোৱা কথা ভাটৌৰ দৰে আওঁৰাই কিন্তু নিজৰ বুৰঞ্জীৰ পাতখিলা লুটিয়াই চাবলৈ অথবা ভাষা সংস্কৃতিৰ বিষয়ে অধ্যয়ন, চৰ্চা কৰিবলৈ তেৰা সৱৰ মন আৰু সময় দুয়োটাৰে অভাৱ। বহুতে দুটামান সাৰুৱা কথা কেইটামান টাই ভাষাৰ শব্দ বীৰদৰ্পে উচ্চাৰণ কৰি লেক্‌চাৰৰ ফুলজাৰি মাৰি সংগঠনৰ লিডাৰ গিৰি কৰে আৰু নিজৰ ছাল বাকলি ৰঙীন কৰে ৷ দুৰ্ভাগ্যৰ কথা এনে পাবত গজা আহোম চেলাই ফুৰাবোৰৰ কাৰণে প্ৰকৃত আহোম চেন্টিমেন্ট লৈ আগবাঢ়ি অহা নবীন সকল দুখোজ পিছুৱাই যাব লগা হয়। নেতা সকলেই যদি উপযুক্ত শিক্ষাৰে শিক্ষিত নহয় তেন্তে তেওঁলোকে জাতিটোক সুস্থ সবল ৰূপত পৰিচালিত কৰি আগুৱাই নিয়াৰ সলনি বিপথে নি সবংশে ধ্বংস কৰাৰ সম্ভাৱনাহে অধিক। এইয়া সমগ্ৰ আহোমৰ বাবে চৰম দুৰ্ভাগ্যজনক বিষয়।

        টাই ভাষাৰ সংস্কৃতিৰ বিশালতা ইয়াৰ প্ৰাণপ্রাচুর্যতা সাগৰ সদৃশ। যাৰ দ্বাৰা টাই মঙ্গোলীয় সকল নিজস্ব গৰিমাৰে বিশ্বত জিলিকি আছে।( কিন্তু টাই আহোমৰ বেছিভাগেই নিজৰ মহত্ব অনুধাৱন কৰি স্ব-কৃষ্টিক উত্তৰণ ঘটোৱাৰ সলনি, পৰধৰ্মত মজিবলৈ অন্ধৰ দৰে হেতা-ওপৰা কৰা দেখা যায়। ধৰ্মৰ নামত উটিভাহি  গৈ আপোন বংশ পৰিয়ালক ঘিনা কৰে। অচিন অজানাক বুকুৰে আদৰি নিজকে ধোৱা তুলসীপাত সজায়। সেই সকল প্রকৃততেই পিতৃ পৰিচয়হীন। তেওঁলোকে নিজকে ‘জাৰজ' বুলি কবলৈ কুণ্ঠাবোধ কৰিব নেলাগে।) ইয়াৰ মাজতো আমাৰ সৌভাগ্য যে বর্তমান ঠায়ে ঠাচে নতুন পুৰুষসকল জাগি উঠিছে। তেওঁলোকে অন্তঃকৰণে, সাহসী পদক্ষেপলৈ ত্যাগৰ মনোভাৱেৰে প্ৰগতিৰ পথত খোজ আগবঢ়ালেহে সঁচা অৰ্থত জাতিটোৰ উন্নতি আৰু সমৃদ্ধি আশা কৰিব পাৰি। এইক্ষেত্ৰত তেওঁলোকে কিছুমান বিশেষ স্পর্শকাতৰ দিশৰ ওপৰত গভীৰভাৱে গুৰুত্ব আৰোপ কৰিল লাগিব। প্রধানতঃ 


