Ad

Ad Space

Slider

চকলং, মলুং আৰু কিছু স্পর্শকাতৰ বিষয়

1

 চকলং, মলুং আৰু কিছু স্পর্শকাতৰ বিষয়

                                         নাঙ ধৰিত্ৰী গগৈ ফুকন

           স্বকীয় বৈশিষ্ট্যৰে জিলিকি থকা তাঈ আহোম সমাজখনত কিছুমান নীতি নিয়ম-পৰম্পৰা আছে যিবোৰ নীতি-নিয়ম-পৰম্পৰা পালনৰ যোগেদি আমি নিজকে তাঈ আহোম বুলি পৰিচয় দি ভাল পাওঁ। তেনে কিছুমান পৰম্পৰা হৈছে ৰিক খন, উম-ফা, ছাই-ফা, জাছিংফা, ফুৰালুং, বান-ফি, ডাম-ফি, “তাঈ আহোম বিবাহ পদ্ধতি - চকলং” আদি। চকলং মানেই এশ এগছি বন্তি জ্বলাই ফুৰা-তাৰাক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলা । অৱশ্যে আজিকালি চকলং বিবাহ কাৰোবাৰ বাবে হৈ পৰিছে প্ৰদৰ্শনকামী মনোভাৱৰ বহিঃপ্ৰকাশ আৰু কাৰোবাৰ বাবে জাতীয় আৱেগ। যিয়েই নহওক, চকলঙৰ যি আকর্ষণ সেয়া কোনেও নুই কৰিব নোৱাৰে। ত্তাঈ আহোমসকলৰ বিবাহপদ্ধতি “চকলং” বুলি আমি সকলোৱে জানো । খুনলুঙ-খুনলাইৰ দেউতাকৰ মোমায়েক লেঙ্-ডনৰ বিবাহো নাঙ্-হুন-ফাৰ লগত “চকলং” পদ্ধতিৰে হৈছিল। আজিকালি “চকলঙ”ৰ জনপ্ৰিয়তা বহুত বাঢ়িছে। আমাৰ উদীয়মান নঙচাইসকলে হয়তো মনত ঠিৰাং কৰি থৈছেই,

“চকলঙৰে প্ৰথাৰে তোমাক বিয়া কৰাই নিম, সেন্দূৰ নিদি তোমাক মই অন্তৰখনেই সঁপি দিম, আহিবানে ছেঙ-নাঙ্ অই মোৰেনো জীৱনলৈ, দুয়ো মিলি জাতিটোক লৈ যাম অলপ আগলৈ।”

ডেকাসকলক কৈছোঁ, অকল চকলং পাতিম বুলি ভাৱিলেই নহব। চকলং কৰিবলৈ কইনা লাগিব। কিন্তু কইনা নিৰ্বাচন কৰাৰ আগতে নিজৰ আৰু কইনাৰ কিছুমান তথ্য জনাটো অত্যন্ত জৰুৰী। শিক্ষাগত অৰ্হতা, সামাজিক মানসিকতা, জাতীয় চেতনা, কর্মদক্ষতা, আধুনিকতা আদিৰ লগতে দেখনীয়তাও বিবাহৰ এটা ধনাত্মক দিশ বুলি বহুতে বিবেচনা কৰে। কিন্তু বাহ্যিক দৃষ্টিৰে চোৱা এই যোগ্যতাৰ মাপকাঠিৰ বাহিৰেও এটা অতি স্পৰ্শকাতৰ দিশ বিবেচনা কৰি চাইহে মুখ্য কাৰ্য্যলৈ আগবাঢ়িব লাগিব। সেয়া হ'ল দুয়োপক্ষৰে বংশপৰিচয়।

