পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও দিলীপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া, যুটীয়া সম্পাদক চাও দিগন্ত তামুলী আৰু দীপজ্যোতি দুৱৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে সৌহাৰ্দ্যপূৰ্ণ সাক্ষাত কৰি অতিমাৰী ক'ভিড বিৰোধী যুঁজত চৰকাৰে গ্ৰহণ কৰা জন অংশগ্ৰহণ কাৰ্যসূচীৰ অংশ স্বৰূপে টাই আহোম যুৱ পৰিষদ ; অসম চমুকৈ টাইপাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৫১,০০০.০০ টকাৰ এক সামান্য বৰঙণি প্ৰদান কৰে।
লগতে টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান, প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্দ্ধন, চৰাইদেউ মৈদাম স্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবৰ বাবে পদক্ষেপ গ্ৰহণ, টাই ভাষাৰ শিক্ষক নিযুক্তি, ভূগোল আৰু বুৰঞ্জী বিষয়ক বাধ্যতামূলক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা, চাও ল্যুঙ চ্যুকাফাৰ নামত বিশ্ববিদ্যালয় স্থাপন, অসম সচিবালয়ত চ্যুকাফাৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি স্থাপন, চ্যুকাফা কলাক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যোৰহাট-মাজুলী আৰু দিচাংমুখ-ঢকুৱাখানা সংযোগী দুখন দলঙ নিৰ্মাণ, ঢকুৱাখনা-মাজুলী পথ আৰু ঐতিহাসিক ধোদৰ আলিক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰি পুনৰ নিৰ্মাণ কৰাকে ধৰি বহুকেইটা বিষয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীৰ সহাঁৰি অত্যন্ত আশাব্যঞ্জক।
Also Read -- তাই-আহোমক সংগঠিত কৰাৰ সমস্যা