টাই ভাষা-সংস্কৃতিৰ অধ্যয়নঃ 
                    ভাষা সংস্কৃতিয়েই হ'ল জাতি জনগোষ্ঠী এটাৰ মূল চালিকা শক্তি আৰু শিক্ষাৰ অবিহনে মানুহে কেতিয়াও প্ৰগতিৰ বাটেৰে খোজ দিব নোৱাৰে। আমি বিদ্যায়তনিক বিষবোৰত শিক্ষিত হোৱাৰ লগে লগে স্ব-ভাষা- কৃষ্টিৰ ওপৰতো পূৰ্ণগতিত অধ্যয়ন চলালেহে ইয়াৰ মাজত অন্তর্নিহিত সকলো কথাৰ সম্ভেদ আৰু সুস্থ ৰূপত ইবোৰৰ বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াবলৈ সক্ষম হ'ব পৰা যাব। অধ্যয়নৰ অবিহনে সকলো অর্থহীন। প্রনিধানযোগ্য যে, বিদ্যায়তনিক দিশত আনুষ্ঠানিক শিক্ষাৰ অভাৱৰ বাবে টাই ভাষাৰ ওপৰত বিস্তৰ জ্ঞান থকা স্বতেও পূর্বতে বহুজন টাইপণ্ডিতে দিয়া পুৰণি সাঁচিপতীয়া পুথিৰ অনুবাদবোৰত ভুল ৰৈ যোৱাটো স্বাভাৱিক। এতিয়াও এনে বহু পুথি পাঁজি আছে যিবোৰৰ মাজত লুকাই থকা তথ্যৰাজি আজিও উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই। এইবোৰৰ অৰ্থোদ্ধাৰে জাতিটোক আৰু এখাপ ওপৰলৈ উন্নীত কৰিব। এই চেগতে টাই আহোম যুৱ-বন্ধু সকললৈ বিদ্যায়তনিক বিষয়ৰ শিক্ষাৰ লগতে টাই ভাষা সংস্কৃতিৰ ওপৰত নিষ্ঠাৰে অধ্যয়ন ৰাখিবলৈ হাৰ্দিক আহবান জনালোঁ। বহু সময়ত উচ্চ শিক্ষিত যুৱক যুৱতীয়েও নিজৰ ভাষা সংস্কৃতিৰ বিষয়ে অধ্যয়ণ কৰাৰ কথা ক'লে বিৰূপ মন্তব্য দিয়ে। নিজকে আহোম বুলি ক'বলৈ লজ্জাবোধ কৰে। তেতিয়া ভাৱ হয় তেওঁলোকে অন্য ভাষা কৃষ্টিৰ বিষয়ে বহু অভিজ্ঞ হৈয়ো নিজৰ খিনিৰ বিষয়ে জানিবলৈ ইচ্ছুক নহয় কিয়? টাই সংস্কৃতিত গৱেষণা কৰিবলৈ থেচিচ লিখি। ডক্টৰেট ডিগ্ৰী ল’বলৈ অজস্র বিষয় আৰু সমল আছে। অথচ উচ্চ-শিক্ষিত সকলে পোনে পোনে আনলৈহে ঢাপলি মেলে। আমি এই দিশত অলপ কষ্ট কৰিলে নিজৰ লগতে জাতিটোৰ হকেও বহু কিবা কৰা হ’ব। লাগে মাথো নিজস্বতাক ভালপোৱা আৰু উত্তৰণৰ ঘটোৱাৰ এক সুস্থ সবল মন। অন্যহাতেদি টাই ভাষাৰ প্ৰচলনৰ অৰ্থে চৰকাৰে অসমৰ সাতখন জিলাত নগন্য সংখ্যক প্রাথমিক বিদ্যালয়ত ১৯৯৪ চনতে যি ২০০ (দুশ) শিক্ষক নিযুক্তি দিলে তাতে আমি উৎফুল্লিত হৈ শান্তি লভিলে নহ'ব৷ বাস্তৱত এই প্রক্রিয়া কণা হাঁহক পতান ধান দিয়াৰ দৰেহে হ'ল। পৰ্যালোচনা কৰি চালে দেখা পোৱা যায় যে, ইয়াৰ যোগেদি প্রকৃত পক্ষে টাই ভাষাৰ প্ৰসাৰতাত বিশেষ সফলতা অহা নাই ৷ দৰাচলতে স্কুল পৰ্যায়ৰ পৰাই (টাই আহোম) ছাত্র-ছাত্রীয়ে বিশেষকৈ টাই ভাষা সংস্কৃতিৰ শিক্ষা, ভূগোল আৰু বুৰঞ্জী উধ্যয়ণ কৰাটো বাধ্যতামূলক কৰি এই শিক্ষাৰ বাবে বিশেষ সুবিধা উচ্চতৰ মাধ্যমিক তথা স্নাতক মহলা পর্যন্ত উন্নীত কৰিব লাগে৷ ইয়াৰ বাবে ত্রুতিমুক্ত পাঠ্যপুথিৰ প্ৰণয়ন, শিক্ষক নিযুক্তিৰ সু-ব্যৱস্থা কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাব লাগিব। তাৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা টাই ভাষাৰ ডিপ্লমা ব্যৱস্থাক উন্নীত কৰি স্নাতকোত্তৰ সমপৰ্যায়ৰ কৰিব পাৰিলেহে ই ফলপ্ৰসু হ’ব। আৰু তেতিয়াহে টাই ভাষা সংস্কৃতিৰ প্ৰকৃত মূল্যায়ন ঘটিব। গতিকে যুৱশক্তিয়ে সু-শিক্ষা, সুচিন্তা চৰ্চাৰে   নিষ্ঠা আৰু আন্তৰিকতাৰে খোজ দিলেহে এই মহৎ কাৰ্য সমাধা হৈ উঠিব বুলি আশা কৰিব পাৰি।

ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ গুৰুত্বতা:
     টাই ধৰ্মীয় পৰম্পৰা তথা বিভিন্ন ধর্মীয় বিধিবিধানবোৰ বিভিন্নজন বুদ্ধিজীৱীয়ে মন্তব্য দিয়াৰ দৰে কেৱল আধ্যাত্মিকতা আৰু অন্ধবিশ্বাসৰ মাজতে আৱদ্ধ নহয়। বৰঞ্চ ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী মন কৰিবলগীয়া। টাইবেদ “পেঞ কা কা”ৰ দৰ্শন, বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কে দিয়া ব্যাখ্যা আজি বিজ্ঞানে দিয়া সৃষ্টিতত্বৰ ব্যাখ্যাৰ সৈতে মিলি যোৱাটো বৰ লক্ষনীয় বিষয়। তাৰোপৰি ফুৰালুং, পয়কিন অন মও (ন খোৱা) চকলং, মে-ডাম-মে-ফী আদি ধর্মীয় উৎসৱ অনুষ্ঠান পালনৰ যুক্তিযুক্ততা আছে। প্রাসঙ্গকিতা আৰু নতুনত্ব আছে। কিন্তু আমি নিজে ইয়াৰ মহত্ব হৃদয়ঙ্গম নকৰি বিচাৰ বিশ্লেষণ কৰি নোচোৱাকৈ নিজৰবোৰ দলিয়াই আনৰখিনিহে ভাৱ বুলি আঁকোৱালি একান্ত ভকতি গদ্‌গদ্‌ হওঁ। সকলো জলাঞ্জলি দিওঁ। জাতিটোৰ এনে ভাঙোনমুখীতাই গোটেই গঠন প্রক্রিয়াতেই বিস্তৰ ক্ষতি সাধন কৰিছে। এই দিশত প্ৰধানকৈ পৰম সচেতনতাৰে বিজ্ঞবান সকলে টাই ধৰ্মীয় পৰম্পৰা পালনৰ প্রাসঙ্গিকতা, ইয়াৰ উপযুক্ত বিজ্ঞানসন্মত বিশ্লেষণ ৰাইজৰ আগত নিষ্ঠা আৰু সততাৰে দাঙি ধৰিব লাগে। যুগৰ লগত খাপখোৱাকৈ ভালখিনি গ্ৰহণ কৰি বেয়াখিনি আঁতৰাই পৰধৰ্মত ব্ৰতী হৈ থকা জ্ঞাতীবৰ্গক আন্তৰিক আদৰণি জনাব লাগিব। ঠায়ে ঠায়ে জাতীয় সজাগতা সভা অনুষ্ঠিত কৰি আমাৰ ৰাইজৰ মাজত আস্থাৰ ভাৱ গঢ়ি তুলিব পৰাকৈ কাৰ্যব্যৱস্থা ললে টাই ধর্মীয় দর্শনে এক বলিষ্ঠ ৰূপত উদ্ভাসিত হৈ সমাদৰ লাভ কৰিব। অত্যধিক ধর্মীয় গোড়ামি জলাঞ্জলি দি নতুন চিন্তাৰে ভৱিষ্যত প্ৰজন্মৰ মঙ্গলার্থে অগ্ৰসৰ হ’ব লাগিব।


  সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন

সততে বিভিন্ন উৎসৱ পাৰ্বনৰ লগত সংগতি ৰাখি টাই ভাষা সংস্ক-তিৰ উত্তৰ মূলক বিভিন্ন সাংস্কৃতিক প্রতিযোগিতা যেনে টাই ভাষাৰ গীত-মাত, নৃত্য, স্বৰচিত কবিতা (টাই) আবৃত্তি, কবিতা পাঠ, পুৰণি কীৰ্তিচিহ্নৰ ওপৰত চিত্ৰাংকন আদি বিভিন্ন প্রতিযোগিতা অঞ্চলে অঞ্চলে অনুষ্ঠিত কৰি এক সাংস্কৃতিক বিপ্লৱ গঢ়ি তোলাৰ দৃঢ় প্রসায় কৰিব লাগিব যুৱশক্তিয়ে। ইয়াৰ যোগেদিহে প্ৰকৃততে জাতিটোক মহত্ব প্রদান কৰাৰ লগতে বিসাল ঐতিহ্যতাৰ এক সু-স্পষ্ট চিত্র বিশ্ব দৰবাৰত দাঙি ধৰিব পৰা যাব। ইয়াৰ বাবে ঠায়ে ঠায়ে প্রশিক্ষণ মূলক অনুষ্ঠান, কর্মশালা আদি অনুষ্ঠিত কৰি সুপ্ত প্ৰতিভাক জগাই তোলাৰ বিশেষ দায়িত্ব টাই আহোম সংগঠন সমূহে ল'ব লাগিব।

     Also Read - আহোম ভাষাতেই বন্দনা-প্রার্থনা কৰিবলৈ আহ্বান                                            

 জাতীয় সাজপাৰ পৰিধান

বিভিন্ন উৎসৱ পার্বন, মাঙ্গলিক কার্য, সাংস্কৃতিক কর্মসূচী, সভা-সমিতি আদিত জাতীয় সাজপাৰ পৰিধান কৰি আমি গৌৰৱবোধ কৰিব লাগে। নাৰী-পুৰুষ উভয়ে জাতীয় সাজপাৰৰ মৰ্যদা অক্ষুন্ন ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। সাধাৰণতে দেখা যায় খোদ পণ্ডিত পুৰোহিত সকলৰেই কিছুমানে চাপকনৰ সলনি পাঞ্জাবী চোলা পিন্ধি বিভিন্ন মাঙ্গলিক কার্যত ভাল লয়। ই অত্যন্ত অশোভনীয় আৰু সংস্কৃতিৰ পৰিপন্থী। এনে চৰম ভুলৰ শুধৰণি কৰি বিভিন্ন অনুষ্ঠান পর্ব আদিত মলুঙসকলৰ লগতে নাৰী-পুৰুষ প্রত্যেকেই জাতীয় সাজপাৰ পৰিধান কৰাত বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ ফলত অনুষ্ঠানটিৰ গাম্ভীর্যতা, স্বকীয়তা প্রকাশিত হৈ উঠাৰ লগতে ইজন সিজনৰ মাজত আন্তৰিকতাপূৰ্ণ ভাল দুগুনে বৃদ্ধি পাব।

 পুৰণি কীৰ্তিচিহ্নৰ যথোপযুক্ত সংৰক্ষণ:

ছশ বছৰীয়া আহোম যুগৰ যাউতীযুগীয়া কীৰ্ত্তিচিহ্নবোৰ আপুৰুগীয়া সম্পদ সমূহৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা নোহোৱাত সেইবোৰত খহনীয়া হ’ব ধৰিছে। সভাই সমিতিয়ে এইবোৰ আমাৰ বুলি চিঞৰি আমি গৌৰৱ কৰো, কিন্তু ইয়াক নজহা-নপমাকৈ। জীয়াই ৰখাৰ ক্ষেত্ৰত কিমান খাটিছোঁ। চাৰইদেওৰ মৈদামৰ খনন কাৰ্য চলিল, কিন্তু ইয়াৰ ৰক্ষণা-বেক্ষণ নহ'ল। এনে বহু মৈদাম এতিয়াও চিনাক্ত কৰিবলৈ বাকী আছে। উপযুক্ত পদক্ষেপ নাই। অতিকে দুর্ভাগ্যৰ কথা হ’ল যি সকল পুলিন পুথাও মহান চাওফাক শ্ৰদ্ধাৰে সোঁৱৰি চৰাইদেউ অথবা অন্যস্থানত অৱস্থিত মৈডাম বোৰক পূণ্যস্থলী বুলি জ্ঞান কৰো সেই মৈদামৰ ওপৰত উঠি এচামে মাতালামি কৰে, অশ্লীল চিঞৰ বাখৰ কৰি দপদপাই ফুৰে। অথচ আমি লজ্জিত নহওঁ, চকু কান বন্ধ কৰি ৰং চাওঁ। দুস্কৃতিকাৰীৰ বেদখলত প্রতিবাদ নকৰি হাত সাৱটি বহি থাকিলে সমস্যা সমাধান হ'বনে? পুৰণি পুথি পাঁজি তথা অন্যান্য সম্পদ সংৰক্ষণৰ নামত শিৱসাগৰ টাই যাদুঘৰত উন্নত পদ্ধতিৰে আপুৰুগীয়া সম্পদবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছেনে!  কিমোন উন্নত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হৈছে। এনে কীৰ্ত্তিচিহ্নৰ দৰ্শনত নিতৌ যথেষ্ট পৰিমাণৰ ধন সংগ্ৰহ হয়। এই ধনৰ কিমান সদ ব্যৱহাৰ হৈছে। চৰকাৰক এইবোৰৰ ৰক্ষণা-বেক্ষণৰ অৰ্থে ব্যৱস্থা ল’বলৈ আমি কিমান সচেষ্ট হৈছো৷ দুখৰ বিষয় এনেবোৰ দিশত আমাৰ প্ৰকৃত সজাগতা এতিয়াও অহা নাই। এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহনেৰে আমাৰ সম্পদৰ সুৰক্ষা দিবলৈ আটায়ে বদ্ধ পৰিকৰ হ’ব লাগিব। অন্যথাই এইবোৰ কালৰ বুকুত নিঃশেষ হ’বলৈ বেছি পৰ নাই।

 কৰ্ম সংস্কৃতিৰ অভাৱ :