আহোম মানুহৰ নিয়মমতে একে বংশৰ মাজত বিবাহ হোৱাতো নীতিবিৰুদ্ধ আৰু এনে কাৰ্য্য যদি কোনোবাই কৰেও তেওঁক সমাজবৰ্জিত কৰা হয়। দেওধাই-দেওধাইৰ মাজত, বুঢ়াগোঁহাই-দেওধাইৰ মাজত, বুঢ়াগোঁহাই বুঢ়াগোঁহাইৰ মাজত, মহন-মহনৰ মাজত, বৰগোঁহাই-মহনৰ মাজত, বৰগোঁহাই বৰগোঁহাইৰ মাজত, বাইলুঙ- বাইলুঙৰ মাজত, চেতিয়া-চেতিয়াৰ মাজত, সন্দিকৈ - সন্দিকৈৰ লগত, লাহন-লাহনৰ মাজত, কোঁৱৰ-কোঁৱৰৰ মাজত, চাউডাঙ চাউডাঙৰ মাজত, দুৱৰা-দুৱৰাৰ মাজত বা আন একে বংশৰ মাজত হোৱা বিবাহক কেতিয়াও কোনো কাৰণতে মানি লোৱা নহয়। সেয়ে প্রেমজনিত বিষয়ত আগবাঢ়িব খুজিলেও এই কথাখিনি গুৰুত্ব দিহে আগবঢ়া উচিত। নহলে পাছত গম পালে এৰিব-ধৰিব নোৱাৰা অৱস্থাত পৰি মানসিক অশান্তি ভোগ কৰিবলগা হয়। বহুতে প্রেমক উচ্চস্থান দি সমাজ তথা জাতিৰ নীতি-নিয়মক অৱহেলা কৰি বিবাহ কাৰ্য্য কৰিলেও পাছত গাৱঁৰ-সমাজৰ সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা হয়। বংশৰ বংশাৱলীতো তেনে মানুহক স্থান দিয়া নহয়। আহোম বুৰঞ্জীত এই কাণ্ডৰ শাস্তি কি হব তাকো বৰ্ণনা কৰা আছে। একে বংশৰ মাজত বিবাহ নোহোৱা কথাটোত বৈজ্ঞানিক কাৰণো জড়িত হৈ আছে। প্রথমজন বুঢ়াগোঁহাই দেওধাই বংশৰপৰা অনা আৰু প্ৰথমজন বৰগোঁহাই মহন বংশৰপৰা অনা বাবে তেওঁলোকৰ মাজত আজিকোপতি ককায়েক-ভায়েকৰ সম্বন্ধ প্ৰচলিত হৈ আছে।

     Also Read - আহোম ভাষাতেই বন্দনা-প্রার্থনা কৰিবলৈ আহ্বান                                            


আজিকালি “ৰামো নাই, অযোধ্যাও নাই” বাক্যশাৰীৰ দোহাই দি আহোম উদ্ধাৰ কৰিবলৈ অহা ধনী-সম্ভ্রান্ত মানুহেও কিন্তু এই কথাবোৰ মানিবলৈ নিবিচৰা দেখা গৈছে। ভিতৰুৱা কথা নজনাকৈ বা সম্ভেদ নোলোৱাকৈ কেতিয়াবা তেনে “চকলং” পাতিবলৈ মলুঙো যোৱা দেখা যায়। “চকলং” অনুষ্ঠানত পূৰ্বপুৰুষৰ বুৰঞ্জী কিয় কবলগীয়া হয়, এইবোৰ আমি ভাৱি চাব লাগিব। নহলে “চকলঙ”ৰ প্রাসঙ্গিকতা হেৰাই যাব ।

পৰিয়ালত কিবা অগ্রহণযোগ্য কাৰণ থকা মানুহে “চকলং” অনুষ্ঠানৰ বাবে পৰাপক্ষত নিজে মলুঙৰ লগত যোগাযোগ নকৰে। সমাজৰ এনে কিছুমান মানুহৰ হতুৱাই মলুং বন্দৱস্ত কৰায়, যিসকল ব্যক্তিক মলুংসকলে কোনো কাৰণতে অবিশ্বাস নকৰে। সেয়ে কেতিয়াবা তেনেদৰে বিশ্বাস কৰি মলুংসকল অসুবিধাত
পৰিবলগাও হয়। পাছলৈ তেনে মলুঙে “অর্থলোভী” বিশেষণ গাত পাতি লব লগাও হয়। এনেক্ষেত্ৰত এই অসুবিধাসমূহ আঁতৰ কৰিবলৈ মই ভাবো মলুংসকলে একত্ৰিত হৈ এটা নিয়ম অৱলম্বন কৰিব লাগে। বিভিন্ন সময়ত বিভিন্নজন ম লগত বন্ধুত্বসুলভ চিন্তাৰে মই এই বিষয়ে আলোচনাও কৰিছোঁ। কিন্তু সেই চিন্তাবোৰ এতিয়ালৈকে কাৰ্য্যকৰী হোৱাগৈ নাই।