শ্ৰমৰ প্ৰতি অনীহা, সহজলভ্য ধনৰ প্ৰতি লিস্পাৰ বাবেই মূলতঃ লাচিত, মূলা, জয়মতী দেশৰ তেজাল সন্তানৰ বুকুত আজি চৰম দূর্বলতা, অসাৰ্তাই বাহ লৈছে। শ্রমেই সফলতাৰ মূল চাবিকাঠি। যুৱ বন্ধুসকলে শ্ৰমমুখী ভাৱৰ উত্তৰণ ঘটাই কৰ্ম সংস্কৃতিৰ সাধনাৰে প্ৰত্যেকেই নিজকে আগবঢ়ায় নিব লাগিব। বর্তমান গাওঁবোৰতো “ইজিমনি”ৰ ধান্দাই পাহোৱাল ডেকাবোৰৰ মনত ৰঘুমলাৰ দৰে খোপনি পুতি ধৰিছে। সু-চিন্তা চৰ্চাৰ অভাৱ ঘটিছে। শ্রম বিমুখতাই জীৱনলৈ অনীহা, মাদকদ্রব্য প্রতি আসক্তি বৃদ্ধি কৰিছে। হিংসা প্রতিহিংসা, ব্যভিচাৰ, সন্ত্রাসেৰে জৰ্জৰিত সমাজজীৱন বিধস্ত হৈছে। এই কালধুমুহা ৰুধিবৰ বাবে আজিৰ প্ৰজন্মই শ্ৰমৰ মৰ্যদা দিবই লাগিব। শ্রমে স্বাস্থ্য সজাগতা আনে। ঘৰতে উৎপাদন কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰাচুৰ্যৰ্তা বাৰীৰ চৌকাষত বতৰৰ ফলমূলৰ গছ বনৌষধি পয়োভৰেই টাই আহোম সকলৰ শাৰীৰিক তথা মানসিক সবলতাৰ মূল আকৰ তথা এক উৎকৃষ্ট নিদৰ্শনস্বৰূপ। কিন্তু আজি আমাৰ বাৰীবোৰ উদং হ’ল – মন উদং হ’ল। আহোম বীর্যহীন, ৰোগগ্ৰস্থ কেলেৱা যেন ছাল বাকলি নোহোৱা হ’ল। সু-স্বাস্থ্যইহে সুস্থ মন তথা চিন্তাৰ উত্তৰণ ঘটাব পাৰে। সেয়ে আমি শ্ৰমমুখী হ’বই লাগিব। শিক্ষিত হৈ চাকৰিৰ আশাত হাত সাৱটি বহি নাথাকি শ্ৰমৰ সাধনাৰে জীৱন গঢ়িবলৈ আগবাঢ়ি আহিব লাগিব নতুন সমাজ। কৰ্ম সংস্কৃতিৰ যোগেদিহে প্ৰকৃতাৰ্থত প্রগতি তথা সমৃদ্ধিৰ ক্ষেত্ৰখনত খোজ দিবলৈ সক্ষম হ'ব পৰা যাব। যুৱ শক্তিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।

বর্ত্তমান পশ্চিমীয়া সংস্কৃতিৰ প্রতি মানুহ ইমানেই প্রবল ভাৱে আকৃষ্ট হৈছে যে, ভাল-বেয়া বিচাৰ নকৰাকৈ কেৱল গ্ৰহণ কৰাতহে উত্ৰাৱল হোৱা দেখা গৈছে। ফলত নিজৰবোৰ খেদি বৰঘৰত আসন পাৰি বহিলেহি অপসংস্কৃতি। জোঁৰ পুৰি হাত পালেহি, পিছে এতিয়াও আমি তাহানিৰ ভাৱ সাগৰতে ডুবি আছো। কাল সলনি হ’ল। সময়ৰ আহবানত দৰাচলতে এক বিৰাট জাগৰণ আনিবলৈকে মূলতঃ জন্ম হোৱা টাই আহোম সংগঠন সমূহে এনে স্পর্শকাতৰ দিশবোৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বহুসময়ত কোনোৱে সংগঠনৰ বিষয়বাব লৈ উন্নতিৰ নামত লাখ লাখ টকা আত্মসাৎ কৰি জাতিটোৰ মূৰত কুঠাৰ ঘাপ মাৰিছে। দূর্নীতিত লিপ্ত হৈ সমগ্র জাতিসত্বাক ধ্বংস কৰাল গ্ৰাসলৈ ঠেলি দিছে। এনে জাতি বিধ্বংসী সকলক ৰাইজে চিনি উলিয়াই নচচা-শূলত অথবা ফটা মেখেলাৰ চিপজৰী দিয়াহে যুগুত হ’ব। তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা হেৰাল৷ এতিয়া ত্যাগী, নিকা-ভাৱমূৰ্ত্তিৰ সমৃদ্ধ বলিষ্ঠ কাণ্ডাৰী নেতৃত্বত টাই আহোমাৰ উত্তৰণৰ অৰ্থে সংগ্রামী পদক্ষেপেৰে সকলো আগবাঢ়িলেহে মুঙ ডুন চুন খাম উজ্জ্বলি উঠিব বিশ্বৰ প্ৰেক্ষাপটত।
1
( Hide )

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