যেতিয়া এজন মলুঙলৈ এখন চকলঙৰ দায়িত্বসহ নিমন্ত্ৰণ আহে তেতিয়া নিমন্ত্ৰণকাৰীক তেওঁ এখন প্ৰ-পত্ৰ পূৰাবলৈ দিব লাগে। প্ৰ-পত্ৰখনৰ প্ৰথম পৃষ্ঠাত চকলঙত বহিবলগা দৰা-কইনাৰ নাম-ঠিকনাসহ সবিশেষ লিখাৰ লগতে আনটো পৃষ্ঠাত চকলঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা আৰু মলুপ্তসকলৰ মাননিৰ বিষয়ে উল্লেখ থাকিব। প্ৰ-পত্ৰখন কেনেধৰণৰ হব লাগে তাৰ আৰ্হি ম‍ই তলত দি দিছোঁ। অৱশ্যে আলোচনামর্মে মলুং সমাজে প্রয়োজন অনুসাৰে এই আৰ্হিটো সম্পাদনা কৰি লব পাৰিব ।

“চকলঙ” বিবাহ অনুষ্ঠানৰ প্ৰ-পত্ৰ

১ম পৃষ্ঠা

১) দৰাৰ বিষয়ে -

ক)দাৰ নাম -

খ) দৰাৰ পিতৃৰ নাম -

গ) দৰাৰ দৌতিয়েকৰ নাম 

ঘ) দৰাৰ আইতাকৰ নাম-উপাধি

ঙ) দৰাৰ মাতৃৰ নাম-উপাধি

চ) দৰাৰ পুথাওয়েকৰ নাম

ছ) দৰাৰ এনায়েকৰ নাম-উপাধি

জ) দৰাৰ শিক্ষাগত অৰ্হতা

ঝ) দৰাৰ জন্ম তাৰিখ

ঞ) দৰাৰ বৃত্তি

ট) দৰাৰ ফোন নাম্বাৰ

ঠ) দৰাৰ পৰিয়ালৰ ব্যক্তিসকল

একেদৰে কইনাৰ সবিশেষ

২) কইনাৰ বিষয়ে
 ক) কইনাৰ নাম -

খ) কইনাৰ পিতৃৰ নাম

গ) কইনাৰ দৌতিয়েকৰ নাম

ঘ) কইনাৰ আইতাকৰ নাম-উপাধি

ঙ) কইনাৰ মাতৃৰ নাম-উপাধি

চ) কইনাৰ পুথাওয়েকৰ নাম

 ছ) কইনাৰ এনায়েকৰ নাম-উপাধি

জ) কইনাৰ শিক্ষাগত অৰ্হতা

ঝ) কইনাৰ জন্ম তাৰিখ

ঞ) কইনাৰ বৃত্তি

ট) কইনাৰ ফোন নাম্বাৰ

ঠ) কইনাৰ পৰিয়ালৰ ব্যক্তিসকল -

৩) দৰাৰ বৰ্তমানৰ ঠিকনা

৪) দৰাৰ পিতৃপুৰুষৰ ঠিকনা

৫) কইনাৰ বৰ্তমানৰ ঠিকনা

৬) কইনাৰ পিতৃপুৰুষৰ ঠিকনা

৭) মলুঙৰ লগত যোগাযোগকাৰীৰ নাম, ঠিকনা, ফোন নাম্বাৰ আৰু স্বাক্ষৰ

২য় পৃষ্ঠা :- চকলঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰী

১) সম্পূর্ণ পাত থকা ৪/৫ ফুট ওখ কলপুলি ৮ টা

২) ২ ফুট দীঘল কলৰ মধূনা এডোখৰ

৩) ৪ ফুটীয়া বাঁহৰ খুটি ৮ টা

৪) ৪ ফুটীয়া বাঁহৰ কামী এচটা

৫) কলপটুৱা দুখন

৬) ভাল কলপাত এমুঠা

৭) পাণ এমুঠা

৮) তামোল এপোণ

৯) চুটলি সূতা ৩৫০ গ্রাম

১০) ৰং গুড়ি - গুলপীয়া, ৰঙা, নীলা, হালধীয়া, সেউজীয়া, কলপতীয়া; প্ৰতিবিধৰ

৩০০ গ্ৰামকৈ

১১) বালিচন্দা ১০০ গ্রাঃ

১২) আটা ৩ কিঃ গ্রাঃ

১৩) পৰিষ্কাৰ বালি ৮টিং

১৪) সৰু মাটি চাকি ১১০ খন আৰু তিনিমুখীয়া ডাঙৰ এখন

১৫) শলিতাৰ বাবে ৪০ নং সূতা এমুঠি

১৬) মিঠাতেল ৪ লিঃ

১৭) ডালডা ২০০ গ্রাঃ ১৮) গৰু ঘিঁ ২০০ গ্ৰাঃ

১৯) গাখীৰ ২৫০ গ্ৰাঃ

২০) গুৰ ৫০ গ্ৰাঃ

২১) চেনী ৫০ গ্ৰাঃ

কি

২২) মৌ ৫০ গ্ৰাঃ

২৩) তিল ২৫০ গ্রাঃ

২৪) মাটিমাহ ২৫০ গ্ৰাঃ

২৫) ধূপ ৫ পেকেট

২৬) মজলীয়া মমবাতি ১ পেকেট (P

২৭) আখৈ ২০০ গ্ৰাঃ

২৮) আঢ়ৈ চাউল এখৰাহি

৩০) খুচুৰা পইচা ১০৭ টা

৩১) সকলো শৰাইত দিবলৈ মাননিৰ বাবে কিছু টকা

ক) মৰল মাননি শৰাই

খ) ৰভা খোলা শৰাই



গ) ঞা-পুলক জৰা শৰাই

ঘ) জ্ঞাতি ভকতৰ শৰাই

ঙ) কথা বুজনি শৰাই

৩২) হেংদান এখন

৩৩) গামোচা ৩ খন


৩৪) আঁহত গছৰ পাত বা বড় গছৰ পাত ২০ খিলা ৩৫) খালী শৰাই ৬ খন

৩৬) লোটা বা এৱাঁ টেকেলি এটা ৩৭) কড়ি গুটি ৬ টা

৩৮) কাঁহৰ কাঁহী ১খন

৩৯) টঙালি এখন

৪০) বিভিন্ন প্ৰকাৰৰ ফুল এখৰাহি

৪১) ফুলৰ মালা দুধাৰি, দৰা-কইনাৰ বাবে ।

৩য় পৃষ্ঠা

১) চকলঙৰ বাবে নিমন্ত্ৰিত তিনিজন মলুঙৰ অনা-নিয়াৰ সুব্যৱস্থা কৰি দিব নাইবা তাৰবাবে প্ৰয়োজনীয় খৰচখিনি দিব । 
২) চকলঙলৈ আমন্ত্ৰিত এজন মলুঙৰ যোৱাৰ প্ৰস্তুতিৰপৰা আৰম্ভ কৰি ঘূৰি আহি
টোপনি পূৰোৱা, কাপোৰ-কানি ধোৱা-পখলা কৰালৈকে ৩ দিন সময় খৰচ হয়। উক্ত তিনিদিনত ঘৰৰ কাম-কাজ প্ৰায়ে নহয় বুলিব পাৰি। সেয়ে তেওঁলোকৰ তিনিদিনৰ খৰচ হিচাপে দৰা-কইনা দুয়োঘৰৰ ফালৰপৰা মিলাই তিনিওজনকে অন্ততঃ সন্তোষজনক মাননি দিব লাগে ৷ কোনোবাই সামর্থ অনুসৰি বেছিকৈ দিবলৈ ইচ্ছা কৰিলে নিশ্চয় দিব পাৰিব। কিন্তু পৰাপক্ষত কেতিয়াও কমাই দিব নালাগে ৷ 


নিৰ্দিষ্ট মাননিৰে তামোল-পাণৰ শৰাইসহ তেওঁলোকক তিনিবস্ত্র প্রদান কৰি দৰা-কইনাসহ গৃহস্থই জনমিং লব লাগে ।

৪) মলুঙসকলক উপযুক্ত সময়ত চাহ-ভাতেৰে আপ্যায়ণ কৰিব লাগে ৷ প্রয়োজনসাপেক্ষে লাও (সাঁজ বা বিলাতী সুৰা) যোগান ধৰিব লাগে। নিয়মাৱলী :

ক) চকলঙৰ সময়ত দৰা-কইনাই পৰাপক্ষত তাঈ আহোমৰ জাতীয় সাজপাৰ

পৰিধান কৰা উচিত।

খ) চকলঙৰ সময়ত কইনাই সেন্দূৰ আৰু ওৰণি লোৱা অনুচিত
 
গ) চকলঙৰ সময়ত দৰাই মূৰত তুলসীৰ মালা পৰিধান কৰা অনুচিত। তাৰ সলনি মূৰত পাগুৰী মাৰিব লাগে। লগতে

ঘ) দুয়োপক্ষৰ বংশৰ বুৰঞ্জী পাৰিলে সাতপুৰুষলৈকে আৰু কমেও তিনি পুৰুষলৈকে
দৰা বা কইনা পক্ষই লৈ যাব পাৰিব। এই প্ৰ-পত্ৰখন পূৰণ কৰি যোগাযোগকাৰীৰ স্বাক্ষৰসহ ১ম পৃষ্ঠাটো মলুংজনৰ হাতত জমা দি ২য় আৰু ৩য় পৃষ্ঠা দুটা চকলং অনুষ্ঠিত কৰিবলগীয়া

কব লাগিব।www.taiahom.com

মলুঙসকলে বিভিন্ন প্রতিকূলতাৰ মাজতো পৰম্পৰা ৰক্ষাৰ বাবে অহৰহ সংগ্ৰাম কৰি কৰি আজিৰ এই সুন্দৰ দিনবোৰ আমাক উপহাৰ দিছে। ম‍ই মাননির কথা উল্লেখ কৰা বাবে বহুতে ভাৱিব আৰু কবলৈয়ো আৰম্ভ কৰিব “মলুঙসকলে পইচা ডিমাণ্ড কৰে” বুলি আচলতে কথাবোৰ তেনেকুৱা নহয়; এয়া মোৰহে মনৰ কথা। এজন প্রকৃত মলুঙে কেতিয়াও টকা ডিমাণ্ড কৰিব নিবিচাৰে। বহুতো ব্যক্তিয়ে তেওঁলোকক কামত ব্যৱহাৰ কৰি কাম শেষ হোৱাৰ পাছত বৰ দুঃখলগা অৱস্থাত এৰি গা এৰা দিয়ে। সেয়ে তেওঁলোকে কেতিয়াবা আগতীয়াকৈ খা খৰচৰ কথা কবলগীয়াত পৰে। ইতিমধ্যে বহু মলুঙৰ চকলং সম্পৰ্কে লাভ কৰা তিক্ত অভিজ্ঞতাৰ কথা ম‍ই প্ৰায়ে শুনিছোঁ। কিছুমান ঠাইত, কিছুমানৰ ঘৰত এনেকুৱাও হয় যে মলুঙসকলৰ খোৱা-বোৱাৰ কোনেও বিচাৰ নলয় বিয়া শেষ হোৱাৰ পাছত ৰৈ যোৱা অৱশিষ্ট খাদ্য যেনেতেনে খাই পেট ভৰাবলগীয়া হয়। এনেও তেওঁলোকে বিয়া শেষ কৰিয়ে খাদ্য গ্ৰহণ কৰে যদিও তেওঁলোকক অলপ যতনেৰে সুকীয়াকৈ সন্মানেৰে খাবলৈ দিব লাগে। আনহাতে বিদায়ৰ মুহূৰ্তত মাননি শৰাইত কিছুমানে খামৰ ভিতৰত গাইপতি মাত্র ১০০ টকাকৈয়ো দিয়া বুলি শুনা যায়। মৰল বনোৱাৰপৰা চকলং বেদীখন সুন্দৰকৈ সজোৱালৈকে তেওঁলোকৰ যি শাৰীৰিক পৰিশ্ৰম হয় আৰু যাতায়তৰ বাবদ যি খৰচ হয় তাৰ বিনিময়ত মাত্ৰ ১০০ টকাকৈ বা ৫০০ টকাকৈ দি মলুঙসকলৰ প্ৰতি যি অপমান প্ৰদৰ্শন কৰা হয় সেয়া সঁচাকৈয়ে আমাৰ তাঈ আহোম জাতিটোৰ বাবেই লজ্জাজনক। কেতিয়াও একো পাম বুলি আশা নকৰাকৈ কেৱল জাতীয় পৰিচয় ৰক্ষাৰ বাবে এনেদৰে ত্যাগ স্বীকাৰ কৰা মলুঙসকলৰ কথা যদি আমিয়েই নাভাৱো তেন্তে আন জাতি জনগোষ্ঠীৰ লোকে ভাৱি দিব বুলি জানো আশা কৰিব পাৰি? তেওঁলোকেতো পৰম্পৰা ৰক্ষাৰ ঠিকা লৈ থোৱা নাই যে নিজে অসুবিধাত থাকি হ'লেও এই কামবোৰ যিকোনো পৰিস্থিতিতে কৰি দিবলৈ বাধ্য হব। লাখটকীয়া পেণ্ডেল দি চকলং পাতি নিজৰ প্ৰতিপত্তি দেখুওৱা মানুহে মলুঙক দিব লগা সামান্যতম মাননি দিব পৰাকৈয়ো অক্ষম হব লাগেনে ? শান্তিপ্রিয় মলুঙসকলে কেতিয়াও এনে অন্যায়ৰ প্রতিবাদো নকৰে। ইয়াত ম‍ই সকলো মানুহকে দোষাৰোপ কৰিব বিচৰা নাই । কেৱল যিসকলে আমাৰ সন্মানীয় মলুংসকলৰ প্ৰতি এনে আচৰণ কৰিছে তেওঁলোকৰ কথাহে কৈছোঁ। অৱশ্যে মলুপ্তসকলৰ মাজত হয়তো দুই-এজন লুভীয়া মুখা পিন্ধা মলুং সোমাই নথকা নহয় । তেনে দুই-এজন লুভীয়া চিন্তাধাৰাৰ মলুঙৰ বাবে সমগ্ৰ মলুংসকলেই দোষৰ ভাগী হবলগা হয়। টকাৰ প্রলোভনত ভোল গৈ কোনোবাজনে হয়তো অসম্বন্ধীয়া বিবাহ একোখনকো স্বীকৃতি প্ৰদান কৰি মলুং সমাজলৈ বদনাম কঢ়িয়াই আনিছে। সেয়েহে মই “মহন-দেওধাই বাইলুঙ পণ্ডিত পৰিষদ”ক অনুৰোধ জনাব বিচাৰো যে আজি যিটো বিষয় মই আপোনালোকৰ লগতে সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈ ভৱিষ্যতে কি কৰা উচিত আপোনালোকে বিবেচনা কৰি খোজ আগবঢ়ালে নিশ্চয় সকলোৰে বাবে ভাল হব। তেনে কৰিলে যিকেইজন “টকা ডিমাণ্ড কাৰী মলুং আছে তেওঁলোকেও ভৱিষ্যতে তেনে কাম কৰাৰপৰা বিৰত থাকিব। তদুপৰি এখন চকলং অনুষ্ঠিত কৰাৰ পাছত উপস্থিত মলুংকেইজনৰ স্বাক্ষৰসহ সুন্দৰকৈ তৈয়াৰ কৰা একোখন “চকলং মেৰিজ চাৰ্টিফিকেট” দৰা-কইনাক প্ৰদান কৰিব লাগে।এই সমগ্র কামখিনি পৰিচালনা কৰিবলৈ সম্ভৱ হ'লে এখন “চকলং পৰিচালনা কমিতি” গঠন কৰি মহন-দেওধাই বাইলুং বংশৰ মলুংসকলৰ উপৰিও আন বংশৰ সকলো মলুঙকে সদস্যভূক্ত কৰি লব লাগে। মলুংসকলে প্ৰ-পত্ৰৰ যোগেদি যি তথ্য-পাতি লাভ কৰে সেয়া পঞ্জীয়ণ কৰি যাবলৈ আধুনিক কাৰিকৰী কৌশলৰ লগত পৰিচিত কোনো এজন যুৱকক দায়িত্ব দি তথ্যসমূহ মজুত ৰাখিব লাগে। কোনখন চকলঙলৈ কোন কোন মলুং গৈছিল নামসমূহ লিপিবদ্ধ কৰি যোৱাৰ লগতে চকলং বিবাহ পতা দম্পতীসকলৰ নাম-ঠিকনাও সংৰক্ষিত হৈ থাকিব। তেতিয়া আমি এটা সময়ত গৌৰৱেৰে উদাহৰণ দিব পাৰিম চকলং বিবাহ পতা বিভিন্ন স্থানৰ বিখ্যাত ব্যক্তিসকলৰ বিষয়ে। কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন স্থানত উচ্চ আসনত অধিষ্ঠিত বিভিন্নজন ব্যক্তিৰ নাম চকলঙৰ তালিকাত অন্তৰ্ভূক্ত হ'লে সেয়া আমাৰ বাবে সঁচাকৈয়ে অত্যন্ত গৌৰৱৰ কথা হব।

এইখিনিতে মলুংসকললৈয়ো মোৰ অনুৰোধ থাকিল তেওঁলোকে যেন চকলং বা আন যিকোনো অনুষ্ঠানলৈ দায়িত্বসহকাৰে যাবলগা হ'লে চুলি দাড়ী কাটি পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাৰ্টী হৈ ভাই আহোমৰ পৰম্পৰাগত সুন্দৰ সাজ পোছাকেৰে আকৰ্ষণীয় ৰূপত যায় । তদুপৰি অনুষ্ঠান পৰিচালনাৰ সময়ত বা তাৰআগতে লাওপানী বা বিলাতী সুৰা পাণ কৰাৰপৰা বিৰত থাকে। কাৰণ, মলুংসকলক কথাৰে বিপদত পেলাই ৰং চাবলৈ কিছুমান স্থানত এচাম মানুহ অহৰহ সক্ৰিয় হৈ থাকে । সেয়ে প্রতিজন মলুঙে নিজৰ নিয়মিত অধ্যয়ণ আগবঢ়াই যিকোনো স্থানতে, যিকোনো পৰিস্থিতিতে, যিকোনো ব্যক্তিকে যাতে সদুত্তৰ দিব পাৰে তাৰ প্ৰচেষ্টা চলোৱা উচিত । বাস্তৱ দৃষ্টিভঙ্গীৰে আৰু সৰ্বগ্ৰহণযোগ্যভাৱে প্ৰত্যুত্তৰ দি “ম-লুং“ শব্দৰ যি মৰ্য্যাদা সেয়া ৰক্ষা কৰাতো প্ৰতিজন মলুঙৰে গুৰুদায়িত্ব । ৰে গুৰুদায়িত্ব। জানা

• নিজৰ পৰম্পৰা ৰক্ষা কৰাতো প্ৰতিজন ব্যক্তিৰে দায়িত্ব। যিসকলে নিজে কায়িকভাৱে এই দায়িত্ব পালনত অসমর্থ বা সময়-সুবিধাৰ অভাৱত ভূগিছে, তেওঁলোকে আর্থিকভাৱে সহযোগ কৰি আমাৰ বিভিন্ন অনুষ্ঠান পালনৰ সময়ত সহায় কৰিব পাৰে। আমি সকলোৱে সমিলমিলেৰে এনেদৰে আগবাঢ়ি গ'লেহে ভৱিষ্যতে নিজৰ জাতীয় পৰিচয় বৰ্তাই ৰাখিব পাৰিম ।

শেষত, যাব নোৱাৰিলেও এখিলা “টুন-ৰুঙ-ৰাই”(আঁহত)ৰ পাতত খোদিত কৰা “চকলঙ্”ৰ নিমন্ত্ৰণী পত্ৰ পাম বুলি আশা কৰি মোৰ এই লিখনিটো বিবাহোপযুক্ত ডেকা-গাভৰুসকললৈ উপহাৰ দিলোঁ ।
www.TaiAhom.com
(মোৰ মনত অহৰহ ক্ৰিয়া কৰি থকা এটা বিষয় উপস্থাপন কৰিলোঁ। যদি তাৰবাবে ক'ৰবাত কিবা ভুল হৈছে তেন্তে মই ক্ষমাপ্রার্থী।)

1
( Hide )
  1. The interface of your website isn't good and is annoying. Why don't you guys use medium app for blogging? The interface of that app is good and easy and that's the app I use for blogging and the best thing is that it thanks in Google search better than blogger app.

    ReplyDelete

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